• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: অবৈধ নহয় গণিকা বৃত্তি, আৰক্ষীয়ে যৌনকৰ্মীক কৰিব নোৱাৰিব হাৰাশাস্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2022 5:13 pm
Supreme Court on sex worker
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সমাজত দেহ ব্যৱসায়ৰ ধাৰণাটোক বৰ্তমান সময়তো অস্পৃশ্য হিচাপে গণ্য কৰা হয়। দেহ ব্যৱসায়ৰ লগত জড়িত যৌন কৰ্মীসকলক এতিয়াও দেশত ঘৃণাৰ দৃষ্টিৰে চোৱা হয়। শেহতীয়াকৈ হিউমেন ৰাইটছ ৱাটচৰ এক প্ৰতিবেদনত ভাৰতত ২ কোটিৰো অধিক যৌনকৰ্মী আছে বুলি প্ৰকাশ পাইছিল। এই যৌন কৰ্মীসকলে ইমানদিনে লাভ কৰা নাছিল নায্যতা। এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ ৰায়।

অৱশেষত দীৰ্ঘ সংগ্ৰামৰ অন্তত ভাৰতৰ যৌনকৰ্মীসকলে লাভ কৰিলে আইনী স্বীকৃতি। উচ্চতম ন্যায়ালয়ে সাধাৰণ চাকৰিৰ দৰেই বেশ্যাবৃত্তিকো ‘জীৱিকা’ হিচাপে স্বীকৃতি দিলে। উচ্চতম ন্যায়ালয়ে কয় যে যৌন সেৱা প্ৰদান কৰাটোও এক আইনী বৃত্তি। যিসকল এই বৃত্তিৰ লগত জড়িত তেওঁলোকৰো সন্মানজনক জীৱন-যাপনৰ অধিকাৰ আছে।

এতিয়াৰে পৰা যৌন সেৱা আগবঢ়োৱা বা যৌনকৰ্মী হিচাপে কাম কৰা সকলক কোনো ধৰণৰ হাৰাশাস্তি কৰিব নোৱাৰিব। অথবা আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধমূলক গোচৰ ৰুজু কৰিব নোৱাৰিব।

উচ্চতম ন্যায়ালয়ৰ মতে ভাৰতৰ প্ৰতিজন নাগৰিকৰ মৰ্যাদাপূৰ্ণ জীৱন-যাপনৰ অধিকাৰ আছে। যৌনকৰ্মীসকলৰো আইনী সুৰক্ষাৰ অধিকাৰ আছে। যদি কোনো প্ৰাপ্তবয়স্ক যৌনকৰ্মীয়ে স্বেচ্ছাই কাৰোবাক সেৱা আগবঢ়ায় তেন্তে তেওঁৰ বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

ন্যায়াধীশ এল নাগেশ্বৰ ৰাও, ন্যায়াধীশ বি আৰ গভোই আৰু ন্যায়াধীশ এ এছ বোপান্নাৰ সংমণ্ডল বিচাৰপীঠে যৌনকৰ্মীৰ বাবে কেইবাটাও নিৰ্দেশনা নিৰ্ধাৰণ কৰিছে। বিচাৰপীঠে কয় যে যদি কোনো যৌনকৰ্মীক কৰ্মস্থলীত হাৰাশাস্তি কৰা হয় তেন্তে তেওঁক সকলো আইনী সাহায্য প্ৰদান কৰা হ’ব।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি আৰক্ষীৰ যিকোনো অভিযানৰ সময়ত যৌনকৰ্মীৰ গোপনীয়তাৰ দিশত নজৰ ৰাখিব লাগিব। যৌনকৰ্মীৰ অধিকাৰৰ বিষয়ে তেওঁলোকক সজাগ কৰা প্ৰয়োজন।

কেৱল বেশ্যাবৃত্তিক বৃত্তি হিচাপে বাছি লোৱাৰ বাবেই কোনো নাৰীক সন্তানৰ পৰা বিচ্ছিন্ন কৰা উচিত নহয় বুলিও বিঠাৰপীঠে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তদুপৰি শিশু এটা বেশ্যালয়ত আছে বুলিয়েই তেওঁক সৰবৰাহ কৰা হৈছে বুলি ক’ব নোৱাৰি বুলিও বিচাৰপীঠে উল্লেখ কৰে।

শীৰ্ষ আদালতে কয়, “প্ৰায়েই লক্ষ্য কৰা হৈছে যে যৌনকৰ্মীৰ প্ৰতি আৰক্ষীৰ মনোভাৱ প্ৰায়ে নৃশংস আৰু হিংসাত্মক হয়। যেন যৌনকৰ্মীৰ কোনো অধিকাৰেই নাই।” এনে ক্ষেত্ৰত বিশেষকৈ অপৰাধমূলক এজাহাৰ দাখিল কৰা যৌনকৰ্মীৰে বৈষম্যমূলক আচৰণ নকৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

যৌন নিৰ্যাতনৰ বলি হোৱা যৌনকৰ্মীসকলক তাৎক্ষণিক চিকিৎসা-আইনী যত্নকে ধৰি প্ৰতিটো সুবিধা প্ৰদান কৰা হ’ব বুলিও উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সন্নিৱিষ্ট কৰা হৈছে।

উচ্চতম ন্যায়ালয়ৰ এই নতুন নিৰ্দেশনাৰ দ্বাৰা দেশৰ প্ৰায় ২ কোটি যৌনকৰ্মী উপকৃত হ’ব। যদিও দেশত বেশ্যাবৃত্তি অবৈধ নহয়, তথাপিও বেশ্যালয় চলোৱা বা দেহ ব্যৱসায়ক উচটনি দিয়াটো অপৰাধ বুলি গণ্য কৰা হয়। এই আইনৰ বাবেই বহু সময়ত যৌনকৰ্মীসকল হাৰাশাস্তিৰ সন্মূখীন হৈ আহিবলগীয়া হৈছে।

তদুপৰি এই বৃত্তিৰ লগত জড়িতসকলৰ প্ৰতি সমাজে প্ৰায়েই কু-দৃষ্টিৰে চাই আহিছে। আইন সংস্কাৰৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যসমূহক যৌনকৰ্মী বা তেওঁলোকৰ প্ৰতিনিধিক জড়িত কৰাৰ পৰামৰ্শ দিছে আদালতে। উচ্চতম ন্যায়ালয়ৰ নতুন নিৰ্দেশনাৰ পিছত দেশৰ লাখ লাখ যৌনকৰ্মীয়ে কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd