• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

যোগ বোলে ৰোগ প্ৰতিৰোধী! মোদীৰ নিয়ম নমনা যোগ দিৱসে কি দৰে উপকাৰ সাধিব শৰীৰৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2022 5:11 pm
Yoga Day
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সমগ্ৰ দেশতে কেন্দ্ৰীয় চৰকাৰ তথা বিজেপি দলৰ মূল তৎপৰতাত পালন কৰা হৈছে আন্ত: ৰাষ্ট্ৰীয় যোগ দিৱস। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা মাইচুৰৰ পৰা অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ কাৰ্যত: নেতৃত্ব দিয়ে। উল্লেখ্য যে মূলত: বিজেপি দলৰ চৰকাৰখনৰ পৃষ্ঠপোষকতাতে যোগক এইদৰে এক দিৱসৰ ৰূপত পালন কৰাৰ পৰম্পৰা আৰম্ভ কৰা হৈছে। ক’ভিদৰ বাবে যোৱা দুটা বছৰে যোগ দিৱস উদযাপনত বাধাৰ সৃষ্টি হোৱাৰ বাবে এইবাৰ চৰকাৰ আৰু বিজেপি দলৰ কৰ্মীসকলে আগভাগ লৈ দেশৰ বিভিন্ন প্ৰান্তত যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰিছে।

যোগ হৈছে ভাৰতৰ আয়ুষ মন্ত্ৰালয়ৰ জৰিয়তে ভাৰতৰ আয়ুষ প্ৰচেষ্টাৰ অধীনত বৈকল্পিক ভাৰতীয় ঔষধৰ পাঁচটা প্ৰণালীৰ ভিতৰত এটা। আয়ুষৰ অৰ্থ হৈছে ‘আয়ুৰ্বেদ, যোগ, ইউনানী, সিদ্ধ আৰু প্ৰাকৃতিক চিকিৎসা, আৰু হোমিঅ’পেথি’। অৱশ্যে ইয়াৰ মাজত কেৱল যোগকহে বৰ্তমানলৈকে সংসদৰ কোনো আইনৰ অধীনত নিয়ন্ত্ৰণ কৰা হোৱা নাই। আন সকলো প্ৰণালী ৰাষ্ট্ৰীয় ভাৰতীয় ঔষধ প্ৰণালী আয়োগ (এনচিআইএছএম) আইন ২০২০-ৰ দ্বাৰা পৰিচালিত হয়।

Apply Now

দেশৰ ১৪ খন ৰাজ্যৰ ৭০ খন চিকিৎসা মহাবিদ্যালয়ত স্নাতক পৰ্যায়ত যোগ আৰু নেচাৰোপেথি শিকোৱা হয়। কৰ্ণাটকৰ মাংগালোৰ বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে ১৯৮৯ চনত এই পাঠ্যক্ৰম আৰম্ভ কৰিছিল। বৰ্তমান এই পাঠ্যক্ৰম স্নাতকোত্তৰ পৰ্যায়তো অন্তৰ্ভুক্ত আছে।

ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ুবিজ্ঞান প্ৰতিষ্ঠানে এই বিষয়ৰ ওপৰত পিএইচডি পাঠ্যক্ৰমো আগবঢ়ায়। এই পাঠ্যক্ৰম গ্ৰহণ কৰা শিক্ষাৰ্থী সকলে কোনো ফাৰ্মাকোলজিকেল হস্তক্ষেপ অবিহনেই ৰোগীসকলক ‘চিকিৎসা’ কৰে।

আনুষ্ঠানিক প্ৰশিক্ষণৰ এই পাঠ্যক্ৰম স্বত্বেও যোগ আৰু নেচাৰোপেথি চিকিৎসকসকলে চিকিৎসা সেৱা আৰম্ভ কৰাৰ পূৰ্বে কোনো ৰাষ্ট্ৰীয় আইনৰ দ্বাৰা পঞ্জীয়ন কৰা নহয়। এনে অৱস্থাত পূৰ্ণ-সময়ৰ পাঠ্যক্ৰম বা এই বিষয়ৰ কোনো ডিপ্ল’মা পাঠ্যক্ৰম গ্ৰহণ নকৰাকৈয়ে যোগৰ চিকিৎসা কৰা সকলক অনুজ্ঞাপত্ৰ অবিহনে চিকিৎসা কৰাৰ বাবে দোষী সাব্যস্ত কৰিব নোৱাৰি।

যোগৰ দ্বাৰা শৰীৰৰ অসুস্থতা দূৰ হয় বুলি যিদৰে চৰ্চা হয়, সেইদৰে যোগৰ ভয়াৱহতাৰ কথা সাধাৰণতে আলোচনা নহয়। ভাৰতীয় নেচাৰোপেথি আৰু যোগ স্নাতক চিকিৎসা সংস্থাই এই বিষয়ত দেখা দিয়া কু-প্ৰভাৱবোৰৰ বিষয়ে সজাগ কৰি আহিছে।

সংস্থাৰ সভাপতি নবীন বিশ্বেশ্বৰায় আৰু উপ-সভাপতি ৰাজেশ কুমাৰ সিঙে কিছুদিন পূৰ্বে অভিযোগ কৰিছিল যে প্ৰায় প্ৰতিদিনে তেওঁলোক এজন পঞ্জীভুক্ত যোগ সাধকৰ ভুল নিৰ্দেশনাৰ ফলত বিপদত পৰা ভুক্তভোগী লোকৰ সৈতে মুখামুখি হ’বলগীয়া হয়।

বিশ্বেশ্বৰায়াই জানিবলৈ দিয়া অনুসৰি যদি উচ্চ ৰক্তচাপ থকা এজন ব্যক্তিয়ে কপালভাটি অনুশীলন কৰে, তেন্তে সেই লোকজনৰ ৰক্তচাপ বৃদ্ধি পাব পাৰে আৰু এনে অৱস্থাত তেওঁৰ ষ্ট্ৰোক পৰ্যন্ত হ’ব পাৰে। কিন্তু কোনো প্ৰশিক্ষিণ নথকা যোগ চিকিৎসকসকলে এইকথা মানুহক নকয়। একেদৰে ভাস্ত্ৰিকা বা হাইপাৰভেণ্টিলেচনে মৃগীৰোগত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত চিজাৰ সমস্যাই গা কৰি উঠিব পাৰে।

তেওঁ লগতে কয়, “চিজাৰত ভুগি থকা এজন ব্যক্তি আমাৰ ওচৰলৈ আহে, আমি তেওঁক ভাস্ত্ৰিকা কৰিবলৈ বাধ্য কৰোঁ আৰু লগতে ইলেক্ট্ৰকাৰ্ডিঅগ্ৰাম অনুসন্ধান কৰোঁ। ইয়াৰ জৰিয়তে যাতে আমি মগজুৰ কোনটো অংশই সমস্যাটো সৃষ্টি কৰিছে সেই বিষয়ে জানিব পাৰোঁ।”

অৱশ্যে এই সকলো পৰীক্ষা পৰীক্ষাগাৰৰ অত্যন্ত নিয়ন্ত্ৰিত অৱস্থাত কৰা হয় বুলি তেওঁ উল্লেখ কৰে। কিন্তু ৰোগ নিৰ্ণয় নোহোৱা কোনো এজন ৰোগী যোগ চিকিৎসাৰ সময়ত ভাস্ত্ৰীকাৰ ফলত চিজাৰৰ সন্মুখীন হ’ব পাৰে বা কেতিয়াবা মৃত্যু পৰ্যন্ত হ’ব পাৰে বুলি তেওঁ সাৱধান কৰি দিয়ে।

আনহাতে উপ-সভাপতি ৰাজেশ কুমাৰ সিঙে কয় যে কিছুমান যোগ কেন্দ্ৰই যোগৰ দ্বাৰা ৰোগ এটাৰ ১০০% চিকিৎসা দাবী কৰি পুস্তিকা বিতৰণ কৰে। কিন্তু এই সকলো প্ৰায়ে ভুৱা হ’ব পাৰে। এনে অৱস্থাত প্ৰশিক্ষিত চিকিৎসকসকল অসহায় হৈ পৰে বুলি তেওঁ ক্ষোভ উজাৰে।

তেওঁলোকে লগতে কয় যে যোগক ঔষধৰ সৈতে তুলনা কৰা হয়। কিন্তু যেনেদৰে ঔষধ এটাৰ প্ৰতিৰোধ আৰু ব্যৱহাৰৰ সীমা আছে, ঠিক তেনেদৰে যোগৰ অভ্যাসৰো কিছু সীমা আছে। এই সীমা পাৰ কৰিলে যোগ প্ৰায়ে ক্ষতিকাৰক হয়।

কিন্তু পঞ্জীয়নৰ অনুপস্থিতিত বা যোগৰ অভ্যাস নিয়ন্ত্ৰণ কৰা আইনৰ অনুপস্থিতিত এতিয়া দেশত মুক্ত অৱস্থাত যোগ চৰ্চাৰ চাহিদা বৃদ্ধি পাইছে। এনে অৱস্থাত সমানেই বৃদ্ধি পাইছে যোগৰ দ্বাৰা সন্মুখীন হ’বলগীয়া বিপদতা।

ইংলেণ্ড, আমেৰিকা যুক্তৰাজ্য আৰু অষ্ট্ৰেলিয়াই যোগ অনুশীলনৰ প্ৰতিকূল প্ৰভাৱৰ বিষয়ে তথ্যসহ প্ৰতিবেদন প্ৰকাশ কৰি আহিছে। কিন্তু বিশ্বক যোগৰ প্ৰচলন কৰা বিশ্বগুৰু ভাৰতে এক ফিটনেছ প্ৰণালী আৰু ঔষধি প্ৰণালী হিচাপে যোগৰ অনুশীলন নিয়ন্ত্ৰণ কৰিবলৈ আগ্ৰহী নহয়।

২০১৪ চনত প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত মোদীয়ে কেইটামান মাহৰ ভিতৰতে আয়ুষ বিভাগক কেন্দ্ৰীয় মন্ত্ৰালয়লৈ ৰূপান্তৰিত কৰিছিল। সেই বছৰৰ আগষ্টমাহত বিভাগটোৱে সকলো ৰাজ্যৰ স্বাস্থ্য সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰি কেন্দ্ৰীয় চৰকাৰে আন সকলো বৈকল্পিক প্ৰণালীক সামৰি লোৱা একেখন আইনৰ অধীনতে যোগৰ শিক্ষা আৰু অনুশীলন নিয়ন্ত্ৰণ কৰাৰ পৰিকল্পনা কৰিছে বুলি উল্লেখ কৰিছিল।

কিন্তু চৰকাৰে ২০২০ চনত চৰকাৰে ৰাষ্ট্ৰীয় ভাৰতীয় ঔষধ প্ৰণালী আয়োগ (এনচিআইএছএম) আইন প্ৰণয়ন কৰে যদিও এই আইনত যোগ আৰু নেচাৰোপেথি নিয়ন্ত্ৰণ কৰাৰ কোনো ব্যৱস্থা অন্তৰ্ভুক্ত নকৰে।

এই বিধেয়কখনৰ মূল্যাঙ্কন কৰা এখন স্থায়ী সমিতিৰ আগত চৰকাৰে যুক্তি দিয়ে যে যোগ আৰু নেচাৰোপেথি হৈছে ড্ৰাগবিহীন প্ৰণালী। কিন্তু আন আয়ুষ প্ৰণালীবোৰ যিহেতু ড্ৰাগযুক্ত হয়, সেয়েহে একেখন বিধেয়কৰ দ্বাৰা যোগ আৰু নেচাৰোপেথি নিয়ন্ত্ৰণ কৰিব নোৱাৰি।

কিন্তু চৰকাৰৰ এই যুক্তিত সমিতিৰ সদস্যসকল সন্মত হোৱা নাছিল। তেওঁলোকে প্ৰতিবেদনত এই কথা স্পষ্টক উল্লেখ কৰাৰ লগতে যোগ আৰু নেচাৰোপেথিৰ বাবে একেখন বিধেয়কত এটা নিৰ্দিষ্ট ধাৰা অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শৰ দিছিল।

ইয়াৰ পিছতো আয়ুষ মন্ত্ৰালয়ে এই পৰামৰ্শ উপেক্ষা কৰিছিল। ২০২২ চনত গিৰীশ পাটিল নামৰ যোগ আৰু নেচাৰোপেথি চিকিৎসক এগাৰকীয়ে যোগাভ্যাসৰ সীমা বিচাৰি আদালতৰ কাষ চাপিছিল। এই আবেদনৰ ৰায়ত ৩ ফেব্ৰুৱাৰী, ২০২২ তাৰিখে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ কালাবুৰাগী বিচাৰপীঠে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ক তিনি মাহৰ ভিতৰত গিৰীশ পাটিলৰ আবেদনৰ সঁহাৰি দিবলৈ নিৰ্দেশ দিছিল।

ইয়াৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় মন্ত্ৰালয়ে ১৯ জুলাই, ২০২১ তাৰিখে পাটিললৈ লিখা এক পত্ৰত যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ শিক্ষা আৰু অনুশীলন নিয়ন্ত্ৰণ আৰু মানককৰণৰ সন্দৰ্ভত এখন পৃথক বিধেয়ক এই মন্ত্ৰালয়ত বিবেচনাধীন হৈ আছে বুলি উল্লেখ কৰিছিল।

ভাৰতীয় নেচাৰোপেথি আৰু যোগ স্নাতক চিকিৎসা সংস্থাৰ উপ-সভাপতি কুমাৰে মন্ত্ৰালয়ৰ এই আশ্বাসক বছৰে বছৰে পৰিৱেশন কৰি থকা ললিপপ আখ্যা দিয়ে। তেওঁ মন্ত্ৰালয়ে কেতিয়াও এনে বিধেয়কৰ খচৰা প্ৰস্তুত কৰা নাই বুলি দাবী কৰে। তেওঁ লগতে কয় যে যদি মন্ত্ৰালয়ে এই বিষয়ত গুৰুত্ব দিলেহেঁতেন তেতিয়া অন্ততঃ ভাৰতীয় নেচাৰোপেথি আৰু যোগ স্নাতক চিকিৎসা সংস্থা আৰু অন্যান্য একে ধৰণৰ গোটৰ সৈতে আলোচনা কৰিলেহেঁতেন।

এতিয়া প্ৰশ্ন হৈছে ধুমধামেৰে যোগৰ প্ৰচাৰত নামি পৰা প্ৰধানমন্ত্ৰী মোদী তথা কেন্দ্ৰীয় চৰকাৰে ভুল বা ভুৱা যোগ চৰ্চা তথা চিকিৎসকক নাকী লগাব পৰাকৈ এক প্ৰয়োজনীয় আইন প্ৰণয়নত হোহঁকা-পিছলা কৰিছে কিয়? নে চৰকাৰে ইয়াৰ পৰা হ’ব পৰা ভয়াৱহতাক উপেক্ষা কৰি জনসাধাৰণৰ আৱেগক ব্যৱহাৰ কৰি যোগক এক ব্যৱসায়িক মহলত পৰিণত কৰাৰ লগতে জনসাধাৰণক বিপদৰ ফালে ঠেলি দিব বিচাৰিছে!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd