• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

শক্তিশালী বিজেপি-নিশকতীয়া বিৰোধী: শাসকীয় বিজেপিক কেনেকৈ প্ৰত্যাহ্বান জনাব বিভাজিত বিৰোধীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2022 7:20 pm
BJP vs opposition
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৪ চনলৈ আৰু মাত্ৰ দুই বছৰ। চাওতে চাওতে মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালে তিনি বছৰ পাৰ কৰিবলৈ উলাইছে। আৰু দুবছৰৰ পাছতে দেশজুৰি আৰম্ভ হ’ব নিৰ্বাচনমুখৰ পৰিৱেশ। ইয়ালৈ লক্ষ্য ৰাখি দেশৰ ৰাজনৈতিক পৰিৱেশ তাৎপৰ্যপূৰ্ণ হৈ পৰিছে।

তেনে সময়তে ৰাজনৈতিক কৌশলীবিদ প্ৰশান্ত কিশোৰে এটা গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰিছে। কি এই মন্তব্য? আৰু কিয় গুৰুত্বপূৰ্ণ? চাও আহক এই সন্দৰ্ভত এখন চমু প্ৰতিবেদন।

প্ৰশান্ত কিশোৰে কৈছে যে দেশৰ পৰা বিজেপিক উৎখাত কৰিবলৈ হ’লে তৃতীয় পক্ষ নহয়, দ্বিতীয় পক্ষ শক্তিশালি হ’ব লাগিব। কোনো তৃতীয় পক্ষই বিজেপিক পৰাভূত কৰিব নোৱাৰে বুলি তেওঁ বিশ্বাস কৰে।

এটা নিউজ চেনেলে তেওঁক প্ৰশ্ন কৰিছিল যে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক এটা তৃতীয় শক্তি হিচাপে প্ৰশান্ত কিশোৰে সহায় কৰিব নেকি? উল্লেখযোগ্য যে যোৱা বৰ্ষৰ বংগ নিৰ্বাচনত মমতাই প্ৰশান্ত কিশোৰৰ সহায় লৈ নিৰ্বাচনত বৃহৎ বিজয় সাব্যষ্ট কৰিছিল।

এইখিনিতে চাও আহক বৰ্তমান দেশৰ বিৰোধী দলসমূহ কেনেধৰণে বিভক্ত হৈ আছে। এই বিৰোধী দলসমূহৰ কোনসমূহে নিজকে তৃতীয় শক্তি হিচাপে পৰিচয় দাঙি ধৰি আহিছে? সাধাৰণতে দেশৰ বিজেপিবিৰোধী ৰাজনৈতিক দল হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছকে জনা যায়।

দশক দশক ধৰি কংগ্ৰেছে বিজেপিৰ ধৰ্মীয় ৰাজনীতিৰ বিৰোধ কৰি আহিছে। কিন্তু বৰ্তমান কংগ্ৰেছৰ শোচনীয় অৱস্থা। এজন এজনকৈ জ্যেষ্ঠ নেতাই কংগ্ৰেছ ত্যাগ কৰিছে। দেশৰ বহুকেইটা আঞ্চলিক শক্তিৰ লগতো কংগ্ৰেছৰ সম্পৰ্ক আশানুৰূপ নহয়। গান্ধী পৰিয়ালকেন্দ্ৰীক দল হৈ পৰিছে কংগ্ৰেছ।

২০২৪ চনত বিজেপিক হৰুৱাবলৈ হ’লে ৰাহুল গান্ধীৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা বৃ্দ্ধি পাব লাগিব। কিন্তু চৰকাৰীপক্ষৰ প্ৰপাগাণ্ডামতে গান্ধীক পাপ্পু সজাই থোৱা হৈছে। ইয়াৰ বাবে খৰচ কৰা হৈছে কৌটী কৌটী টকা। দেশৰ শেহতীয়া বিধানসভা নিৰ্বাচনসমূহেও নকয় যে কংগ্ৰেছক ৰাইজে আদৰি লৈছে।

ৰাজ্যসমূহত শক্তিশালী বিৰোধীৰ ভূমিকা ল’ব পৰা নাই কংগ্ৰেছে। ইয়াৰ বিপৰীতে বিজেপিৰ শক্তিশালী বিৰোধী শাসনত থকা ৰাজ্যসমূহত কংগ্ৰেছ শাসনত নাই। আছে তৃণমূল কংগ্ৰেছ, আম আদমী পাৰ্টিকে ধৰি প্ৰগতিশীল আৰু আঞ্চলিক ভাৱাপন্ন দলসমূহ।

এই দলসমূহৰ উত্থানৰ ফলতে তৃতীয় শক্তিৰ ধাৰণাৰ অৱতাৰণা কৰা হৈছে। যদি কংগ্ৰেছ বিজেপি বিৰোধী দ্বিতীয় শক্তি, তেন্তে তৃণমূল কংগ্ৰেছ, আপ ইত্যাদি তৃতীয় শক্তি। এনেধৰণৰ এটা বাকধাৰাৰ সৃষ্টি কৰা হৈছে।

উল্লেখযোগ্য যে বিজেপি বিৰোধী শক্তি হিচাপে বৰ্তমান কংগ্ৰেছ নহয়, বৰঞ্চ আম আদমী পাৰ্টিৰহে উত্থান হ’ব ধৰিছে। শেহতীয়াকৈ পঞ্জাৱৰ ক্ষমতা দখল কৰাৰ পাছত এই উত্থানে তড়িৎ গতি লাভ কৰিছে। আনকি গুজৰাটতো দলটোৱে খোপনি পুতিবলৈ সক্ষম হৈছে।

বিজেপিৰ ধৰ্মীয় ৰাজনীতিৰ বিপৰীতে দিল্লীত আপৰ উন্নয়নৰ ৰাজনীতিয়েই ইয়াৰ মূল কাৰণ। সেইবাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰসূৰী হিচাপে অৰবিন্দ কেজৰিৱালৰ নাম উচ্চাৰিত হ’ব ধৰিছে। কিন্তু ২০২৪ চনৰ বাবে এয়া পৰ্যাপ্ত হয়নে নহয়, সেয়া সময়ে ক’ব।

এসময়ৰ বাওঁপন্থী দূৰ্গস্বৰূপ পশ্চিম বংগত তিনিবাৰকৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ অহা মমতা বেনাৰ্জীৰ শেহতীয়া লক্ষ্য হৈছে দিল্লী দখল। ইতিমধ্যে ইয়াৰ প্ৰস্তুতিও পূৰ্ণোদ্যমে অব্যাহত ৰাখিছে তেওঁ। কংগ্ৰেছৰ স’তেও তীব্ৰ বাক্যবাণত লিপ্ত হৈছে মমতাই।

গোৱা, উত্তৰপূবৰ মেঘালয়, ত্ৰিপুৰাকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত মমতাৰ তৃণমূল কংগ্ৰেছে খোপনি পুতিছে। এইসমূহে আত্মবিশ্বাসী কৰি তুলিছে মমতাক। সেইবাবেই তেওঁৰ নেতৃত্বত ২০২৪ চনৰ নিৰ্বাচনত বিজেপি বিৰোধী দলসমূহে অৱতীৰ্ণ হ’ব বুলি সমৰ্থকসকলে আশা প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী হ’বলৈ মন মেলা আন এজন বিজেপিবিৰোধী দাবীদাৰ হৈছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, চমুকৈ কেচিআৰ। যোৱা কিছু দিন ধৰি কেচিআৰে দেশজুৰি নিজৰ প্ৰচাৰ আৰম্ভ কৰি আহিছে। লগ ধৰিছে ইজনৰ পাছত সিজনকৈ বিজেপিবিৰোধী মুখ্যমন্ত্ৰীক।

বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিষোদগাৰ প্ৰকাশ কৰি আহিছে তেওঁ। মমতা, কেজৰিৱালৰ দৰে দেশজুৰি জনপ্ৰিয় নহ’লেও নিজৰ ৰাজনৈতিক লক্ষ্যত অটল আছে কেচিআৰ।

উল্লেখযোগ্য যে বৰ্তমান দেশৰ কেইবাখনো ৰাজ্যত বিৰোধী দলৰ চৰকাৰ আছে। এই ৰাজ্যসমূহ দেশৰ ভিতৰতে উন্নত আৰু প্ৰভাৱশালী। মহাৰাষ্ট্ৰ, পশ্চিম বংগ, কেৰেলা, তামিলনাডু, পাঞ্জাৱ, দিল্লী, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ডৰ দৰে ৰাজ্যসমূহত বিজেপিবিৰোধী দল শাসনাধীষ্ঠ হৈ আছে।

বহুকেইটা ৰাজনৈতিক দলে এই ৰাজ্যসমূহৰ পৰাই পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী পচন্দ কৰি আহিছে। কংগ্ৰেছৰ ৰাহুল গান্ধীৰ বিপৰীতে বৃদ্ধি পাইছে মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱালৰ গ্ৰহণযোগ্যতা। কিন্তু মমতা-কেজৰিৱাল এতিয়াও দেশৰ তৃতীয় বিকল্প হিচাপেই ৰাজনৈতিক অৱস্থান কৰিছে।

বৰ্তমানলৈকে তেওঁলোকে কংগ্ৰেছৰ স’তে মিত্ৰতা কৰা নাই, বৰঞ্চ প্ৰবল বিৰোধহে কৰি আহিছে। সেইবাবেই প্ৰশান্ত কিশোৰৰ মন্তব্যটো তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। সঁচাকৈয়ে, বিজেপিক হৰুৱাবলৈ হ’লে দ্বিতীয় পক্ষ শক্তিশালী হ’বই লাগিব নেকি?

যদি মমতা, কেজৰিৱালৰ স’তে ২০২৪ চনলৈকে কংগ্ৰেছৰ বুজাবুজি নহয়, তেন্তে কি হ’ব? বিৰোধীৰ মাজত থকা এইসমূহ বিভাজনে বিজেপিক লাভান্বিতহে কৰিব নেকি? সেয়া লক্ষ্যণীয় বিষয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd