দেশৰ ৰাজধানী চহৰ দিল্লীত আজি তাপমাত্ৰা আছিল ৪৫ ডিগ্কী চেলচিয়াছ৷ এনে
গৰমৰ মাজতে এটি কণমানি ছাত্ৰীক হোমৱৰ্ক নকৰাৰ বাবেই প্ৰচণ্ড গৰমত হাত-ভৰি বান্ধি চাদত শাস্তি বিহা হ’ল৷
এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে দিল্লী আৰক্ষীয়ে বিষয়টো গভীৰ ভাবে গ্ৰহণ কৰি তদন্ত আৰম্ভ কৰিছে৷
জানিব পৰা মতে ভিডিঅ’টো কাৰাৱাল নগৰ অঞ্চলত দৃশ্যগ্ৰহণ কৰা হৈছিল বুলি ভবা হৈছিল যদিও অনুসন্ধানৰ পিছত সেয়া কাৰাৱাল নগৰৰ ঘটনা বুলি নিশ্চিত কৰা হয়৷
আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে তদন্ত চলি আছে আৰু বিষয়টো সন্দৰ্ভত আইনী ব্যৱস্থা লোৱা হ’ব।