• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উত্তৰ প্ৰদেশ প্ৰশাসনৰ বিৰুদ্ধে সংবিধানক উপহাসৰ অভিযোগ: উচ্চতম ন্যায়ালয়লৈ মুকলি চিঠি প্ৰাক্তন ন্যায়াধীশৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2022 8:41 am
Bulldozer action in UP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ প্ৰশাসনে নিতৌ সংবিধানক উপহাস কৰিছে। এইয়া কোনো সাধাৰণ মানুহৰ অভিযোগ নহয়, উচ্চতম ন্যায়ালয়ৰ তিনিগৰাকী প্ৰাক্তন ন্যায়াধীশসহ দেশৰ ১২ জন বিশিষ্ট ব্যক্তিয়ে যোগীৰ প্ৰশাসনৰ বিৰুদ্ধে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ। চৰকাৰৰ মুকলি পৃষ্ঠপোষকতাত ৰাজ্যখনত প্ৰত্যক্ষভাৱে মুছলমান সম্প্ৰদায়ৰ প্ৰতি ভাবুকিৰ পৰিৱেশ গঢ়ি তোলা হৈছে।

প্ৰধানত মুছলমান লোকসকলক লক্ষ্য কৰিয়ে যোগী প্ৰশাসনে ৰাজ্যখনত আৰম্ভ কৰিছিল ‘বুলড’জাৰ প্ৰথা’ৰ দৰে এক অনৈতিক কাৰ্যকলাপ। শেহতীয়াকৈ ৰাজ্য প্ৰশাসনৰ এই বুলড’জাৰ প্ৰথাৰ চিকাৰ হয় ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ ৰাজনৈতিক কৰ্মী জাভেদ মহম্মদ।

সম্প্ৰতি দেশৰ লগতে আন্তৰ্জাতিক ৰাজনীতিত চৰ্চাৰ বিষয় হৈ পৰা বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মাৰ প্ৰফেট মহম্মদ সন্দৰ্ভত বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে যোৱা শুকুৰবাৰে দেশৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছিল এক অভিনৱ পৰিস্থিতিৰ।

নুপুৰ শৰ্মাৰ মন্তব্যৰ বিৰোধিতাৰে দেশৰ বিভিন্ন প্ৰান্তত ৰাজপথলৈ ওলাই আহিছিল মুছলমান ধৰ্মাৱলম্বী লোকসকল। উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলটো এই প্ৰতিবাদৰ দৃশ্য দেখিবলৈ পোৱা গৈছিল। ৰাজ্যখনৰ অন্যতম প্ৰধান চহৰ প্ৰয়াগৰাজতো শতাধিক মুছলমান ধৰ্মীয় লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

ইয়াৰ পিছতে জাভেদ মহম্মদক এই প্ৰতিবাদী কাৰ্যকলাপৰ মাষ্টাৰমাইণ্ড হিচাপে চিহ্নিত কৰি তেওঁৰ বাসভৱনত বুলড’জাৰেৰে উচ্ছেদ চলাইছিল উত্তৰ প্ৰদেশ প্ৰশাসনে।

ৰাজ্য প্ৰশাসনৰ এই কাৰ্যক স্পষ্টকৈ ‘মুছলমান নাগৰিকৰ বিৰুদ্ধে ৰাজ্যিক কৰ্তৃপক্ষৰ হিংসাত্মক আৰু দমনমূলক কাৰ্য’ বুলি অভিযোগ কৰি উচ্চতম ন্যায়ালয়ৰ তিনিগৰাকী প্ৰাক্তন ন্যায়াধীশসহ দেশৰ ১২ জন বিশিষ্ট ব্যক্তিয়ে উচ্চতম ন্যায়ালয়লৈ এক পত্ৰ প্ৰেৰণ কৰিছে আৰু ৰাজ্য প্ৰশাসনৰ এই ভয়াৱহ কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আদালতক আহ্বান জনাইছে।

উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰা পত্ৰখনত এই বিশিষ্ট ব্যক্তিসকলে প্ৰবাদকাৰী লোকসকলৰ বাসভৱন বুলড’জাৰেৰে ধ্বংস কৰা কাৰ্যক আইনৰ শাসনৰ এক অগ্ৰহণযোগ্য ধ্বংসাত্মক ব্যৱহাৰ বুলি অভিহিত কৰা হৈছে আৰু এই সমগ্ৰ ঘটনাৰাজি আদালতক স্বতঃপ্ৰণোদিত ভাৱে বিবেচনা কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী, ভি গোপাল গৌড়া আৰু এ কে গাংগুলীৰ উপৰিও ১৪ জুনত প্ৰেৰণ কৰা পত্ৰখনত উচ্চ ন্যায়ালয়ৰ তিনিজন প্ৰাক্তন ন্যায়াধীশ আৰু ছয়জন অধিবক্তাই স্বাক্ষৰ কৰিছে।

উল্লেখ্য যে শুকুৰবাৰৰ প্ৰতিবাদৰ পিছত উত্তৰ প্ৰদেশ আৰক্ষীয়ে আঠখন জিলাৰ পৰা ৩৩৩ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ১৩ খন পৃথক এজাহাৰ পঞ্জীয়ন কৰিছে। আৰক্ষীৰ জিম্মাত এই লোক সকলক প্ৰহাৰ কৰা হৈছে বুলিও অভিযোগ উত্থাপিত হৈছে।

মূলত: মুছলমান ধৰ্মাৱলম্বী হোৱা বাবেই এই লোকসকলৰ ওপৰত এনে অত্যাচাৰ কৰা হৈছে বুলি উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই সন্দৰ্ভত এই ১২ গৰাকী বিশিষ্ট লোকে পত্ৰখনত মুকলিকৈ যোগী আদিত্যনাথক দোষাৰোপ কৰি উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আৰক্ষী-প্ৰশাসনৰ এই অবিবেচকী কাৰ্যই এক উদাহৰণ স্থাপন কৰিছে বুলি যি বিবৃতি দিছে, ইয়াৰ দ্বাৰা এনে কাৰ্যক অনুমোদন জনাই আৰক্ষীক প্ৰতিবাদকাৰীসকলক অত্যাচাৰ কৰিবলৈ অধিক উৎসাহিত কৰি তুলিছে।

পত্ৰখনত লগতে কোৱা হৈছে যে কোনো ধৰণৰ গুৰুতৰ কাৰণ নোহোৱাকৈ তথা জাননী নোহোৱাকৈয়ে প্ৰতিবাদকাৰীৰ ঘৰ ভাঙি পেলোৱা আৰু সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে খেদি খেদি প্ৰহাৰ কৰা আদি দৃশ্য সামাজিক মাধ্যমত প্ৰচাৰ হৈছে। এনে দৃশ্য সমূহে ৰাষ্ট্ৰৰ বিবেক কঁপাই তুলিছে।

আৰক্ষী আৰু ৰাজ্যিক উন্নয়ন কৰ্তৃপক্ষই যিদৰে সমন্বিতভাৱে কাম কৰিছে, ইয়াৰ দ্বাৰা সামূহিক ন্যায়িক বহিৰ্ভূত শাস্তিক নায্যতা দিয়াৰ পৰিৱেশ ৰচনা কৰা হৈছে বুলিও পত্ৰখনত অভিযোগ কৰা হৈছে।

“এনে সংকটজনক সময়ত ন্যায়পালিকাৰ দক্ষতা পৰীক্ষা কৰা হয়” বুলি উল্লেখ কৰি অতীতত ন্যায়পালিকাই জনসাধাৰণৰ অধিকাৰৰ ৰক্ষক হিচাপে সুখ্যাতিৰে আত্মপ্ৰকাশ কৰিছিল বুলিও উচ্চতম ন্যায়ালয়ক সোৱৰাই দিয়ে পত্ৰ প্ৰেৰক সকলে।

গতিকে উত্তৰ প্ৰদেশ চৰকাৰৰ এই সংবিধান তথা ন্যায় বহিৰ্ভূত কাৰ্যপ্ৰণালীৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে স্বতঃপ্ৰণোদিত ভাৱে বিবেচনা কৰিব লাগে বুলি পত্ৰযোগে আহ্বান কৰা হৈছে।

উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰা এই পত্ৰখনত স্বাক্ষৰকাৰীসকলৰ ভিতৰত আছে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু ভাৰতৰ আইন আয়োগৰ প্ৰাক্তন অধ্যক্ষ ন্যায়াধীশ এ পি শ্বাহ; মাদ্ৰাজ উচ্চ ন্যায়ালয়ত সেৱা আগবঢ়োৱা ন্যায়াধীশ কে চান্দ্ৰু আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ত সেৱা আগবঢ়োৱা ন্যায়াধীশ মহম্মদ আনৱাৰ।

তেওঁলোকৰ লগতে ছয়গৰাকী জ্যেষ্ঠ অধিবক্তা ক্ৰমে প্ৰশান্ত ভূষণ, ইন্দিৰা জয়সিং, চন্দ্ৰ উদয় সিং, শ্ৰীৰাম পাঞ্চু, আনন্দ গ্ৰোভাৰ আৰু প্ৰাক্তন আইন মন্ত্ৰী শান্তি ভূষণেও এই পত্ৰখনত স্বাক্ষৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd