• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিশ্বগুৰুৰ স্বপ্ন ভংগ! নুপুৰ শৰ্মাৰ বক্তব্যই কিদৰে বিপদত পেলালে ভাৰতক?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2022 7:00 pm
Nupur Sharma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বগুৰু হ’বলৈ উদগ্ৰীৱ হৈ থকা ভাৰতে সেও মানিছে নেকি আৰৱ বিশ্বৰ ওচৰত? সততে মুছলিমবিৰোধিতাৰে চৰ্চাত থকা বিজেপি নেতাসকলে ভয় খালে নেকি আৰৱ বিশ্বৰ ৰঙাচকু দেখি? হজৰত মহম্মদৰ ওপৰত নুপুৰ শৰ্মা আৰু নবীন কুমাৰ জিন্দালে আগবঢ়োৱা এটা আপত্তিজনক বক্তব্যৰ বাবে বিজেপিয়ে বহিস্কাৰ কৰিছে নেতা দুজনক।

কিন্তু কিয় নেতা দুজনৰ ওপৰত এই ব্যৱস্থা ল’বলৈ বাধ্য হ’ল দলটো? চাও আহক এক বিশেষ প্ৰতিবেদন।

বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মা আৰু নেতা নবীন জিন্দালে টিভি চেনেলত প্ৰদান কৰা এটা মন্তব্যই সম্প্ৰতি তীব্ৰ হৈ-চৈৰ সৃষ্টি কৰিছে। ব্যাহত হৈছে আৰৱৰ স’তে ভাৰতৰ অৰ্থনৈতিক সম্পৰ্ক।

ভাৰতৰ ওপৰত ক্ষোভত ফাটি পৰিছে বাহৰেইন, কুৱেইট, অমান, কাটাৰ, চৌদি আৰৱ, সংযুক্ত আৰৱ আমিৰশ্বাহীকে ধৰি আৰৱ বিশ্বৰ শক্তিশালী দেশসমূহ। পৰিস্থিতি হিতে বিপৰীত যোৱা দেখি নেতাকেইজনক বৰ্খাস্ত কৰিছে বিজেপিয়ে।

কিন্তু কিয় তৎক্ষণাৎ এই পদক্ষেপ ল’ব লগা হ’ল বিজেপিয়ে? ইয়াৰ কাৰণ হৈছে, আৰৱ বিশ্বৰ ওপৰত ভাৰতে বৃহৎ পৰিমাণে নিৰ্ভৰ কৰে। এইখিনিতে চাও আহক, আৰৱ বিশ্বৰ ওপৰত কিমান নিৰ্ভৰশীল ভাৰত।

অতীজৰে পৰা আৰৱ বিশ্বৰ স’তে ভাৰতৰ সম্পৰ্ক আছে। এয়া কেৱল ব্যৱসায়েই নহয়, সাংস্কৃতিকভাৱেও দুয়োটা অঞ্চলৰ নিকট সম্পৰ্ক আছে। ভাৰতৰ কেইবাখনো ৰাজ্যৰ বাসিন্দাই ডুবাই, শ্বাৰজাহকে ধৰি আৰৱ বিশ্বৰ চহৰসমূহত সেয়ে স্বাচ্ছন্দ্যৰে জীৱিকা নিৰ্বাহ কৰি আহিছে।

প্ৰায় ৮৯ লাখ ভাৰতীয় নাগৰিকে আৰৱবিশ্বত বাস কৰে। ডুবাই, আবুধাবিৰ কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ ভাৰতীয় বংশোদ্ভৱ ব্যৱসায়ীসকল। এই ভাৰতীয়সকল অধিকাংশই কেৰালা, উত্তৰপ্ৰদেশ আৰু বিহাৰৰ পৰা প্ৰব্ৰজন কৰা।

এতিয়া কাটাৰ, সংযুক্ত আৰৱ আমিৰশ্বাহীকে ধৰি আৰৱ বিশ্বৰ কেইবাখনো শক্তিশালী দেশে ভাৰতীয় নাগৰিকৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বৰ্জন কৰিছে। যাৰ প্ৰভাৱ পৰিছে এই ভাৰতীয় ব্যৱসায়সকলৰ ওপৰত। কেৱল আৰৱ বিশ্বত থকা ভাৰতীয়সকলেই নহয়, সমগ্ৰ ভাৰতৰ অৰ্থনীতি আৰৱৰ ওপৰত নিৰ্ভৰশীল।

আৰৱৰ এই দেশসমূহৰ স’তে ভাৰতে ২০২১-২২ বিত্তীয় বৰ্ষত ১৮৯ বিলিয়ন ডলাৰৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে সংযুক্ত আৰৱ আমিৰশ্বাহী হৈছে ভাৰতৰ তৃতীয় বৃহত্তম ব্যৱসায়স্থলী। দুয়োখন দেশে ২০২১-২২ চনত ৭২ মিলিয়ন ডলাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল।

ভাৰতত উৎপাদিত খাদ্যৰ বাবে সংযুক্ত আৰৱ আমিৰশ্বাহী হৈছে এখন বৃহৎ বজাৰ। আটাইতকৈ ডাঙৰ কথা হৈছে আৰৱৰ তেল আৰু গেছৰ ওপৰত ভাৰতে বৃহৎ পৰিমাণে নিৰ্ভৰ কৰে। আৰৱে ভাৰতক দৈনিক ৬০ শতাংশৰো অধিক পৰিমাণৰ খাৰুৱা তেলৰ যোগাৰ ধৰি আহিছে।

এইসমূহ কাৰণৰ বাবেই আৰৱবিশ্ব ভাৰতৰ প্ৰকৃত বন্ধুৰ ভূমিকা পালন কৰি আহিছে। আনকি ২০০৬ চনত চৌদী আৰৱৰ ৰজা আব্দুল্লাহ বিন আব্দুল আজিজ ভাৰতৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল। নৰেন্দ্ৰ মোদীয়েও প্ৰধানমন্ত্ৰী হোৱাৰ পাছত ২০১৫-১৬ চনত আৰৱ বিশ্বৰ দেশসমূহ ভ্ৰমণ কৰিছিল।

মোদীৰ লক্ষ্য আছিল আৰৱৰ স’তে ভাৰতৰ অৰ্থনৈতিক সম্পৰ্ক অধিক তীব্ৰতৰ কৰি তোলা। আনকি সংযুক্ত আৰৱ আমিৰশ্বাহীত নৰেন্দ্ৰ মোদীয়ে এটা হিন্দু মন্দিৰো উদ্বোধন কৰিছিল। কিন্তু আৰৱৰ স’তে সুসম্পৰ্ক ৰাখিব বিচৰা প্ৰধানমন্ত্ৰী মোদীৰ ভক্তসকলেই এতিয়া তেওঁক বিমোৰত পেলাবলৈ ধৰিছে।

মোদীৰ আশীষতে নুপুৰ শৰ্মাৰ দৰে সাম্প্ৰদায়িক মনোভাৱাপন্ন নেত্ৰীয়ে এই মন্তব্য কৰিছিল। কিন্তু কেৱল ধৰ্ম ধৰ্ম কৰি ৰাজনীতি কৰি অহা এই বিজেপি নেতাসকলে বাস্তৱিক পৰিস্থিতি অধ্যয়ন কৰিবলৈ পাৰ্গত নে? আৰৱক বাদ দি ভাৰতৰ অৰ্থনীতিয়ে কিদৰে গতি ল’ব?

এতিয়া আৰৱ বিশ্বৰ স’তে ভাৰতৰ সম্পৰ্ক আগৰ দৰে নহয়। সেয়ে তেল, গেছৰ ক্ষেত্ৰত আৰৱৰ বিকল্প কেনেধৰণৰ নীতি ভাৰত চৰকাৰে গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd