• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2026 1:12 pm
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১০ চনত স্পেইনে ফিফা বিশ্বকাপ জয় কৰিছিল। ১৬ বছৰৰ পাছত তেওঁলোকে লেমিনে ইয়ামাল, পেড্ৰি আৰু ফেৰাণ টৰেছ বাহিনীৰ সহায়ত বিশ্বকাপ জয় কৰাৰ সপোন দেখিছে। আনহাতে, ২০১৮ চনৰ চেম্পিয়ন ফ্ৰান্স ২০২২ চনত ৰানাৰ্ছ আপ। এইবাৰ এমবাপে, ডেম্বেলে আৰু অলিছেৰ দ্বাৰা গঠিত এই দলটোও খিতাপৰ বাবে এক যোগ্য প্ৰতিদ্বন্দ্বী।

কিন্তু বিশ্বকাপ আৰম্ভ হোৱাৰ আগৰ ছবিখনে অনুৰাগীৰ উদ্বেগ বৃদ্ধি কৰিছে। ৱাৰ্ম আপ মেচত আফ্ৰিকান দল আইভৰি কোষ্টে শক্তিশালী ফ্ৰান্সক ২-১ গ’লত পৰাস্ত কৰে। আনখন খেলত স্পেইন ইৰাকৰ হাতত থমকি ৰ’ল। খেলখন ১-১ গ’লত ড্ৰ’ত সমাপ্ত হয়। বিশ্বকাপৰ আগতে এয়া কিহৰ সতৰ্কবাণী?

Apply Now

ঘৰুৱা খেলপথাৰ নান্টেছত খেলিও ফ্ৰান্সে পৰাস্ত হয়। অৱশ্যে আৰম্ভণি বেয়া নাছিল। প্ৰথম একাদশত এমবাপে, চেৰকি, অলিচে, থুৰাম আছিল। প্ৰথমাৰ্ধ শেষ হোৱাৰ ঠিক আগতে ফ্ৰান্সে ৰিয়ান চেৰ্কিৰ গ’লেৰে অগ্ৰগতি লাভ কৰে। কিন্তু পিছ পৰি থকাৰ পিছতো আইভৰি কোষ্টে দ্ৰুতগতিত প্ৰত্যাৱৰ্তন কৰিছিল।

দ্বিতীয়াৰ্ধৰ আঠ মিনিটৰ ভিতৰতে আফ্ৰিকান দলটোৱে সমতা স্থাপন কৰে। নিকোলাছ পেপেৰ পাছৰ পৰা গ’ল দিয়ে গুৱেলা ড’ৱে। তেওঁ ফ্ৰান্স আৰু পি এছ জিৰ তাৰকা ফুটবলাৰ ডিজায়াৰ ড’ৱেৰ ককায়েক। ৮৪ মিনিটত পুনৰ জিলিকি উঠে ড’ৱে। তেওঁ আগবঢ়াই দিয়া লো ক্ৰছ ধৰি বিজয়ী গ’লটো দিয়ে আমাদ ডায়েলোৱে।

ফ্ৰান্সৰ প্ৰশিক্ষক ডিডিয়েৰ ডেশ্বাম্পছে পি এছ জিৰ হৈ চেম্পিয়নছ লীগৰ ফাইনেলত খেলা ডেম্বেল আৰু এই মেচৰ বাবে ড’ৱেক জিৰণি দিছিল। তথাপিও ফ্ৰান্সৰ পৰাজয়ে এই তাৰকাৰে ভৰা দলটোৰ প্ৰশিক্ষকৰ বাবে উদ্বেগ বৃদ্ধি কৰিব। কুণ্ডে আৰু উপমেকানোক লৈ গঢ়া প্ৰতিৰক্ষাৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে। গতিকে উত্তৰ আয়াৰলেণ্ডৰ বিৰুদ্ধে শেষৰখন ৱাৰ্ম আপ মেচত পুনৰ ছন্দলৈ ঘুৰি অহাটোৱে পৰাটোৱেই ফ্ৰান্সৰ লক্ষ্য।

আন এক খিতাপৰ প্ৰতিদ্বন্দ্বী স্পেইনেও ইৰাকৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ’ কৰে। এই মেচখনত আঘাতৰ বাবে লেমিনে ইয়ামাল আৰু নিকো উইলিয়ামছে খেলা নাছিল। তথাপিও স্পেইনে এটা শক্তিশালী দল লৈ নামিছিল। দলটোত আছিল ডানি অলমো, গাভি, এলেক্স বায়েনা, টৰেছ। ১৬ মিনিটত ফেৰাণ টৰেছৰ গ’লেৰে স্পেইনে অগ্ৰগতি লাভ কৰে। কিন্তু ইৰাকে দশম মিনিটত মাৰ্কাছ ডাস্কিৰ গ’লেৰে সমতা স্থাপন কৰে।

🚨 MERCHAS DOSKI STUNS THE FAVORITES WITH AN UNEXPECTED EQUALIZER TO BRING IRAQ RIGHT BACK INTO THE MATCH!

🇪🇸 SPAIN 1-1 IRAQ 🇮🇶

pic.twitter.com/dj06Py6jm2

— Goals Xtra (@GoalsXtra) June 4, 2026

ইয়াৰ পিছত দুয়োটা দলেই গ’ল দিবলৈ সক্ষম নহ’ল। কেইবাজনো তাৰকা আৰু গুৰুত্বপূৰ্ণ ফুটবলাৰৰ অনুপস্থিতিৰ পিছতো স্পেইনৰ এই প্ৰদৰ্শনে অনুৰাগীৰ উদ্বেগ বৃদ্ধি কৰিছে। বিশ্বকাপত প্ৰৱেশৰ পূৰ্বে পেৰুৰ বিৰুদ্ধে আন এখন ৱাৰ্ম আপ মেচ খেলিব স্পেইনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd