• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোবাইলত গেম খেলাত বাধা দিয়াৰ বাবেই মাতৃক গুলীয়াই হত্যা কিশোৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2022 11:33 am
Teen Shot Mother Over Mobile Game
447
VIEWS
Share on FacebookShare on Twitter

মোবাইল তথা ভিডিঅ’ গেমৰ আসক্তিয়ে বৰ্তমান শিশু তথা কিশোৰ সকলক মানসিকভাৱে কেনেদৰে দুৰাগ্ৰস্ত কৰি তুলিছে, উত্তৰ প্ৰদেশত সংঘটিত এক চাঞ্চল্যকৰ কাণ্ডই তাৰ এক ভয়াৱহ প্ৰমাণ দাঙি ধৰিছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এগৰাকী ১৬ বছৰীয়া কিশোৰে নিজ মাতৃক মোবাইল ফোনত গেম খেলিবলৈ বাধা দিয়াৰ বাবেই গুলীয়াই হত্যা কৰিছে।

আনকি পেছাদাৰী হত্যাকাৰীৰ দৰে কিশোৰজনে মাকক হত্যা কৰাৰ পিছত নিজ গৃহতে দুদিনৰ বাবে মৃতদেহ লুকুৱাই ৰাখিছিল।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে কিশোৰজনে মাতৃৰ সৈতে মোবাইলত গেম খেলাক কেন্দ্ৰ কৰি তৰ্কত লিপ্ত হৈছিল। মাকে গেম খেলিবলৈ বাধা প্ৰদান কৰাত ৰুষ্ট হৈ পৰে কিশোৰজন।

এই বিবাদৰ ফলশ্ৰুতিতে হিতাহিত জ্ঞান হেৰুৱাই দেওবাৰে পুৱতি নিশা কিশোৰজনে তেওঁৰ দেউতাকৰ অনুজ্ঞাপ্ৰাপ্ত থকা ৰিভলভাৰেৰে মাকক হত্যা কৰিছিল।

আকস্মকতে নিজ পুত্ৰই চলোৱা গুলীয়ে মহিলাগৰাকীৰ মূৰত আঘাত কৰিছিল আৰু লগে লগে তেওঁৰ মৃত্যু হৈছিল।

কিশোৰজনে ইয়াৰ পিছত মাকৰ মৃতদেহ লুকুৱাই ৰাখিছিল আৰু ন বছৰীয়া ভনীয়েকৰ সৈতে দুদিন তেনেকৈয়ে ঘৰত আছিল। তদুপৰি মৃতদেহৰ দুৰ্গন্ধ ঢাকিবলৈ কোঠাত ফ্ৰেচনাৰো ব্যৱহাৰ কৰিছিল কিশোৰজনে।

আনহাতে কিশোৰজনৰ ভনীয়েকে আৰক্ষীক জানিবলৈ দিয়া মতে যদি তাই এই বিষয়ে কাৰোবাক কয়, তেন্তে সি তাইকো হত্যা কৰাৰ ভাবুকি দিছিল।

মৃত মহিলাগৰাকীৰ স্বামী অৰ্থাৎ কিশোৰজনৰ দেউতাক সেনা বাহিনীত কৰ্মৰত সূত্ৰে পশ্চিম বংগত থাকে। কিশোৰজনে প্ৰথমে এটা ভুৱা কাহিনীৰে দেউতাকক মাকৰ মৃত্যুৰ খবৰ দিয়ে আৰু কয় যে ঘৰলৈ কোনো কামৰ বাবে অহা এজন ইলেক্ট্ৰিচিয়ানে মাকক গুলীয়াই হত্যা কৰিছে।

আনকি আৰক্ষীৰ আগতো কিশোৰজনে একেই কাহিনী অৱগত কৰিছিল। কিন্তু আৰক্ষীয়ে অনুসন্ধান কৰি এই কাহিনী সম্পূৰ্ণৰূপে কাল্পনিক বুলি জানিব পাৰে আৰু লগে লগে কিশোৰজনক জিম্মাত লয়।

ইতিমধ্যে কিশোৰজনে জেৰাৰ সময়ত নিজৰ অপৰাধ স্বীকাৰ কৰিছে বুলি আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিছে।

Recent News

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd