• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিহত ফটো সাংবাদিক ডেনিছ চিদ্দিকীকে ধৰি ৪ জন ভাৰতীয়ই লাভ কৰিলে পুলিৎজাৰ বঁটা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2022 10:09 am
প্ৰয়াত ডেনিছ ছিদ্দিকী।

প্ৰয়াত ডেনিছ ছিদ্দিকী।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আফগানিস্তানত নিহত হোৱা ফটো সাংবাদিক ডেনিছ চিদ্দিকীকে ধৰি চাৰিজন ভাৰতীয়ক পুলিৎজাৰ বঁটা প্ৰদান কৰা হৈছে। সোমবাৰে এই বঁটাৰ বাবে ৰয়টাৰৰ ডেনিছ আৰু তেওঁৰ সহকৰ্মী আদনান আবিদি, ছানা ইৰশাদ মাট্টু আৰু অমিত ডেভৰ নাম ঘোষণা কৰা হয়।

লছ এঞ্জেলছ টাইমছৰ মাৰ্কাছ য়ামে ব্ৰেকিং নিউজ ফটোগ্ৰাফী শাখাত শ্ৰেষ্ঠ বঁটা লাভ কৰিছে।

পুলিৎজাৰ বঁটা ৱেবছাইটত জানিবলৈ দিয়া মতে কোভিডৰ সময়ত ভাৰতৰ দুৰ্দশাৰ দৃশ্যৰ বাবে মৰণোত্তৰভাৱে ডেনিছৰ পৰিয়ালক এই বঁটা প্ৰদান কৰা হৈছে।

Apply Now

যোৱা বছৰ আফগানিস্তানত তালিবানৰ আক্ৰমণৰ সময়ত ৩৮ বছৰীয়া ডেনিছ নিহত হৈছিল। বহুতো সন্মান লাভ কৰা ডেনিছে যোৱা বছৰ কান্দাহাৰৰ স্পিন বোল্ডাত আফগানসকলৰ সৈতে তালিবানৰ যুদ্ধৰ মাজত সোমাই পৰি প্ৰাণ হেৰুৱাইছিল।

কোভিড অতিমাৰীৰ সময়ত ডেনিছ ছিদ্দিকীয়ে তোলা ভাৰতৰ ছবি।

ডেনিছে দ্বিতীয়বাৰৰ বাবে এই পুলিৎজাৰ বঁটা লাভ কৰিছে। তেওঁ ২০১৮ চনত তেওঁ এই বহু সন্মানীয় বঁটাটো লাভ কৰিছিল। ৰয়টাৰ্ছৰ দলটোক ৰহিংগীয়া সংকটৰ ফটোৰ বাবে বঁটা প্ৰদান কৰা হৈছিল। ডেনিছো সেই দলটোত আছিল।

তেওঁ আফগানিস্তান সংঘৰ্ষ, হংকঙৰ প্ৰতিবাদকে ধৰি এছিয়া, মধ্য প্ৰাচ্য আৰু ইউৰোপৰ বহুতো ঘটনা কেমেৰাত বন্দী কৰিছিল।

জামিয়া-মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত ডিগ্ৰী লাভ কৰা ডেনিছে জামিয়াৰ এজেকে মাছ কমিউনিকেশ্যন ৰিচাৰ্ছৰ পৰা সাংবাদিকতাৰ ডিগ্ৰী লৈছিল।

এজন টিভি সাংবাদিক হিচাপে ডেনিছে তেওঁৰ কেৰিয়াৰআৰম্ভ কৰিছিল যদিও পিছত ২০১০ চনত ফটো সাংবাদিক হিচাপে ৰয়টাৰ্ছত যোগদান কৰিছিল।

আফগানিস্তানত যুদ্ধৰ পৰিস্থিতিৰ মাজত ডেনিছ।

উল্লেখ্য যে হাংগেৰিয়ান-আমেৰিকান সাংবাদিক যোচেফ পুলিৎজাৰৰ নামত বছৰি পুলিৎজাৰ বঁটা প্ৰদান কৰা হয়। ১৯১১ চনত তেওঁৰ মৃত্যুৰ আগতে, তেওঁ তেওঁৰ সকলো সঞ্চয় কলম্বিয়া বিশ্ববিদ্যালয়লৈ দান কৰিছিল। পৰৱৰ্তী বছৰত, তেওঁৰ সঞ্চয়ৰ এটা অংশৰে স্কুল অৱ জাৰ্নালিজম গঢ়ি তোলা হয় আৰু তেওঁৰ নামেৰে পুলিৎজাৰ বঁটা প্ৰতিষ্ঠা কৰা হয়। প্ৰথমবাৰৰ বাবে ১৯১৭ চনত এই বঁটা প্ৰদান কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd