• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাৰানসী বোমা বিস্ফোৰণৰ মূল অভিযুক্ত ৱালিউল্লাহ খানক ফাঁচীৰ আদেশ আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2022 5:28 pm
2006 Varanasi bomb blast
166
VIEWS
Share on FacebookShare on Twitter

অৱশেষত সুদীৰ্ঘ ১৬ বছৰৰ পিছত ২০০৬ চনৰ বাৰানসীত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত সন্ত্ৰাসবাদী ৱালিউল্লাহ খানৰ শাস্তিৰ আদেশ ঘোষিত হ’ল। আজি গাজিয়াবাদ জিলা আৰু সত্ৰ আদালতে এই বোমা বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড সন্ত্ৰাসবাদীজনক ফাঁচীৰ আদেশ প্ৰদান কৰে।

ৱালিউল্লাহ ওৰফে টুণ্ডা বৰ্তমান দাসনা কাৰাগাৰত বন্দী হৈ আছে। ৱালিউল্লাহৰ বিৰুদ্ধে ৬ টা গোচৰ পঞ্জীয়ন কৰা হৈছিল। ইয়াৰ ভিতৰত তেওঁ বৰ্তমান পৰ্যন্ত ৪ টা গোচৰত দোষী সাব্যস্ত হৈছে।

উল্লেখ্য যে ২০০৬ চনৰ ৭ মাৰ্চত বাৰানসীৰ সংকট মোচন মন্দিৰ আৰু সেনা নিবাস ৰেল ষ্টেচনত হোৱা বিস্ফোৰণত ২৮ জন নিহত হোৱাৰ লগতে ১০০ ৰো অধিক লোক আহত হৈছিল।

সেই দিনটোত সন্ধিয়া ৬.১৫ বজাত সংকট মোচক মন্দিৰৰ ভিতৰত প্ৰথম বিস্ফোৰণ সংঘটিত হয়। ১৫ মিনিটৰ পিছতে বাৰানসী সেনানিবাস ৰেল ষ্টেচনৰ প্ৰথম শ্ৰেণীৰ বিশ্ৰাম কক্ষৰ বাহিৰত আন এটা বোমা বিস্ফোৰণ হয়।

একেদিনাই এখন আৰক্ষী থানাৰ ৰে’লৱে ক্ৰছিংৰ ৰেলিঙৰ ওচৰত আৰু দশশ্বমেধ ঘাটত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হয়।

বিস্ফোৰণৰ তদন্ত কৰি থকা বিশেষ টাস্ক ফ’ৰ্চে ২০০৬ চনৰ এপ্ৰিল মাহত ৱালিউল্লাহ এই বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড বুলি দাবী কৰিছিল। লগতে টাস্ক ফ’ৰ্চে ৱালিউল্লাহ বাংলাদেশৰ এটা সন্ত্ৰাসবাদী গোট হৰকত-উল-জেহাদ আল ইছলামীৰ সৈতে জড়িত বুলিও দাবী কৰে।

২০০৬ চনৰ ৫ এপ্ৰিলত আৰক্ষীয়ে এই গোচৰটোৰ সন্দৰ্ভত লক্ষ্ণৌৰ গোচাইনগঞ্জ অঞ্চলৰ পৰা এলাহাবাদৰ ফুলপুৰ গাঁৱৰ বাসিন্দা ৱালিউল্লাহক গ্ৰেপ্তাৰ কৰে।

বাৰানসীৰ অধিবক্তাসকলে ৱালিউল্লাহৰ হৈ গোচৰটোত অংশ ল’বলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ে গোচৰটো গাজিয়াবাদ জিলা ন্যায়াধীশৰ আদালতলৈ স্থানান্তৰ কৰে।

ৱালিউল্লাহৰ লগতে এই বোমা বিস্ফোৰণৰ গোচৰত আন চাৰিজন অভিযুক্তকো তদন্তকাৰী দলটোৱে চিনাক্ত কৰিছিল। ইয়াৰে তিনিজন ক্ৰমে মুস্তাফিজ, জাকাৰিয়া আৰু ৱাছিৰ পলাতক অৱস্থাত থকাৰ বিপৰীতে মহম্মদ জুবেৰ নামৰ আন এজন অভিযুক্ত আৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত হৈছিল।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd