বৃহস্পতিবাৰে মাজ নিশা জালুকবাৰীৰ জয়মতী নগৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত চাৰিজনীয়া পৰিয়াল এটাৰ সকলোৱে প্ৰাণ হেৰুৱাইছে। খবৰ অনুসৰি, মৃত লোকসকল গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ আব্দুল কুদ্দুছৰ পৰিয়ালৰ সদস্য। চাৰিজন লোকৰ প্ৰাণ লোৱাৰ উপৰিও এই অগ্নিকাণ্ডই পৰিয়ালটোৰ ঘৰটো সম্পূৰ্ণৰূপে ছাইলৈ পৰিণত কৰে।
স্থানীয় ৰাইজে অভিযোগ কৰা মতে, মাজনিশাৰ ভাগত গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয়। স্থানীয় এজন বাসিন্দাই কয়, ‘আব্দুল কুদ্দুছে ইয়াত এখন হোটেল চলাই আছে আৰু দোকানখনৰ পৰাই জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।
ইয়াৰ উপৰিও ওচৰৰ কেইবাটাও ঘৰতো অগ্নিকাণ্ড বিয়পি পৰাৰ ফলত অঞ্চলটোৰ একাধিক সা-সম্পত্তিৰ ব্যাপক ক্ষতিসাধন হয়। অগ্নিকাণ্ডত ঘৰ ক্ষতিগ্ৰস্ত হোৱা স্থানীয় এজন বাসিন্দাই কয়, ‘আমি সকলো হেৰুৱাই পেলালোঁ। নগদ প্ৰায় ১২ হাজাৰ টকাৰ লগতে গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু অন্যান্য সামগ্ৰী আছিল। জুইত সকলো জাহ গ’ল। একোৱেই বাকী নাই।’
ঘটনা সংঘটিত হোৱাৰ পিছতে বাসিন্দাসকলে ততাতৈয়াকৈ অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা তথা আৰক্ষীক অৱগত কৰে। খৱৰ লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ), ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু আৰক্ষীৰ কৰ্মীসকলে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়।
স্থানীয় ৰাইজৰ সহযোগত অৱশেষত তেওঁলোকে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। এই কাণ্ডই স্থানীয় সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি কৰে।





