শিৱসাগৰ কাথপাৰাত আজি ঐতিহাসিক শ্ৰী শ্ৰী নিত্যানন্দদেৱ থানত পবিত্ৰ শৰণ তথা দীক্ষা গ্ৰহণ পৰ্ব সম্পন্ন কৰা হয়।
শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱে প্ৰতিষ্ঠা কৰা মায়া মৰা সমাজৰ শৰণ কাৰ্য সম্পন্ন হয়।
ব্ৰতে-বিধানে থাকি পুৱাৰ পৰাই শৰণ কাৰ্যত ভাগ লয় অঞ্চলটোৰ ৫২ গৰাকী পুৰুষ মহিলাই।
গুৰু সেৱা কৰি মূৰত কল পাতেৰে মেৰিওয়া তামোল পাণ লৈ নদীত স্নান কৰি আশীৰ্বাদ গ্ৰহণ কৰে শৰণীয়া সকলে।
ডিব্ৰুগড়ৰ মদাৰখাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী সচিদানন্দ দেৱে শৰণ প্ৰদান কৰে অঞ্চলটোৰ ৫৬ গৰাকী পুৰুষ-মহিলাক।