• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Pele appeals to Putin: ‘আক্ৰমণ বন্ধ কৰক’-আগ্ৰাসী পুটিনলৈ বাৰ্তা ফুটবল সম্ৰাট পেলেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2022 11:11 am
192
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়া-ইউক্ৰেইন যুদ্ধই ১০০ দিন অতিক্ৰম কৰিলে। ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ ওপৰত সামৰিক অভিযান আৰম্ভ কৰিছিল। তেতিয়াৰ পৰা স্থৱিৰ হোৱা নাই যুদ্ধ। অব্যাহত আছে ধ্বংস। বৈছে তেজৰ নদী। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাছিয়াক একাষৰীয়া কৰাৰ চেষ্টা কৰা হৈছে। কিন্তু সি যেন জ্বলা জুইত ঘিউহে ঢালিছে।

দেশখন যুদ্ধৰ ফলত বিধ্বস্ত হৈ পৰাৰ সময়তে ইউক্ৰেইনে বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ ৰাউণ্ডত স্কটলেণ্ডৰ মুখামুখি হৈছিল। জেলেনস্কিৰ দেশখনে মেচখন ৩-১ গ’লত জয়লাভ কৰে। ইউক্ৰেইন মেচখনত জিকি কাটাৰত অনুষ্ঠিত হ’বলগীয়া  বিশ্বকাপৰ আৰু ওচৰ চাপে।

ফাইল ফটোত পুটিনৰ সৈতে দুই ফুটবল কিংবদন্তি পেলে আৰু মাৰাডোনা।

দেওবাৰে ইউক্ৰেইনে প্লে অফত ৱেলছৰ সৈতে খেলিব। যদি সেই মেচখন জিকে তেওঁলোকে বিশ্বকাপৰ মূল পৰ্যায়ত উপনীত হ’ব।

ফুটবল সম্ৰাট পেলেই ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্ৰমণৰ সন্দৰ্ভত ইমানদিনে এটা শব্দও মতা নাছিল। কিন্তু তেওঁৱো নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। ইউক্ৰেইন-স্কটলেণ্ড খেলৰ পূৰ্বে ফুটবল সম্ৰাটগৰাকীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক ইউক্ৰেইনত সামৰিক আক্ৰমণ বন্ধ কৰিবলৈ আহ্বান জনায়।

ইনষ্টাগ্ৰামত পেলেই  লিখিছে,”ইউক্ৰেইনে দেশখনৰ ভয়ানক পৰিস্থিতিটো ৯০ মিনিটৰ বাবে পাহৰিবলৈ চেষ্টা কৰিব।”

পেলেই লগতে কয়, “মই ইউক্ৰেইন-স্কটলেণ্ডৰ খেলখন বেলেগ ধৰণে চাইছো। আক্ৰমণ বন্ধ কৰক। এই ভয়ংকৰ আক্ৰমণ অব্যাহত ৰখাৰ কোনো অৰ্থ নাই। এই বিবাদে বেদনা, যন্ত্ৰণা, ভয়, সন্ত্ৰাস বিয়পায়। যুদ্ধই কেৱল ৰাষ্ট্ৰক বিচ্ছিন্ন কৰাই নহয়, মিছাইল নিক্ষেপ কৰি, পৰিয়াল ধ্বংস কৰি আৰু নিৰীহ লোকক হত্যা, শিশুৰ সপোন হত্যা কৰাৰ আঁৰত কোনো আদৰ্শ থাকিবই নোৱাৰে।”

লগতে পঢ়ক: ৯জুনত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ: কোন থাকিব, কোন যাৱ, কি পৰিকল্পনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

পূৰ্বতে পেলেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে সাক্ষাৎ কৰিছিল। সেই সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়েও তেওঁৰ সৈতে হাত মিলাইছিল। পেলেই ইনষ্টাগ্ৰামত লিখিছে, “আপোনাৰ যুদ্ধ বন্ধ কৰাৰ ক্ষমতা আছে। ২০১২ চনত মস্কোত আমাৰ দেখা হৈছিল। সেই সাক্ষাতত আমি কৰমৰ্দন কৰিছিলো।”

Recent News

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd