• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অগ্নিবীৰ হ’লেই কৰা হ’ব সামাজিকভাৱে পৃথক! অগ্নিপথত অংশগ্ৰহণৰ পূৰ্বে কঠোৰ সকীয়নি খাপ পঞ্চায়তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2022 6:16 am
Khap panchayats against Agnipath
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ নতুন নিযুক্তি আঁচনি অগ্নিপথৰ বিৰুদ্ধে দেশজুৰি চলি থকা আন্দোলনৰ মাজতে কৃষক সংঘৰ প্ৰতিপত্তি থকা কেইবাখনো ৰাজ্যৰ খাপ পঞ্চায়তে অগ্নিপথ আঁচনিৰ অধীনত নিযুক্তিৰ বাবে আবেদন কৰিব খোজা যুৱক-যুৱতীসকলক এক কঠোৰ সকীয়নি প্ৰদান কৰিছে।

খাপ পঞ্চায়তৰ মুৰব্বী তথা কৃষক সংঘৰ নেতা সকলে কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰ হ’ব খোজা যুৱক-যুৱতীসকলক সামাজিকভাৱে পৃথক কৰা হ’ব বুলি ঘোষণা কৰিছে।

Apply Now

বুধবাৰে হাৰিয়ানাৰ ৰোহতক জিলাৰ চাম্পলা চহৰত খাপ পঞ্চায়তৰ এখন সমূহীয়া বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত হাৰিয়ানা, ৰাজস্থান, হিমাচল প্ৰদেশ আৰু পঞ্জাৱৰ বিভিন্ন খাপৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছিল।

খাপ পঞ্চায়তৰ প্ৰতিনিধিসকলৰ লগতে এই ৰাজ্যকেইখনৰ ছাত্ৰ সংগঠনসমূহৰ একাংশ সদস্যয়ো বৈঠকখনত উপস্থিত থাকে।

এই বৈঠকতে অগ্নিপথৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি খাপ মুৰব্বী তথা কৃষক নেতাসকলে অগ্নিপথৰ অধীনত নিযুক্তিৰ বাবে আবেদন কৰা যুৱক-যুৱতীসকলক সামাজিকভাৱে পৃথক কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।

‘অগ্নিবীৰ’ৰ আঁচনিৰ জৰিয়তে দেশৰ যুৱ প্ৰজন্মক শ্ৰমিক হিচাপে নিয়োগ কৰাৰ পৰ্ব আৰম্ভ কৰা হৈছে বুলি অভিযোগ কৰি কৃষক সংঘ আৰু খাপ পঞ্চায়তে এই আঁচনিখন বৰ্জন কৰিছে বুলি ঘোষণা কৰে।

সেয়েহে খাপ পঞ্চায়তৰ অন্তৰ্গত কোনো যুৱক-যুৱতীয়ে এই আঁচনিৰ অধীনত নিযুক্তিৰ বাবে আবেদন কৰিলে তেওঁলোককো সামাজিকভাৱে পৃথক কৰা হ’ব বুলি খাপ পঞ্চায়তে স্পষ্ট কৰি দিয়ে

অৱশ্যে যুৱক-যুৱতীসকলক সামাজিকভাৱে পৃথক কৰিলেও বৰ্জন কৰা নহয় বুলিয়ো খাপৰ নেতৃত্বই উল্লেখ কৰে। বৰ্জন আৰু পৃথক কৰাৰ মাজত পাৰ্থক্য আছে বুলি উল্লেখ কৰি খাপৰ নেতা সকলে কয় যে যদিও অগ্নবীৰসকলক বৰ্জন কৰা নহয়, তথাপি খাপ পঞ্চায়তৰ অন্তৰ্গত সম্প্ৰদায় সমূহে এনে লোকসকলৰ পৰা দূৰত্বত অৱস্থান কৰিব।

তদুপৰি অগ্নিপথ আঁচনিক কৃষক আৰু যুৱ বিৰোধী বুলি অভিহিত কৰি অগ্নিপথক সমৰ্থন কৰা কৰ্পোৰেট হাউচ আৰু ৰাজনীতিবিদসকলক সম্পূৰ্ণৰূপে বৰ্জন কৰাৰ আহ্বান জনায় খাপ পঞ্চায়তে।

লগতে অগ্নিপথ আঁচনিৰ বিৰুদ্ধে আন্দোলনৰ সময়ত প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰিবলৈও সমবেত সকলোৱে দাবী জনায়।

স্মৰ্তব্য যে প্ৰতিৰক্ষা বিভাগত ঠিকাভিত্তিক নিযুক্তিৰ বিৰোধিতা কৰি অগ্নিপথ বাতিলৰ দাবীত সমগ্ৰ দেশতে ৰাজপথত নামি পৰিছে সামৰিক বিভাগত নিযুক্তি প্ৰত্যাশী যুৱক-যুৱতীসকল। যুৱ প্ৰজন্মৰ এই নায্য আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াই আন্দোলন ঘোষণা কৰিছে কৃষক সংগঠন সমূহেও।

ইতিমধ্যে ঐতিহাসিক কৃষক আন্দোলনৰ সফল নেতৃত্ব দিয়া সংযুক্ত কিষাণ মৰ্চাই অগ্নিপথৰ বিৰুদ্ধে দেশব্যাপী প্ৰতিৰোধ গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰিছে।

অৱশ্যে ইয়াৰ পিছতো কেন্দ্ৰীয় চৰকাৰে কোনোপধ্যেই অগ্নিপথ বাতিল নহয় বুলি ঘোষণা কৰিছে আৰু আন্দোলনটো ব্যৰ্থ কৰিবৰ বাবে একাধিক ব্যৱস্থা নতুনকৈ সংযোজন কৰিছে।

কিন্তু চৰকাৰৰ এই সকলো টোপ অস্বীকাৰ কৰি একমাত্ৰ আঁচনি বাতিলৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে সেনাত নিযুক্তি প্ৰত্যাশী যুৱক-যুৱতীসকলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd