• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

World Environment Day: বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ বাৰ্তা

হৰেকৃষ্ণ ডেকা by হৰেকৃষ্ণ ডেকা
June 5, 2022 11:29 am
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতি বছৰে বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়।এই দিৱস পৰিৱেশৰ প্ৰতি সচেতনতা সৃষ্টিৰ কাৰণে।কিন্তু ইয়াৰ লগতে হাতে কামেও কিছু কাম কৰিব পাৰি। গছে পৰিৱেশ ৰক্ষাত ডাঙৰ ভূমিকা পালন ক’ৰে। সেয়ে এই দিনটোত গছ ৰোৱাৰ এখন আঁচনি স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে লোৱা প্ৰয়োজন। ছাত্ৰ-ছাত্ৰীৰ একতা সভাই নিজৰ নিজৰ বিদ্যালয়ৰ শিক্ষকসকলৰ সহযোগত প্ৰতি বছৰে গছ ৰোৱাৰ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে।

স্কুলত পৰিৱেশ বিষয়টো গুৰুত্বপূৰ্ণ ভাবে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিলে গছ ৰোৱাৰ প্ৰয়োজনীয়তা আৰু পৰিৱেশ ৰক্ষাত ইয়াৰ ভূমিকাৰ বিষয়ে এওঁলোক সচেতন হ’ব। ই তেওঁলোকক পৰিৱেশৰ প্ৰতি সচেতন কৰাৰ উপৰিও দায়বদ্ধতাও বঢ়াব। গছ ৰক্ষাৰ প্ৰয়োজনীয়তা তেওঁলোকে উপলব্ধি কৰিব পাৰিব।

গতিকে এই দিৱসৰ লগত সংগতি ৰাখি আমাৰ ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে এই দিনটোত বা দিনটোৰ আগে-পিছে এটা দিনত বছৰটোৰ কৰণীয় কাৰ্যসূচী হিচাবে বৃক্ষ ৰোপণ দিৱস পালন কৰিব লাগে আৰু সেই দিনটোত পৰিকল্পনা অনুযায়ী নিৰ্দিষ্ট কৰা স্থানত বৃক্ষৰোপণ কৰাৰ নিয়ম কৰিব লাগে।

Apply Now
প্ৰতিনিধিত্বমূলক ফটো।

তদুপৰি ভবিষ্যতৰ কথা ভাবি এনেদৰে ৰুব লাগে যাতে সেই গছ ভবিষ্যতে কাটিব লগা নহয়। স্কুল, গাওঁ, পুখুৰীৰ চাৰি সীমাত ৰুলে সীমাও ভালকৈ চিহ্নিত হ’ব আৰু সেইবোৰ ঠাইত যদি নিম আদি বনৌষধি জাতীয় গছ ৰোৱা হয়, ঠাইবোৰৰ কাৰণেও মূল্যবান গছ হ’ব। গছবোৰ অলপ ডাঙৰ হলে গছজোপাৰ নাম আৰু গুণাগুণ জনাই ফলক এখন আঁৰি দিয়া দৰকাৰ- যাতে ভৱিষ্যত প্ৰজন্মই গছবোৰ চিনি পাব পাৰে।

লগতে পঢ়ক: World Environment Day: বিশ্ব পৰিৱেশ দিৱসৰ চিন্তা: বিনষ্ট পৃথিবী, বিপন্ন পৰিৱেশ আৰু বিপৰ্যস্ত মানবৰ কৰণীয়

প্ৰকৃতিৰ লগত সংযোগৰ কাৰণে মাজে মাজে গছ-গছনি থকা ঠাইলৈ ছাত্ৰ-ছাত্ৰীক নি পৰিবেশ সংক্ৰান্ত পাঠ লোৱা এটা শিক্ষাপ্ৰদ আঁচনি বুলি ভাবোঁ। মুঠতে ছাত্ৰ-ছাত্ৰীক গছ চিনাব লাগে আৰু গছ মানুহৰ কাৰণে কিমান প্ৰয়োজন এই বিষয়ে সজাগতা ল’ৰা-ছোৱালীৰ মাজত  জগাই তুলিব লাগে।

মাজে মাজে পৰিবেশৰ ওপৰত বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা ভাল। পৰিবেশৰ বিষয়ৰ ওপৰত বছেৰেকীয়া ৰচনা প্ৰতিযোগিতা একোটা পাতি বা তৰ্কানুষ্ঠানৰ আয়োজন কৰি পুৰস্কাৰ ঘোষণাও কৰিব পাৰি। এনে পুৰস্কাৰৰ কাৰণে এটা পুঁজি প্ৰতি শিক্ষানুষ্ঠানৰ প্ৰাক্তন ছাত্ৰসকলে সদিচ্ছামূলকভাৱে আগ বঢ়াব পাৰে। তদুপৰি জিলা প্ৰশাসন আৰু বন বিভাগৰ সহযোগত ৰাস্তাৰ দাঁতিত বৃক্ষৰোপণ কৰাৰ আঁচনি সামাজিক দায়িত্ব হিচাপে ল’ব পাৰি।

লগতে পঢ়ক: World Environment Day: জলবায়ু পৰিৱৰ্তন কি?

 এনে কাৰ্যসূচীত লক্ষণীয় কথা হ’ব, ৰাস্তাৰ দুয়োকাষে যথেষ্ট ঠাই এৰি ৰুব লাগে যাতে ৰাস্তা বহল হ’লে গছ কাটিবলগীয়া নহয়। ৰাস্তাৰ দাঁতিত ৰোৱা গছবোৰ যদি এজাৰ, কাঞ্চন, পলাশ, শিমলু, কৃষ্ণচূড়া, ৰাধাচূড়া আদি হয়, তেন্তে গছে ছাঁ দিয়াৰ উপৰি বাটৰ সৌন্দৰ্যও বঢ়াব।

(হৰেকৃষ্ণ ডেকা, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান, বিশিষ্ট কবি, সাহিত্য সমালোচক।)

হৰেকৃষ্ণ ডেকা

হৰেকৃষ্ণ ডেকা

ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া, বিশিষ্ট কবি, লেখক

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd