ইছলাম ধৰ্মৰ এক প্ৰধান বিশ্বাস এয়ে যে হজৰত মহম্মদ পৃথিৱীৰ মানুহৰ মাজলৈ ইশ্বৰে পঠোৱা শেষজন দূত বা বাৰ্তাবাহক। সেইবাবেই তেওঁ লিপিবদ্ধ কৰা ইশ্বৰৰ বাণীসমূহ সংৰক্ষণ কৰা কোৰাণ ইছলাম ধৰ্মৰ বেদস্বৰূপ। এইজন ইশ্বৰৰ দূতৰ প্ৰতি অসন্মান বা অৱজ্ঞা প্ৰদৰ্শন সেয়ে মুছলমানসকলৰ বাবে তেওঁলোকৰ ধৰ্মৰ প্ৰতি চূড়ান্ত অপমান।
অসমত শংকৰদেৱৰ প্ৰতি অসন্মান যেনেকৈ মহাপুৰুষীয়া সকলৰ বাবে অত্যন্ত অসহনীয়, তেনেকৈ বা তাতোকৈ বেছি মাত্ৰাত মুছলমানসকলৰ বাবে হজৰত মহম্মদৰ প্ৰতি অসন্মান তেওঁলোকৰ ধৰ্ম, সম্প্ৰদায, বিশ্বাসৰ প্ৰতি চৰম,অসহনীয় ভেঙুচালি।এনে এক ঘটনাই তেওঁলোকক তৎক্ষণাত চূড়ান্ত উত্তেজনা আৰু ক্ষোভ-ক্ৰোধৰ স্তৰলৈ লৈ যায়।
অলপতে বিজেপি দলৰ অন্যতম ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মাই কোনো এক টিভি চেনেলৰ গধূলিৰ বিতৰ্কত অংশগ্ৰহণ কৰি হজৰত মহম্মদৰ প্ৰতি তেনে এক অৱজ্ঞা প্ৰদৰ্শন কৰে। হজৰত মহম্মদৰ প্ৰতি মহাত্মা গান্ধীৰ দৰে জাতীয় নেতাই গভীৰ শ্ৰদ্ধা পোষণ কৰিছিল। আনকি বহুতে মুছলমান-বিদ্বেষী বুলি ভুলকৈ ভবা গোপীনাথ বৰদলৈ ডাঙৰীয়ায়ো কাৰাগাৰৰ পৰা জ্যেষ্ঠ পুত্ৰলৈ লিখা এলানি চিঠিত হজৰত মহম্মদৰ জীৱনী বিৱৰি কৈ তেওঁ দিয়া নীতিশিক্ষা আৰু জ্ঞানৰ সাৰমৰ্ম গভীৰ শ্ৰদ্ধাৰে বাখ্যা কৰিছিল (প্ৰকাশন পৰিষদে প্ৰকাশ কৰা গোপীনাথ বৰদলৈ ৰচনাৱলী চাওক)। সেই স্তৰলৈ উধাব নজনা স্থূলবুদ্ধিৰ মানুহে তেওঁৰ চৰিত্ৰদোষ দেখিব পাৰে। কিন্তু মহৎ মনা মানুহে নোৱাৰে।
ভাৰত চৰকাৰ আৰু বিজেপিৰ তথ্য প্ৰযুক্তি কোষে কোনে ক’ত কি কৈছে, প্ৰতি মুহূৰ্তত নজৰত ৰাখে। সেয়ে নুপুৰ শৰ্মাৰ বিস্ফোৰক মন্তব্য তেওঁলোকে তৎকালেই গম পাইছিল। কিন্তু ইতিপূৰ্বে এনে ঘৃণাসূচক আৰু হিংসাত প্ৰৰোচনা দিব পৰা বিজেপি নেতা-পালিনেতাৰ মতামতৰ প্ৰতি ভাৰতৰ চৰকাৰ উদাসীন হৈ আছে। আনকি কেতবোৰ তথাকথিত ‘সন্ত’ই তৰোৱাল লৈ মুশ্লিম নিধন কৰাৰ সময় সমাগত বুলি কোৱাৰ পিছতো চৰকাৰ আচৰিত ধৰণে টলকা মাৰি থাকিল। হয়তো নুপুৰ শৰ্মাৰ উক্তিৰ প্ৰতিও তেনে উদাসীন মনোভাৱ পোষণ কৰা ভাল বুলি ধৰি ল’লে। কোৱা বাহুল্য যে ইতিপূৰ্বে হিন্দুত্ববাদীৰ নানা মুশ্লিম-বিৰোধী কাৰ্য আৰু মন্তব্যৰ প্ৰতি চৰকাৰৰ উদাসীনতাই সাহস দিয়া বাবে এনে নেতা বা প্ৰবক্তাৰ মন্তব্য অধিক-অধিক উগ্ৰ হৈ অহা দেখা গৈছিল হজৰত মহম্মদৰ প্ৰতি মুকলি অশ্ৰদ্ধাত এই বিদ্বেষ-বিবাদে শীৰ্ষ বিন্দু আৰোহণ কৰিলে। চৰকাৰৰ ইচ্ছাৰ বিৰুদ্ধে নহয় নিশ্চয়।
পাৰস্য উপসাগৰৰ কাষৰীয়া ইৰাণ, আৰব সাগৰৰ তীৰৰ ছাউদি আৰব, কাটাৰ, সংযুক্ত আৰব আমিৰশ্বাহি, আদি আৰব্য উপকূলৰ মুশ্লিম ধৰ্মাৱলম্বী দেশবোৰ ভাৰতৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ।ভাৰতৰ বিদ্যুৎ উৎপাদন, কল-কাৰখানা, যান-বাহন চলাবলৈ প্ৰয়োজন হোৱা তেলৰ ৪০ শতাংশ আহে এইবোৰ দেশৰ পৰা। ভাৰতৰ মুঠ ৰপ্তানিৰ ১৫ শতাংশ সামগ্ৰী কিনে এইবোৰ দেশে। আৰু প্ৰবাসী ভাৰতীয়ৰ মুঠ জনসংখ্যাৰ ২৮ শতাংশ হৈছে আৰব দেশত কৰ্মৰত ভাৰতীয় অভিযন্তা, প্ৰযুক্তিবিদ, তথ্য প্ৰযুক্তিবিদ, ব্যৱসায়ী ইত্যাদি (The Hindu, ৭ জুন, ২০২২)। তেওঁলোকে বিদেশৰ পৰা ভাৰতীয়ই দেশলৈ পঠোৱা মুঠ ধনৰ ৫৫ শতাংশ পঠায় (The Hindu, ৭ জুন, ২০২২)।
এনে পৰিস্থিতিত কোনোমতেই এইবোৰ দেশৰ লগত বৈৰিতা সৃষ্টি কৰা নীতি বা কাৰ্য সুচিন্তিত বুলি ক’ব নোৱাৰি। বৰং তাক ভয়াৱহ হঠকাৰিতা বুলি ক’বই লাগিব। ই ঠিক যে এই আৰব দেশবোৰৰ শাসকবৃন্দও ভাৰত চৰকাৰৰ সৈতে লাভজনক ব্যৱসায় চলাই থকাৰ পক্ষপাতী। কাৰণ তাৰ পৰা তেওঁলোকো লাভৱান হৈছে। আৰু ভাৰতত হৈ থকা নানা মুশ্লিম বিৰোধী কাৰ্যকলাপৰ প্ৰতি তেওঁলোকৰ প্ৰতিক্ৰিয়া ইতিমধ্যে সেয়ে নৰম হৈ আছিল। ২০০২ চনৰ গুজৰাট নৰমেধৰ পিছত প্ৰধানমন্ত্ৰী হোৱা নৰেন্দ্ৰ মোদীয়ে আৰব দেশবোৰত অসন্মানৰ সন্মুখীন হোৱা নাই। বৰং সেইবোৰ দেশৰ শীৰ্ষ সন্মান লাভ কৰিছে।
কিন্তু এইবাৰৰ ঘটনা বেলেগ। এইবাৰ দেশত শাসনাধীষ্ঠ দলৰ মুখপাত্ৰৰ মুখতে যেতিয়া ইছলাম ধৰ্মৰ প্ৰতি চৰম অসন্মান আৰু অৱজ্ঞা প্ৰকাশ পালে, তেতিয়া নি:সন্দেহে এনে ধৰণৰ আচৰণে সহ্যৰ সীমা পাৰ হৈ গ’ল। আৰব দেশবোৰৰ শাসকবৃন্দৰো স্বদেশৰ জনগণৰ ভাৱ-অনুভূতি সম্পূৰ্ণ অৱজ্ঞা কৰাৰ সাহস বা সাধ্য নাই। সেয়ে আগৰপৰা নিৰ্দ্ধাৰিত হৈ থকা উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰো কাটাৰ যাত্ৰা সুখৰ নহ’ল। তাত তেওঁৰ সন্মানত পূৰ্বে নিৰ্দ্ধাৰণ কৰা ভোজমেল বাতিল হ’ল। তাৰ ৰাষ্ট্ৰনেতা বিলাকৰ লগত তেওঁৰ দেখা-সাক্ষাৎ সৌহাদ্যপূৰ্ণ নহৈ নিতান্ত শীতল হ’ল।
ন দিনৰ পিছত নুপুৰ শৰ্মা দলৰ পৰা নিলম্বিত কৰা হ’ল, তেওঁক উৎসাহেৰে সমৰ্থন দিয়া দিল্লী বিজেপিৰ তথ্যকোষৰ মুৰব্বী নবীন কুমাৰ দলৰ পৰা বহিষ্কৃতই হ’ল। তথাপি আৰব নেতাসকলে ভাবিলে এই ব্যৱস্থা too little, too late হ’ল। ন দিন পলম কৰি আৰব দেশবোৰৰ তীব্ৰ চৰকাৰী প্ৰতিক্ৰিয়াৰ পিছতহে এই সিদ্ধান্ত লোৱা হৈছিল। কথাটো তেওঁলোকেও লক্ষ্য কৰিলে।
আনহাতে এনে মন্তব্য শাসন নকৰি সচৰাচৰ তাত উৎসাহ দিয়া চৰকাৰৰ সমস্যা হ’ল এয়ে যে নুপুৰ শৰ্মাৰ ওপৰত এই শাস্তিমূলক ব্যৱস্থা হোৱাত বিজেপিৰ দলৰ সাধাৰণ কৰ্মী আৰু তলৰ মহলাৰ নেতাবিলাক অতি ক্ষুদ্ধ হৈছে। তেওঁলোকে ধৰি লৈছে যে এনে কাৰ্যত প্ৰশ্ৰয় দিয়া চৰকাৰেই অন্যায়ভাৱে নুপুৰ শৰ্মাক শাস্তি দিছে। এনে ক্ষোভ আৰু অসন্তোষ আশংকা কৰিয়েই ভাৰত চৰকাৰে OIC (Organization of Islamic Countries) নামৰ আন্ত:ৰাষ্ট্ৰীয় সংস্থাটোৱে উক্ত ঘটনা তীব্ৰ ভাষাত নিন্দা কৰাৰ উপৰি ভাৰতত ক্ৰমে বাঢ়ি অহা মুশ্লিম নিৰ্যাতনৰ বিষয়ে ক্ষোভ প্ৰদৰ্শন কৰা বিবৃতিত ভদ্ৰ আৰু মৃদু প্ৰতিবাদ নকৰি কিছু উগ্ৰভাৱে গেঙেৰি মাৰি ধৰিছে। ভাৰতৰ চৰকাৰক কৰা এই নিন্দাক ‘সংকীৰ্ণমনা’ আৰু অনুচিত বুলি গৰিহণা দিছে, যাতে বিজেপি দলৰ কৰ্মী আৰু সমৰ্থকবিলাকে বুজি পায় যে বিজেপি চৰকাৰ মুছলমানৰ ওচৰত ‘সেও হৈ থকা নাই’!
কিন্তু OIC- এ কোৱা কথাষাৰ ভাৰতৰ অজস্ৰ সাংবাদিক, ৰাজনৈতিক নেতা আৰু বুদ্ধিজীৱিয়ে ইতিমধ্যে কোৱা কথাৰ অনুৰূ। পাৰ্থক্য বিশেষ নাই। তেওঁলোকে ইতিমধ্যে বহুবাৰ সতৰ্কবাণী শুনাইছে যে দেশত মুশ্লিম-বিদ্বেষ আৰু মুশ্লিম নিৰ্যাতন অপৰিমিত হাৰত বৃদ্ধি পাইছে, আৰু হজৰত মহম্মদৰ প্ৰতি শ্লেষোক্তি তাৰেই পৰিণাম অথচ এওঁলোকৰ সৰহভাগৰে আৰব দেশবোৰৰ লগত কোনো সম্পৰ্ক নাই। বিজেপি চৰকাৰৰ নেতাবিলাকৰ সম্পৰ্ক তাতকৈ বহুত বেছি।
ঘটনাৰ তাৎপৰ্য পাঠক সকলে গমি চাওক। পৃথিৱীৰ সকলো ঘটনা সাম্প্ৰদায়িক দৃষ্টিকোণেৰে চাবলৈ লোৱা বাবে চৰকাৰ আৰু দলে দেশখনকে বিপদত পেলাব পাৰে। এই প্ৰসঙ্গত সমানে প্ৰয়োজনীয় বিষয় হৈছে মুশ্লিম ৰাইজৰ প্ৰতিক্ৰিয়া। শিক্ষিত মধ্যবিত্ত চাম আইন-আদালত, পুলিচ-প্ৰশাসনৰ এইবোৰ ঘটনাৰ প্ৰতি মনোভাৱ দেখি বিমূঢ় আৰু হতচেতন। কিন্তু জীৱন-জীৱিকাত প্ৰত্যক্ষভাৱে বিপন্ন মুশ্লিম জনগণ আৰু তেওঁলোকৰ আবেগৰ সহায়ত প্ৰতিপত্তি অৰ্জন কৰিব খোজা এচাম ৰাজনৈতিক নেতাই তেওঁলোকলৈ বাট চাই থকা নাই।
কৌটি-টকীয়া প্ৰশ্ন হৈছে, কি কৰিব এতিয়া ? কেতবোৰ ৰাজনৈতিক বা সাম্প্ৰদায়িক নেতাৰ উচটনিত উগ্ৰ, হিংস্ৰ প্ৰতিক্ৰিয়া কৰিলে ফল ভবাতকৈ বিষম হ’ব, আৰু শেষত জনগণেই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব। নেতা সাৰি যাব। জনগণ ধনে-প্ৰাণে মৰা পৰিব।
দেশৰ আন ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক শক্তিবোৰৰ লগত মিলি প্ৰবল অহিংস প্ৰতিবাদ-প্ৰতিৰোধৰ বাহিৰে আন উপায় নাই।