এই শাসন ব্যৱস্থাৰ বৈশিষ্ট্য হৈছে ইয়াৰ নায়ক সকলে মনোমোহা শব্দৰ আৱৰণ (Packaging) দি জনগণৰ বাবে অতি ক্ষতিকৰ কেতবোৰ নীতি প্ৰবৰ্তন কৰাৰ পদ্ধতি। বিমুদ্ৰাকৰণ, জিএছটি আদি মনোৰম মন্ত্ৰ:পুত ব্যৱস্থাৰ মাধমাৰত এতিয়া এমুঠি ধনকুবেৰৰ বাহিৰে আটায়ে লেবেজান। “নতুন শিক্ষা নীতি” এনে এক মনোমোহা আৱৰণ যাৰ দ্বাৰা প্ৰবৰ্তন কৰিব বিচৰা হৈছে আন এক জনবিৰোধী মাৰাত্মক নীতি তথা কাৰ্যসূচী। কিন্তু ইয়াৰ ভিতৰত কি আছে গমি নাচাই “সকলোৰে বাবে শিক্ষা”, “বিশ্বমানলৈ ভাৰতীয় শিক্ষা ব্যৱস্থা উন্নীত কৰা”, “কৰ্ম সংস্থাপনৰ উপযোগী ব্যাপক দক্ষতা প্ৰদান”, “অভ্যস্ত মানত আৱদ্ধ নাথাকি শিক্ষাৰ্থীক মৌলিক সৃষ্টি ক্ষমতাৰে সঞ্জীৱিত হোৱাৰ শিক্ষা”— আদি ৰংচঙীয়া নীতিবাক্যই ঢাকি ৰাখিছে কিছুমান ভয়ংকৰ অভিপ্ৰায়।
শিক্ষানীতি নতুনকৈ প্ৰস্তুত কৰিব খোজা বুলি প্ৰস্তুতি কমিটি (আয়োগ?) বিজ্ঞাপন দিয়াত শিক্ষাবিদ, অধ্যাপক, ছাত্ৰ সংগঠন আদিৰ পৰা বিচৰা মতে লাখ-লাখ উৎসাহী পৰামৰ্শ আহিছিল। কাৰণ পুৰণা শিক্ষানীতিৰ যান্ত্ৰিকতা, ক্ৰমবৰ্ধমান নিষ্ফলতা, বিশৃংখলাত আটাইৰে বিৰক্তি হৈছিল। কিন্তু সেইবোৰ পৰামৰ্শ সম্পূৰ্ণ অগ্ৰাহ্য কৰা হ’ল। কাৰণ বৃহৎ পুঁজিৰ স্বাৰ্থত নতুনকৈ প্ৰণয়ন কৰা শিক্ষানীতিৰ উদ্দেশ্য হ’ল বৃহৎ পুঁজিৰ উদগতি আৰু মুনাফা বৃদ্ধিৰ বাট মুকলি কৰি দিয়া, জনতাৰ উন্নতি আৰু কল্যাণ নহয়। পৰামৰ্শ আহ্বানো আছিল এক ছলনাহে।
এইবোৰ বাগাড়ম্বৰে ভৰা কথাই “উচ্চ মান”ৰ দোহাই দি চৰকাৰী স্কুলৰ উন্নতি সাধনৰ চেষ্টা নকৰে, বৰং সেইবোৰৰ বিলুপ্তি ঘটাব। সকলো শিক্ষাই ব্যৱসায়ভিত্তিত হৈ পৰিব, গতিকে মাছুলো বজাৰৰ মূল্যবৃদ্ধিৰ লগত তাল ৰাখি অতিপাত বৃদ্ধি পাব। ফলত মাজতে পঢ়া এৰি দিয়া ছাত্ৰ- ছাত্ৰীকো একোখন চাৰ্টিফিকেট দিয়া হ’ব সান্ত্বনা দি। কোৱা হৈছে যে সেইখন চাৰ্টিফিকেটৰ দ্বাৰাও ছাত্ৰজনে চাকৰি লাভ কৰিব পাৰিব।
কিন্তু কেনে চাকৰি? খুব বেছি হ’লে ছয়/সাত হেজাৰ টকাৰ মাহটো অকলে চলিব নোৱাৰা চাকৰি। তাকো হাড়ভঙা পৰিশ্ৰম কৰিব লগা হোৱা ব্যৱসায় প্ৰতিষ্ঠানত। তলৰ বিদ্যালয়বোৰত অৰ্হতা সম্পন্ন শিক্ষক নিযুক্তি দিলে চৰকাৰৰ ধন খৰচ হ’ব। সেয়ে তাৰ ঠাইত ‘শিক্ষামিত্ৰ’ নাম দি এদল অৰ্হতাহীন লোকক নামমাত্ৰ পাৰিশ্ৰমিক দি শিক্ষাৰ নামত ভেকোঁভাওনা চলোৱা হ’ব। তেওঁলোকে কি শিক্ষা দিব দেখ্ দেখ্ কথা!
বিদ্যালয় আদি শিক্ষানুষ্ঠানৰ মান নিৰ্ণয় কৰিব একোখন আয়োগে, য’ত শিক্ষাবিদৰ লগত থাকিব উদ্যোগ-ব্যৱসায়ৰ প্ৰতিনিধি। সেই মহীয়ান সকলৰ মন:পূত নহ’লে বিদ্যালয়ৰ অস্তিত্ব বিলোপ কৰি দিব পাৰিব। তদুপৰি চৰকাৰৰ ভাৰ কমাবলৈ বহুকেইখন মহাবিদ্যালয় একত্ৰিত কৰি “কমপ্লেক্স” সৃষ্টি কৰা হ’ব “যাতে সকলো অনুষ্ঠানে সমানে সুবিধা পায়”- এইবোৰ ছলনাৰে আচলতে চৰকাৰৰ অৰ্থ ব্যয়ৰ প্ৰয়োজন হ্ৰাস কৰিব পাৰে।ধৰা হওক, এখন কলেজৰ নিজা যত্নত এটা ভাল লেবৰেটৰী বা লাইব্ৰেৰী গঢ়ি তুলিছিল। এতিয়া আন দুই-তিনিখন নামমাত্ৰ সুবিধা থকা কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে তেনে লাইব্ৰেৰী বা লেবৰেটৰীৰ সুবিধা পাব। ফলত সেইবোৰ ব্যৱস্থাৰ সুফল কমি যাব, কাৰণ সমল বৃদ্ধি নহয়।
কৰ্মৰত কৰ্মচাৰীৰো পৰিশ্ৰম অতিপাত বৃদ্ধি হ’ব। এতিয়াই একোখন কলেজৰ অধ্যাপকে সপ্তাহত বাৰটাৰ পৰা ষোল্লটা ক্লাছ ল’বলগা হয়। যদি আন কলেজতো পঢ়াব লাগে, পৰিশ্ৰমত তেওঁৰ আয়ুসেই টুটি আহিব। ৰাজহুৱা শিক্ষা ধ্বংসৰ মুখত পৰিব। এনেবোৰ কথা নাভাবি-নুগুণি আমাৰ কলেজ-বিশ্ববিদ্যালয়ৰ এচাম শিক্ষকে উৰ্দ্ধবাহু হৈ “নতুন শিক্ষানীতিক” স্বাগতম জনাইছে। চাতুকাৰী মানসিকতাৰ আৰু কি প্ৰমাণ লাগে? ছাত্ৰ-ছাত্ৰীকো ভুৰুকিওৱা হ’ল।
তেওঁলোকে ভাবি লৈছে যে এইদৰে ৰজাঘৰৰ গুণ-গান কৰি, যি কৰিবলৈ কয় তাকেই কৰি তেওঁলোকে দৰমহা খোৱা চাকৰিটো ৰাখি থব। কিন্তু তেওঁলোকে ভাবি চাওক ৰাষ্ট্ৰীয় খণ্ডৰ কিমান প্ৰতিষ্ঠান বেচৰকাৰী হোৱাৰ ফলত তাৰ কিমান চাকৰিয়াল অথাই সাগৰত পৰিল। তাৰো এটা ‘যুক্তি’ চৰকাৰৰ হাতত আছে।
“নতুন শিক্ষানীতি”ৰ অন্যতম মূল বক্তব্য এয়ে যে আগন্তুক দিনৰ তথ্য-প্ৰযুক্তিৰ চমকপ্ৰদ অগ্ৰগতি, কৃত্ৰিম (যান্ত্ৰিক) বুদ্ধিমত্তাৰ (artificial intelligence) চূড়ান্ত বিকাশৰ সকলো মিলি কলেজ-বিশ্ববিদ্যালয়ৰ শিক্ষাক একেবাৰে অকামিলা কৰি পেলাব। সেই ধৰণৰ শিক্ষাৰে শিক্ষিত অধ্যাপক সকলেও তাৰ উৱাদিহ নাপাব। সেয়ে বোলে আগৰ দৰে এম এ,এম এছ চি, পি এইছ ডি ডিগ্ৰীধাৰী শিক্ষিত চামৰ মানুহে নতুন যুগৰ নতুন অৰ্থনীতিৰ উপযোগী শিক্ষা দিবলৈ সমৰ্থ নহ’ব। এই নতুন যুগৰ উপযোগী শিক্ষাৰ বাবে গতানুগতিক শিক্ষাৰে উচ্চশিক্ষিত যুৱকতকৈ “Lateral Entry”, অথবা অন্যান্য উন্নত বৃত্তি, ব্যৱসায়ত নতুন অৰ্থনীতিৰ জ্ঞানেৰে পুষ্ট, দক্ষ লোকৰ নিযুক্তি দি নতুন শিক্ষা ব্যৱস্থাত উচ্চ শিক্ষাৰ যোগান ধৰা হ’ব। তেওঁলোকৰ স্নাতকোত্তৰ ডিগ্ৰী বা পি এইচ ডিৰ প্ৰয়োজন নাথাকিব।
এইবোৰ কথা কৈছে Rohan D’Souza নামৰ বিস্তৃত অধ্যয়ন থকা এগৰাকী বিজ্ঞ ব্যক্তিয়ে। তেওঁ নতুন শিক্ষানীতি বিতংকৈ অধ্যয়ন আৰু বিশ্লেষণ কৰিছে। তেওঁৰ মতে নতুন শিক্ষানীতিত কলেজ-বিশ্ববিদ্যালয়ৰ বহু যুগৰ সাধনা— জ্ঞানাৰ্জনৰ অহৰহ প্ৰচেষ্টা এতিয়া অকামিলা হৈ পৰিব। এতিয়া অভিনৱ অৰ্থনীতি চলাবলৈ প্ৰয়োজন হ’ব বোলে দক্ষতা আৰু ব্যৱস্থাপনাৰ (Management) জ্ঞান তথা অভিজ্ঞতা। বেছি দূৰলৈ চিন্তা কৰাৰ অভ্যাস নথকা, তৎকালিক চিন্তাৰে (বৃহৎ ব্যৱসায়ৰ স্বাৰ্থত) অৰ্থনীতি সূচল, উৎপাদনশীল কৰি ৰখাকে সাৰোগত কৰা সাম্প্ৰতিক ভাৰতৰ প্ৰভাৱশালী নেতাবিলাকে সেয়ে পৰম্পৰাগত জ্ঞানেৰে পুষ্ট গৱেষক-অধ্যাপকতকৈ ব্যৱসায়িক অগ্ৰগতিত কৃতিত্ব দেখুওৱা বিশেষজ্ঞ বিলাককহে শিক্ষা ব্যৱস্থাৰ অগ্ৰনায়ক পাতিবলৈ বিচাৰে।
তাৰ সন্ধানো ব্যৱসায়িক কৌশলেৰে ঠিকা দিয়া হ’ব পাৰে পাটনাৰ IAS, IPS ৰ বাবে ক’চিং কৰাত সফল হোৱা প্ৰশিক্ষণ কেন্দ্ৰ এটা !! উদাহৰণ স্বৰূপে ইয়াক সম্ভৱপৰ ‘Influencer’ (প্ৰভাৱ বিস্তাৰক) হিচাপে দাঙি ধৰা হৈছে। চৰকাৰে এইদৰে তাৎক্ষণিক কাৰ্যকাৰীতাকে শিক্ষাৰ মূল উদ্দেশ্য বুলি ভাবি থাকি হাতৰ কুঠাৰ নিজৰ নহ’লেও দেশৰ জনগণৰ ভৰিত মাৰিছে। কাৰণ আগন্তুক দিনৰ অৰ্থনীতি প্ৰথমে ৰমৰমাকৈ চলি ব্যৱসায়িক মুনাফা হ্ৰাসৰ ফলত হঠাতে বিকল হৈ যাব পাৰে। তেতিয়া হুলস্থুল লাগিব। সংকটৰ পৰা পৰিত্ৰাণৰ দৰকাৰ। তাৰ উপায় কাৰো জনা নাথাকিব।
সেয়ে পুঁজিবাদী অৰ্থনীতি আৰু আজিৰ তথাকথিত ‘Knowledge economy’ (জ্ঞানভিত্তিক অৰ্থনীতি)ৰ ধ্বজাধাৰী আমেৰিকা আদি দেশতো পৰম্পৰাগত কলেজ-বিশ্ববিদ্যালয়ত আগৰ ধৰণৰ জ্ঞান সাধনা অব্যাহতভাৱে চলি আছে। তাত ব্যৱসায়ৰ লগত ঘনিষ্ঠতা স্বত্তেও ব্যৱসায়ত দক্ষ লোকক শিক্ষাদানত লগোৱা হোৱা নাই। বৰং পৰম্পৰাগত ধৰণে অধ্যয়ন, গৱেষণা পুৰাদমে চলি আছে। পৰস্পৰে প্ৰতিযোগিতা কৰিছে কেনেকৈ অধিক উন্নতমানৰ শিক্ষা দিব পাৰে। ব্যৱসায়ী, চৰকাৰ আদিয়েও তাত প্ৰচুৰ ধন যোগান ধৰে। গুণগত মান (Standard) নিৰূপণৰ বাবেও একেই কঠোৰ নিৰপেক্ষ সংস্থা আছে। বহু বিদ্বান ভাৰতীয়, উদ্ভাৱনশীল ভাৰতীয় বিজ্ঞানী তাত কৰ্মৰত। চুবুৰীয়া, প্ৰতিদ্বন্দ্বী চীনতো একে ব্যৱস্থা। কেৱল তাত কমিউনিষ্ট পাৰ্টিৰ কঢ়া নজৰ। আৰু তাৰ বিপৰীতে আমি কি কৰিছো?