• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হিন্দী ভাষা বাধ্যতামূলক কৰাৰ প্ৰচেষ্টা: সংবিধান উলংঘা কৰিছে নেকি বিজেপি চৰকাৰে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2022 7:41 pm
Hindi language row
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিসকলে হিন্দী ভাষা নকয়, তেওঁলোকে ভাৰত এৰি গুচি যাওক! কিছুদিন পূৰ্বে উত্তৰপ্ৰদেশৰ এগৰাকী কেবিনেট মন্ত্ৰী সঞ্জয় নিষাদে এইদৰে মন্তব্য কৰিছিল। মন্তব্যটোৱে ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে।

সম্প্ৰতি দেশজুৰি হিন্দী ভাষা বিতৰ্কই তোলপাৰ লগাই আছে। তোলপাৰ লাগিছে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত। আনকি বলিউড আৰু দক্ষিণ ভাৰতৰ চিত্ৰ তাৰকাসকলৰ মাজতো তীব্ৰ বাক-বিতণ্ডা চলিব ধৰিছে। সেয়ে চাও আহক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।

Apply Now

গৃহমন্ত্ৰী অমিত শ্বাহে বাৰম্বাৰ কৈ আহিছে যে সকলো ভাৰতীয়ই হিন্দী জনাটো দৰকাৰ। হিন্দী ভাষাত দখল থাকিলে ভাৰতৰ প্ৰান্তীয় ৰাজ্যসমূহৰ লোকসকলৰ বাবে উপকাৰী। তালৈ লক্ষ্য ৰাখি শৈক্ষিক পাঠ্যক্ৰমতো হিন্দী জাপি দিবলৈ চৰকাৰে যো-জা চলাই আছে।

মোদী চৰকাৰৰ মতে হিন্দী হৈছে ৰাষ্ট্ৰীয় ভাষা আৰু যিসকলে হিন্দী ভাষা নকয়, তেওঁলোক ভাৰতীয়ই নহয়। কিন্তু হিন্দী দেশৰ ৰাষ্ট্ৰীয় ভাষা হয় জানো? প্ৰকৃততে নহয়!

হিন্দী ভাষাক লৈ মোদী চৰকাৰৰ এই ব্যস্ততাই এটা ৰাজনৈতিক সমীকৰণৰ সূচনা কৰিছে। সেয়া হৈছে- হিন্দী, হিন্দু, হিন্দুত্ব। অৰ্থাৎ ভাৰত এখন হিন্দু ধৰ্মীয় লোকে বাস কৰা হিন্দুৰাষ্ট্ৰ।

এই হিন্দুৰাষ্ট্ৰত হিন্দী হৈছে ৰাষ্ট্ৰীয় ভাষা, প্ৰতিজন ভাৰতীয়ই এই ভাষা জানিবই লাগিব। অন্যথা তেওঁক দেশদ্ৰোহী হিচাপে গণ্য কৰা হ’ব। মূলতঃ হিন্দী ভাষাৰ বহুল ব্যৱহাৰ থকা উত্তৰ ভাৰতৰ হিন্দী লবীক সন্তুষ্ট কৰি ৰাখিবলৈকে মোদী চৰকাৰে এইধৰণৰ পৰিকল্পনা কৰিছে।

ইয়াৰ কাৰণ হৈছে উত্তৰ ভাৰতৰ বাদে বিজেপিৰ ভেটি ভাৰতৰ আন অঞ্চলসমূহত ঠুনুকা। তদুপৰি বিজেপিৰ হিন্দুত্ববাদৰো পীঠস্থান হৈছে উত্তৰ ভাৰত। তেনে পৰিস্থিতিত হিন্দী বলয়ক মোদী চৰকাৰে অগ্ৰাধিকাৰ দিয়াটোত আচৰিত হ’ব লগা নাই।

উত্তৰপ্ৰদেশৰ মন্ত্ৰীজনৰ বক্তব্যৰ পৰা সেয়াই পৰিস্ফূত হৈ পৰিছে। ই দেশৰ এটা অত্যন্ত পুৰণি স্পৰ্শকাতৰ সংঘাতক পুনৰ উদ্গণি জোগাইছে। সেয়া হৈছে ভাষিক সংঘাত। বিশেষকৈ উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজত হিন্দী ভাষাক লৈ দীৰ্ঘদিন ধৰি এই সংঘাত চলি আহিছে।

উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত প্ৰচলিত হিন্দী ভাষা হৈছে ইণ্ডো-ইউৰোপিয়ান ভাষিক গোষ্ঠীৰ অন্তৰ্গত সংস্কৃতৰ পৰা উদ্ভূত। তাৰ বিপৰীতে দক্ষিণ ভাৰতৰ ভাষাসমূহ ইণ্ডো-ইউৰোপিয়ান নহয়, তদুপৰি ই তামিল ভাষিক গোষ্ঠীৰ পৰাহে উদ্ভূত।

মধ্যযুগত সংস্কৃতৰ কাষ চাপি ই এটা নিজস্ব ৰূপ লয় যদিও দক্ষিণ ভাৰতৰ জনসাধাৰণে নিজৰ ভাষা-সংস্কৃতিক লৈ গৌৰৱ কৰে। এই ভাষা সংঘাট দক্ষিণ ভাৰতৰ আঞ্চলিক দলসমূহৰ ৰাজনীতিৰো অন্যতম চালিকাশক্তি।

কংগ্ৰেছ, বিজেপিকে ধৰি উত্তৰ ভাৰতৰ ৰাজনৈতিক দলসমূহে দক্ষিণ ভাৰতত সফল নোহোৱাৰ অন্যতম কাৰণ হৈছে হিন্দী ভাষা। স্বাধীনতাৰ দিন ধৰি উত্তৰ ভাৰতৰ ৰাজনীতিবিদসকলে হিন্দীক ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে ব্যৱহাৰ কৰিবলৈ দাবী উত্থাপন কৰি আহিছে।

আনকি উত্তৰ প্ৰদেশৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আৰ ভি ধুলেকাৰেও কৈছিল যে যিসকলে হিন্দী ভাষা নাজানে, তেওঁলোকে ভাৰতত বাস কৰাৰ অধিকাৰ নাই।

দেশৰ ওপৰত ভালদৰে জ্ঞান থকা যিকোনো নাগৰিকে জানে যে ভাৰত এখন বহুভাষী দেশ। দেশৰ সংবিধানত ভাষাৰ ওপৰত বিস্তৰ আলোচনা কৰা হৈছে।

কিন্তু সংবিধানত থকা অফিচিয়েল লেংগুৱেজ এক্ট ১৯৬৩ আৰু অফিচিয়েল লেংগুৱেজ ৰুলছ ১৯৭৬ত মুলতঃ হিন্দী ভাষাক সম্প্ৰসাৰণ কৰাৰ ওপৰতেই গুৰুত্ব প্ৰদান কৰি অহা হৈছে। দেৱনাগৰি লিপিত থকা হিন্দী ভাষাক ইয়াত গ্ৰহণ কৰা হৈছে।

চৰকাৰী কাৰ্যালয়সমূহত হিন্দী আৰু ইংৰাজীৰ প্ৰয়োগৰ বিষয়ে বিস্তৰভাৱে কোৱা হৈছে আইন দুখনত। অৱশ্যে হিন্দী ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত এই নিয়মাৱলীত তামিলভাষী তামিলনাডুক অন্তৰ্ভূক্ত কৰা হোৱা নাই।

এই আইনসমূহৰ দ্বাৰাই কেন্দ্ৰীয় চৰকাৰে সংসদীয় সূচী আৰু ৰাজ্য চৰকাৰসমূহৰ সৈতে যোগাযোগৰ মাধ্যম হিচাপে হিন্দী আৰু ইংৰাজী ব্যৱহাৰ কৰি আহিছে। আনহাতে, ৰাজ্য চৰকাৰসমূহে সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভূক্ত থকা ভাষাসমূহ ব্যৱহাৰ কৰি আহিছে।

অষ্টম অনুসূচীত বৰ্তমানলৈকে অসমীয়া, বাংলা, মাৰাথী, পাঞ্জাৱীকে ধৰি ২২ টা ভাষাক স্বীকৃতি প্ৰদান কৰিছে। হিন্দী ভাষাও এই অষ্টম অনুসূচীৰ অন্তৰ্গত। চৰকাৰী ভাষা হিচাপে হিন্দীক হিমাচল প্ৰদেশ, উত্তৰপ্ৰদেশ, হাৰিয়ানা, বিহাৰকে ধৰি ৯খন ৰাজ্য আৰু ৩খন কেন্দ্ৰীয় শাসিত ৰাজ্যত ব্যৱহাৰ কৰা হয়।

আনহাতে উচ্চতম ন্যায়ালয়ে কেৱল ইংৰাজী ভাষা ব্যৱহাৰ কৰে। উচ্চ ন্যায়ালয়সমূহে ইংৰাজীৰ লগতে ৰাজ্যিক ভাষাসমূহ ব্যৱহাৰ কৰে।

তেনেস্থলত হিন্দী ভাষাৰ নামত এইদৰে পুনৰ অযথা সংঘাতৰ সৃষ্টিৰে মোদী চৰকাৰে কি কৰিব বিচাৰিছে? হিন্দীক ৰাষ্ট্ৰীয় ভাষা বুলি কৈ বিজেপিৰ লোকসকলে সংবিধান অৱমাননা কৰা নাইনে? সেয়ে হিন্দী ভাষাৰ প্ৰচলনৰ বিষয়টো সম্প্ৰতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd