• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিজ পত্নীক চুম্বন কৰাটোও অপৰাধ! পানীৰ মাজৰ পৰা টানি আনি গণপ্ৰহাৰ স্বয়ম্ভূ সংস্কাৰ ৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2022 8:02 pm
Man Beaten For Kissing Wife
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ সমাজত সংস্কাৰ ৰক্ষাৰ বাবে সদা সষ্টম সংস্কৃতি ৰক্ষাৰ একাংশ স্বয়ম্ভূ ঠিকাদাৰ। কোনো ব্যক্তিৰ ব্যক্তিগত কাৰ্যতো অবাধ হস্তক্ষেপেৰে সংস্কাৰ ৰক্ষাৰ স্বঘোষিত যুঁজত জপিয়াই পৰে এইসকল স্বয়ম্ভূ সংস্কাৰ ৰক্ষক।

যৌনতাক অপৰাধ হিচাপে গণ্য কৰা সমাজৰ এই সকল সংস্কাৰ ৰক্ষাৰ ঠিকাদাৰে কিদৰে সহ্য কৰিব পাৰে ৰাজহুৱা স্থানত চুম্বন! লাগিলে চুম্বন কৰ্তা কেইগৰাকী নীতিগতভাৱে স্বীকৃত স্বামী-স্ত্ৰীয়ে নহওক কিয়! এই সংস্কাৰ ৰক্ষাৰ স্বঘোষিত যুঁজখনত আকৌ বিশেষভাৱে আগবঢ়া উত্তৰ ভাৰতীয় ৰাজ্যসমূহ।

Apply Now

এই উত্তৰ ভাৰতীয় ৰাজ্যৰে অন্যতম ৰাজ্য উত্তৰ প্ৰদেশত পত্নীক চুম্বন কৰাৰ বাবেই গণপ্ৰহাৰত নামি পৰিল একাংশ উন্মাদ লোক। ইতিমধ্যে এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ’টোৱে এতিয়া সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উত্তৰ প্ৰদেশৰ অযোধ্যাত এই ঘটনা সংঘটিত হৈছে।

অযোধ্যাৰ সৰজু নদীত গা ধুই থকাৰ সময়ত এজন লোকে তেওঁৰ পত্নীক চুম্বন কৰাৰ অপৰাধত একাংশ লোকে তেওঁক অপদস্ত কৰাৰ লগতে তেওঁক শাৰীৰিকভাৱেও প্ৰহাৰ কৰে। ম’ৰেল পুলিচৰ ভূমিকাত অৱতীৰ্ণ হোৱা একাংশ উন্মাদ লোকে নদীত গা ধুই থকা লোকজনে পত্নীক চুম্বন কৰাৰ পিছতে চাৰিওফালৰ পৰা আগুৰি ধৰে আৰু পানীৰ পৰা বলপূৰ্বকভাৱে পাৰলৈ টানি আনে।

এনে আকস্মিক পৰিস্থিতিত হতম্ভৱ হৈ পৰা মহিলাগৰাকীয়ে স্বামীক আক্ৰমণকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয় আৰু উন্মাদ দলটোৱে তেওঁৰ সন্মুখতে উপৰ্যুপৰি স্বামীক প্ৰহাৰ কৰে।

 

अयोध्या: सरयू में स्नान के दौरान एक आदमी ने अपनी पत्नी को किस कर लिया. फिर आज के रामभक्तों ने क्या किया, देखें: pic.twitter.com/hG0Y4X3wvO

— Suneet Singh (@Suneet30singh) June 22, 2022

সামাজিক মাধ্যমত ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পাছত এই ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু অযোধ্যা আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে বাধ্য হয়। ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰিছে।

আক্ৰমণকাৰী লোকসকলৰ মাজৰে এজন লোকে অযোধ্যাত এনেধৰণৰ অশ্লীলতা সহ্য কৰা নহ’ব বুলি মন্তব্য কৰা ভিডিঅ’টোত স্পষ্টৰূপত শুনিবলৈ পোৱা গৈছে।

কিন্তু দেশৰ ভিতৰতে আটাইতকৈ বেছি অপৰাধ সংঘটিত হোৱা ৰাজ্যখনত এনে অপৰাধসমূহলৈ পিঠি দি পত্নীক চুম্বন কৰাৰ বাবেই শাস্তি প্ৰদানৰ বাবে জপিয়াই পৰা এই সকল লোকৰ কাণ্ডই এতিয়া ব্যক্তিগত জীৱনলৈও ভাবুকি কঢ়িয়াই অনাটো উদ্বেগজনক হিচাপে পৰিগণিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd