প্ৰতি বছৰে বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়।এই দিৱস পৰিৱেশৰ প্ৰতি সচেতনতা সৃষ্টিৰ কাৰণে।কিন্তু ইয়াৰ লগতে হাতে কামেও কিছু কাম কৰিব পাৰি। গছে পৰিৱেশ ৰক্ষাত ডাঙৰ ভূমিকা পালন ক’ৰে। সেয়ে এই দিনটোত গছ ৰোৱাৰ এখন আঁচনি স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে লোৱা প্ৰয়োজন। ছাত্ৰ-ছাত্ৰীৰ একতা সভাই নিজৰ নিজৰ বিদ্যালয়ৰ শিক্ষকসকলৰ সহযোগত প্ৰতি বছৰে গছ ৰোৱাৰ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে।
স্কুলত পৰিৱেশ বিষয়টো গুৰুত্বপূৰ্ণ ভাবে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিলে গছ ৰোৱাৰ প্ৰয়োজনীয়তা আৰু পৰিৱেশ ৰক্ষাত ইয়াৰ ভূমিকাৰ বিষয়ে এওঁলোক সচেতন হ’ব। ই তেওঁলোকক পৰিৱেশৰ প্ৰতি সচেতন কৰাৰ উপৰিও দায়বদ্ধতাও বঢ়াব। গছ ৰক্ষাৰ প্ৰয়োজনীয়তা তেওঁলোকে উপলব্ধি কৰিব পাৰিব।
গতিকে এই দিৱসৰ লগত সংগতি ৰাখি আমাৰ ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে এই দিনটোত বা দিনটোৰ আগে-পিছে এটা দিনত বছৰটোৰ কৰণীয় কাৰ্যসূচী হিচাবে বৃক্ষ ৰোপণ দিৱস পালন কৰিব লাগে আৰু সেই দিনটোত পৰিকল্পনা অনুযায়ী নিৰ্দিষ্ট কৰা স্থানত বৃক্ষৰোপণ কৰাৰ নিয়ম কৰিব লাগে।
তদুপৰি ভবিষ্যতৰ কথা ভাবি এনেদৰে ৰুব লাগে যাতে সেই গছ ভবিষ্যতে কাটিব লগা নহয়। স্কুল, গাওঁ, পুখুৰীৰ চাৰি সীমাত ৰুলে সীমাও ভালকৈ চিহ্নিত হ’ব আৰু সেইবোৰ ঠাইত যদি নিম আদি বনৌষধি জাতীয় গছ ৰোৱা হয়, ঠাইবোৰৰ কাৰণেও মূল্যবান গছ হ’ব। গছবোৰ অলপ ডাঙৰ হলে গছজোপাৰ নাম আৰু গুণাগুণ জনাই ফলক এখন আঁৰি দিয়া দৰকাৰ- যাতে ভৱিষ্যত প্ৰজন্মই গছবোৰ চিনি পাব পাৰে।
প্ৰকৃতিৰ লগত সংযোগৰ কাৰণে মাজে মাজে গছ-গছনি থকা ঠাইলৈ ছাত্ৰ-ছাত্ৰীক নি পৰিবেশ সংক্ৰান্ত পাঠ লোৱা এটা শিক্ষাপ্ৰদ আঁচনি বুলি ভাবোঁ। মুঠতে ছাত্ৰ-ছাত্ৰীক গছ চিনাব লাগে আৰু গছ মানুহৰ কাৰণে কিমান প্ৰয়োজন এই বিষয়ে সজাগতা ল’ৰা-ছোৱালীৰ মাজত জগাই তুলিব লাগে।
মাজে মাজে পৰিবেশৰ ওপৰত বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা ভাল। পৰিবেশৰ বিষয়ৰ ওপৰত বছেৰেকীয়া ৰচনা প্ৰতিযোগিতা একোটা পাতি বা তৰ্কানুষ্ঠানৰ আয়োজন কৰি পুৰস্কাৰ ঘোষণাও কৰিব পাৰি। এনে পুৰস্কাৰৰ কাৰণে এটা পুঁজি প্ৰতি শিক্ষানুষ্ঠানৰ প্ৰাক্তন ছাত্ৰসকলে সদিচ্ছামূলকভাৱে আগ বঢ়াব পাৰে। তদুপৰি জিলা প্ৰশাসন আৰু বন বিভাগৰ সহযোগত ৰাস্তাৰ দাঁতিত বৃক্ষৰোপণ কৰাৰ আঁচনি সামাজিক দায়িত্ব হিচাপে ল’ব পাৰি।
লগতে পঢ়ক: World Environment Day: জলবায়ু পৰিৱৰ্তন কি?
এনে কাৰ্যসূচীত লক্ষণীয় কথা হ’ব, ৰাস্তাৰ দুয়োকাষে যথেষ্ট ঠাই এৰি ৰুব লাগে যাতে ৰাস্তা বহল হ’লে গছ কাটিবলগীয়া নহয়। ৰাস্তাৰ দাঁতিত ৰোৱা গছবোৰ যদি এজাৰ, কাঞ্চন, পলাশ, শিমলু, কৃষ্ণচূড়া, ৰাধাচূড়া আদি হয়, তেন্তে গছে ছাঁ দিয়াৰ উপৰি বাটৰ সৌন্দৰ্যও বঢ়াব।
(হৰেকৃষ্ণ ডেকা, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান, বিশিষ্ট কবি, সাহিত্য সমালোচক।)