• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আঢ়ৈ বছৰীয়া পুত্ৰৰ সন্মুখতে মহিলাক ৭৯ দিন ধৰি ধৰ্ষণ ভণ্ড তান্ত্ৰিকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2022 5:52 pm
Woman Raped By Tantrik For 79 Days
298
VIEWS
Share on FacebookShare on Twitter

এবাৰ-দুবাৰ নহয়, ৭৯ দিন ধৰি নিতৌ নিজৰ আঢ়ৈ বছৰীয়া পুত্ৰৰ সন্মুখতে ভণ্ড তান্ত্ৰিকৰ দ্বাৰা বলাৎকাৰৰ বলি হৈছে এগৰাকী মহিলা। উৰিষ্যাৰ বালাচোৰ জিলাত সংঘটিত হৈছে এই জঘন্য কাণ্ড।

আৰক্ষীয়ে শুকুৰবাৰে মহিলাগৰাকী আৰু তেওঁৰ সন্তানক এটা বন্ধ কোঠাৰ পৰা উদ্ধাৰ কৰিছে। কিন্তু অভিযুক্ত তান্ত্ৰিকজন পলাই যাবলৈ সক্ষম হয়।

দীৰ্ঘদিনে ধৰ্ষণৰ বলি হৈ অহা মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে নিজ স্বামী আৰু শহুৰেকে বৈবাহিক বিভেদ সমাধান কৰিবলৈ তেওঁক তান্ত্ৰিকৰ সৈতে থাকিবলৈ বাধ্য কৰিছিল।

২০১৭ চনত বিবাহপাশত আৱদ্ধ হোৱা মহিলাগৰাকীয়ে দাবী কৰিছিল যে যৌতুকৰ বাবে শহুৰেকে তেওঁক দৈনিক শাৰীৰিক আৰু মানসিক অত্যাচাৰকৰিব আহিছে।

মহিলাগৰাকীয়ে উল্লেখ কৰা অনুসৰি তান্ত্ৰিকজনে পৰিয়ালটোক আশ্বাস দিছিল যে যদি মহিলাগৰাকী কেইমাহমান তেওঁৰ সৈতে থাকে তেন্তে তেওঁ এই পাৰিবাৰিক বিভেদ সমাধান কৰিব।

তান্ত্ৰিকৰ এই প্ৰস্তাৱ মহিলাগৰাকীয়ে অস্বীকাৰ কৰাৰ পিছত শাহুৱেকে তেওঁক অচেতন কৰি তান্ত্ৰিকৰ কোঠাত সোমোৱাই দিয়ে। জ্ঞান ঘূৰাই পোৱাৰ পিছত মহিলাগৰাকীয়ে পুত্ৰসহ নিজকে তান্ত্ৰিকৰ কোঠাত উদ্ধাৰ কৰে।

ইয়াৰ পিছতে তান্ত্ৰিকজনে মহিলাগৰাকীক তেওঁৰ পুত্ৰৰ সন্মুখতে ৭৯ দিন ধৰি বাৰে বাৰে ধৰ্ষণ কৰে।

যোৱা ২৮ এপ্ৰিলত তান্ত্ৰিকজনে নিজৰ মোবাইল ফোনটো কোঠাটোত এৰি যোৱাৰ সুযোগ বুজি মহিলাগৰাকীয়ে ফোনেৰে নিজৰ মাক-দেউতাকক দুৰ্বিসহ যাতনাৰ বিষয়ে অৱগত কৰে।

লগে লগে তেওঁলোকে আৰক্ষীক এই বিষয়ে খবৰ দিয়ে। কিন্তু আৰক্ষী সেই ঠাইত উপস্থিত হোৱাৰ পূৰ্বেই ভণ্ড তান্ত্ৰিকজন পলাই যাবলৈ সক্ষম হয়। ইতিমধ্যে অভিযুক্তৰ বিৰুদ্ধে ধাৰা ৩৭৬ ৰ লগতে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

মহিলাগৰাকীয়ে এজাহাৰখনত তেওঁৰ স্বামী, দেওৰেক আৰু শহুৰেকৰ নাম উল্লেখ কৰিছে। অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে কোনো এগৰাকীকে গ্ৰেপ্তাৰ কৰা নাই বুলি জানিব পৰা গৈছে।

ইতিমধ্যে মহিলাগৰাকীক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান তেওঁ সুস্থ অৱস্থাত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আনহাতে পলাতক তান্ত্ৰিক সন্ধানত অভিযান অব্যাহত আছে বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd