অবৈধ গৰু সৰবৰাহৰ আঁৰত এইবাৰ কলিয়াভোমোৰা দলঙৰ একাংশ নিৰাপত্তাৰক্ষী¸কোনো অজ্ঞাত সংগঠন তথা একাংশ সংবাদকৰ্মী জড়িত থকাৰ অভিযোগ উঠিছে। এই গুৰুতৰ অভিযোগ উলুৱনী আৰক্ষীৰ।
অবৈধ গো-ধন সৰবৰাহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ পিছতো ৰাজ্যত অব্যাহত আছে গৰু অবৈধ সৰবৰাহ। আৰক্ষীৰ চকুত ধুলি দি একাংশই চলাই গৈছে গৰুৰ চোৰাং বেহা।
তাৰ বিপৰীতে চোৰাং গো-ধন সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে কলিয়াবৰ মহকুমা আৰক্ষী। জব্দ কৰিছে ইখনৰ পিছত সিখন গৰুভৰ্তি বাহন।
লগতে পঢ়ক: এম্বুলেন্স নাই! জাৱৰ কঢ়িওৱা বাহনত মৃতদেহ কঢ়িয়াই বিতৰ্কত আৰক্ষী
তাৰ মাজতে কলিয়াবৰত পুনৰ জব্দ কৰা হৈছে গৰুভৰ্তি বাহন। উলুৱনি আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে দুখনকৈ গৰুভৰ্তি ট্ৰাক।
কলিয়াবৰৰ নলতলিত দুখন ১২ চকীয়া গৰুভৰ্তি ট্ৰাক আৰক্ষীয়ে জব্দ কৰে। লখিমপুৰৰ পৰা ৰূপহীহাট অভিমুখী গৰুভৰ্তি ট্ৰাক দুখন জব্দ কৰে উলুৱনি আৰক্ষীয়ে।
জব্দকৃত ট্ৰাক দুখনৰ নম্বৰ AS 04-BC-0211 আৰু AS-01-LC-1679।। ট্ৰাক দুখনৰ পৰা উদ্ধাৰ ৩০ টাৰো অধিক গৰু। আটক কৰা হৈছে চাৰিজন গৰু সৰবৰাহকাৰী।
লগতে পঢ়ক: জম্মু-কাশ্মীৰৰ শ্বপিয়ানত বাহনৰ ভিতৰত থকা বিস্ফোৰক সামগ্ৰীৰ বিস্ফোৰণ: তিনি সেনা আহত
ধৃত চাৰি গৰু সৰবৰাহকাৰী হৈছে জখলাবন্ধাৰ বৰদলঙৰ ৰফিকুল আলি, নিজাম উদ্দিন আৰু কঁহৰাৰ প্ৰেম চেত্ৰী, ৰফিক আলি।
ইপিনে, কলিয়াভোমোৰা দলঙৰ একাংশ নিৰাপত্তাৰক্ষী, অজ্ঞাত সংগঠন আৰু একাংশ সংবাদকৰ্মীও গৰু সৰবৰাহৰ সৈতে জড়িত থকাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে।
এই অভিযোগ উত্থাপন কৰিছে খোদ উলুৱনি আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱ কুমাৰ দাসে।
লগতে পঢ়ক: কাৰ্যালয়ত ওলমাইছিল লাডেনৰ ফটো: নিলম্বনৰ সন্মুখীন চৰকাৰী বিষয়া
কোনো অজ্ঞাত সংগঠন আৰু একাংশ সংবাদকৰ্মীয়ে মিলি ৩০ হাজাৰ টকাত মেনেজ হোৱাৰ বিপৰীতে দলঙৰ একাংশ নিৰাপত্তাৰক্ষীয়ে ১০ হাজাৰ টকাত গৰু সৰবৰাহ মেনেজ কৰি অহাৰ অভিযোগ তুলিছে আৰক্ষীয়ে।
সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।