সুৰাত আসক্ত সুৰাপায়ী সকলৰ বাবে সুৰাই সৰ্বস্ব। সুৰাৰ ৰাগী পালে আন কোনো মোহে আকৰ্ষিত কৰিব নোৱাৰে তীব্ৰ সুৰাপায়ী সকলে। সমুখত সুৰা থাকিলে নিজৰ কৰ্মও পিছলৈ ঠেলিবলৈ সাজু এওঁলোক। এনে এক উদাহৰণেই সম্প্ৰতি সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে।
ৰেলৰ এগৰাকী সহকাৰী চালকে সুৰা পান কৰিবলৈ যোৱাৰ বাবেই এঘণ্টাতকৈও অধিক সময় ৰখাই দিয়া হৈছে এখন যাত্ৰীবাহী ৰেল। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ সমস্তিপুৰ ৰে’ল বিভাগৰ হাছানপুৰ ষ্টেচনত।
ৰাজধানী এক্সপ্ৰেছৰ ক্ৰছিঙৰ বাবে সমস্তিপুৰৰ পৰা সহৰচা অভিমুখী যাত্ৰীবাহী ৰেলখন কিছু সময়ৰ বাবে হাছানপুৰ ষ্টেচনত ৰয়। এই সময়ত, ৰেলখনৰ সহকাৰী লোকো পাইলট কৰণবীৰ যাদৱ ইঞ্জিনৰ পৰা অদৃশ্য হয়।
চিগনেল দিয়াৰ পিছতো ৰেলখন চলাচল নকৰাৰ পিছত সহকাৰী ষ্টেচন মাষ্টাৰে সেই বিষয়ে সোধা-পোছা কৰ। ইফালে, ৰেলখনৰ বিলম্বত বিৰক্ত হৈ যাত্ৰীসকলেও হুলস্থূল কৰিবলৈ আৰম্ভ কৰে।
ইঞ্জিনৰ চালকৰ আসনত সহকাৰী লোকো পাইলটক দেখা নাপাই তেওঁৰ সন্ধানৰ বাবে চৰকাৰী ৰেল আৰক্ষীক মাতি অনা হয়।
অৱশেষত বিচাৰ-খোচাৰৰ অন্তত আৰক্ষীয়ে স্থানীয় এখন বজাৰৰ ওচৰত নিচাগ্ৰস্ত অৱস্থাত তেওঁক উদ্ধাৰ কৰে।
ৰেল আৰক্ষীয়ে লগে লগে নিচাগ্ৰস্ত সহকাৰী লোকো পাইলট জনক গ্ৰেপ্তাৰ কৰে।
ইতিমধ্যে বিভাগীয় ৰেল ব্যৱস্থাপক আলোক আগৰৱালে এই ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে।
এই সমগ্ৰ ঘটনা সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।