বাৰানসীৰ জ্ঞানৱাপী মছজিদত শিৱলিঙ্গ উদ্ধাৰৰ দাবীয়ে দেশৰ ৰাজনীতি তোলপাৰ লগাইছে। এই বিতৰ্কিত গোচৰ সন্দৰ্ভত শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।
উচ্চতম ন্যায়ালয়ে লগতে উক্ত গোচৰৰ ক্ষেত্ৰত বাৰানসীৰ স্থানীয় আদালতৰ ৰায়ৰ ওপৰতো স্থগিতাদেশ দিছে।
শুকুৰবাৰে বিয়লি ৩ বজাত উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে জ্ঞানৱাপী মছজিদ গোচৰৰ শুনানি গ্ৰহণ কৰিব।
এই সন্দৰ্ভত শীৰ্ষ আদালতে কয়, “আমি বিচাৰ আদালতক গোচৰটোৰ ক্ষেত্ৰত পৰৱৰ্তী পদক্ষেপ লোৱাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিওঁ। এই বিষয়টোৰ শুনানি কাইলৈ তিনিজনীয়া বিচাৰপীঠে কৰিব।”
উল্লেখ্য যে এগৰাকী হিন্দুত্ববাদী নেত্ৰীয়ে দাখিল কৰা আবেদনৰ পিছতে মঙ্গলবাৰে মছজিদ চৌহদত চলোৱা এক জৰীপত এটা শিৱলিঙ্গ উদ্ধাৰ কৰা হৈছে বুলি দাবী কৰা হৈছিল। ইয়াৰ পাছতে বাৰানসীৰ স্থানীয় আদালতে শিৱলিঙ্গ উদ্ধাৰ কৰা স্থান ছীল কৰাৰ নিৰ্দেশ দিছিল।
আদালতৰ ৰায়ৰ পিছতে বাৰানসী প্ৰশাসনে শিৱলিঙ্গ উদ্ধাৰ কৰা স্থান ছীল কৰে।
আনহাতে গোচৰটো সন্দৰ্ভত মঙ্গলবাৰে শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে শিৱলিঙ্গ উদ্ধাৰ কৰা ঠাইখণ্ড সংৰক্ষিত কৰাৰ নিৰ্দেশ দিছিল।
লগতে মুছলমানসকলক মছজিদত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত তথা নামাজ পঢ়াৰ ক্ষেত্ৰত কোনো বাধা আৰোপ কৰিব নোৱাৰিব বুলিও শীৰ্ষ আদালতে শুনানিৰ ৰায়ত উল্লেখ কৰে।
ইতিমধ্যে আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জ্ঞানৱাপী মছজিদ চৌহদত যথেষ্ট সংখ্যক সেনা-আৰক্ষী মোতায়েন কৰা হৈছে।