• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিজ পত্নীক চুম্বন কৰাটোও অপৰাধ! পানীৰ মাজৰ পৰা টানি আনি গণপ্ৰহাৰ স্বয়ম্ভূ সংস্কাৰ ৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2022 8:02 pm
Man Beaten For Kissing Wife
204
VIEWS
Share on FacebookShare on Twitter

আমাৰ সমাজত সংস্কাৰ ৰক্ষাৰ বাবে সদা সষ্টম সংস্কৃতি ৰক্ষাৰ একাংশ স্বয়ম্ভূ ঠিকাদাৰ। কোনো ব্যক্তিৰ ব্যক্তিগত কাৰ্যতো অবাধ হস্তক্ষেপেৰে সংস্কাৰ ৰক্ষাৰ স্বঘোষিত যুঁজত জপিয়াই পৰে এইসকল স্বয়ম্ভূ সংস্কাৰ ৰক্ষক।

যৌনতাক অপৰাধ হিচাপে গণ্য কৰা সমাজৰ এই সকল সংস্কাৰ ৰক্ষাৰ ঠিকাদাৰে কিদৰে সহ্য কৰিব পাৰে ৰাজহুৱা স্থানত চুম্বন! লাগিলে চুম্বন কৰ্তা কেইগৰাকী নীতিগতভাৱে স্বীকৃত স্বামী-স্ত্ৰীয়ে নহওক কিয়! এই সংস্কাৰ ৰক্ষাৰ স্বঘোষিত যুঁজখনত আকৌ বিশেষভাৱে আগবঢ়া উত্তৰ ভাৰতীয় ৰাজ্যসমূহ।

এই উত্তৰ ভাৰতীয় ৰাজ্যৰে অন্যতম ৰাজ্য উত্তৰ প্ৰদেশত পত্নীক চুম্বন কৰাৰ বাবেই গণপ্ৰহাৰত নামি পৰিল একাংশ উন্মাদ লোক। ইতিমধ্যে এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ’টোৱে এতিয়া সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উত্তৰ প্ৰদেশৰ অযোধ্যাত এই ঘটনা সংঘটিত হৈছে।

অযোধ্যাৰ সৰজু নদীত গা ধুই থকাৰ সময়ত এজন লোকে তেওঁৰ পত্নীক চুম্বন কৰাৰ অপৰাধত একাংশ লোকে তেওঁক অপদস্ত কৰাৰ লগতে তেওঁক শাৰীৰিকভাৱেও প্ৰহাৰ কৰে। ম’ৰেল পুলিচৰ ভূমিকাত অৱতীৰ্ণ হোৱা একাংশ উন্মাদ লোকে নদীত গা ধুই থকা লোকজনে পত্নীক চুম্বন কৰাৰ পিছতে চাৰিওফালৰ পৰা আগুৰি ধৰে আৰু পানীৰ পৰা বলপূৰ্বকভাৱে পাৰলৈ টানি আনে।

এনে আকস্মিক পৰিস্থিতিত হতম্ভৱ হৈ পৰা মহিলাগৰাকীয়ে স্বামীক আক্ৰমণকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয় আৰু উন্মাদ দলটোৱে তেওঁৰ সন্মুখতে উপৰ্যুপৰি স্বামীক প্ৰহাৰ কৰে।

 

अयोध्या: सरयू में स्नान के दौरान एक आदमी ने अपनी पत्नी को किस कर लिया. फिर आज के रामभक्तों ने क्या किया, देखें: pic.twitter.com/hG0Y4X3wvO

— Suneet Singh (@Suneet30singh) June 22, 2022

সামাজিক মাধ্যমত ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পাছত এই ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু অযোধ্যা আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে বাধ্য হয়। ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰিছে।

আক্ৰমণকাৰী লোকসকলৰ মাজৰে এজন লোকে অযোধ্যাত এনেধৰণৰ অশ্লীলতা সহ্য কৰা নহ’ব বুলি মন্তব্য কৰা ভিডিঅ’টোত স্পষ্টৰূপত শুনিবলৈ পোৱা গৈছে।

কিন্তু দেশৰ ভিতৰতে আটাইতকৈ বেছি অপৰাধ সংঘটিত হোৱা ৰাজ্যখনত এনে অপৰাধসমূহলৈ পিঠি দি পত্নীক চুম্বন কৰাৰ বাবেই শাস্তি প্ৰদানৰ বাবে জপিয়াই পৰা এই সকল লোকৰ কাণ্ডই এতিয়া ব্যক্তিগত জীৱনলৈও ভাবুকি কঢ়িয়াই অনাটো উদ্বেগজনক হিচাপে পৰিগণিত হৈছে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd