• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2022 9:53 am
Udaipur murder
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙ্গলবাৰে ৰাজস্থানৰ উদয়পুৰত সংঘটিত কানহাইয়া লাল নামৰ এগৰাকী দৰ্জীৰ নৃশংস হত্যাকাণ্ডই এতিয়া সমগ্ৰ দেশতে ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছে।দুগৰাকী কট্টৰ মুছলমান লোকে ধৰ্মীয় অপমানৰ দোহাই দি লালক দোকানৰ ভিতৰতে হত্যা কৰাৰ পাছত এই ভয়ংকৰ হত্যাকাণ্ডক লৈ সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই ভয়াৱহ হত্যাকাণ্ডক এটা সন্ত্ৰাসবাদী ঘটনা হিচাপে গণ্য কৰা হৈছে আৰু আইন-শৃংখলা বজাই ৰখাৰ বাবে ৰাজস্থানত এমাহৰ বাবে বৃহৎ সমাৱেশ নিষিদ্ধ কৰা হৈছে। লগতে উচতনিমূলক আৰু ভুৱা খবৰ প্ৰচাৰ হোৱাৰ আশংকাত ৰাজ্যখনত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা।

Apply Now

ইতিমধ্যে কানহাইয়া লালক হত্যা কৰা দুয়ো হত্যাকাৰী গাউছ মহম্মদ আৰু ৰিয়াজ আখটাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই নাৰকীয় হত্যাকাণ্ডৰ তদন্তৰ বাবে এটা বিশেষ তদন্ত দল (এছআইটি) গঠনৰ নিৰ্দেশ দিয়া হৈছে।

ইতিমধ্যে ভাইৰেল হৈ পৰা হত্যাকাণ্ডটোৰ ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে যে গাউছ মহম্মদ আৰু ৰিয়াজ আখটাৰীয়ে গ্ৰাহকৰ ৰূপত কানহাইয়া লালৰ দোকানত প্ৰৱেশ কৰিছিল।কাপোৰৰ বাবে কানহাইয়া লালে তেওঁলোকৰ এগৰাকীৰ শৰীৰৰ জোখ লোৱাৰ সময়তে চোকা অস্ত্ৰৰে তেওঁক উপৰ্যুপৰি আক্ৰমণ কৰি হত্যা কৰে। এই সমগ্ৰ ঘটনাক হত্যাকাৰী দুগৰাকীয়ে নিজেই মোবাইল যোগে ভিডিঅ’ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে হত্যাকাৰী দুগৰাকীয়ে প্ৰথমে লালৰ মুণ্ডচ্ছেদ কৰিবলৈ চেষ্টা কৰিছিল।

আনহাতে হত্যাৰ পাছতে দুই হত্যাকাৰী মহম্মদ আৰু ৰিয়াজে আন এটা ভিডিঅ’ প্ৰকাশ কৰে। ভিডিঅ’টোত দুয়ো হত্যাত ব্যৱহৃত অস্ত্ৰ দেখুৱাই মুকলিকৈ লালৰ হত্যাক লৈ আনন্দ প্ৰকাশ কৰে। লগতে দুয়ো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাবুকি প্ৰদান কৰে।

এই নৃশংস হত্যাকাণ্ডক কেন্দ্ৰই ইতিমধ্যে সন্ত্ৰাসবাদী ঘটনা হিচাপে গণ্য কৰিছে আৰু প্ৰাথমিক তথ্য অনুসৰি হত্যাকাৰী দুগৰাকীৰ সন্ত্ৰাসবাদী গোট আইছিছৰ সৈতে সম্পৰ্ক থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা, চমুকৈ নিয়াৰ এটা দল ইতিমধ্যে এই সন্দৰ্ভত তদন্তৰ বাবে উদয়পুৰলৈ প্ৰেৰণ কৰা হৈছে।

আনহাতে এই হত্যাকাণ্ডৰ পাৰ্শ্বক্ৰিয়া হিচাপে চহৰখনত সম্ভাৱ্য যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰায় ৬০০ অতিৰিক্ত সৈন্য মোতায়েন কৰা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি চহৰখনৰ কিছু অঞ্চলৰ পৰা হিংসাত্মক ঘটনাৰ খবৰ পোৱাৰ পিছত যোৱা নিশা উদয়পুৰৰ কিছু অংশত কাৰফিউ জাৰি কৰা হৈছিল।

উল্লেখ্য যে কানহাইয়া লালে পয়গম্বৰ মহম্মদৰ ওপৰত বিতৰ্কিত মন্তব্য কৰা বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাৰ প্ৰতি ছ’চিয়েল মিডিয়াত সমৰ্থন ব্যক্ত কৰিছিল। কিছুদিন পূৰ্বে নুপুৰ শৰ্মাৰ সমৰ্থনত সামাজিক মাধ্যমত এটা পোষ্টৰ বাবে গ্ৰেপ্তাৰো হৈছিল লাল। যোৱা ১৫ জুনত জামিনত মুকলি হোৱাৰ পিছত লালে আৰক্ষীক তেওঁ ভাবুকিমূলক ফোন কল লাভ কৰিছে বুলি অভিযোগ কৰিছিল।

লালৰ এই নৃশংস হত্যাৰ পাছত ৰাজস্থান চৰকাৰে কানহাইয়া লালৰ পৰিয়ালৰ সদস্যসকলৰ বাবে ৫০ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে৷ মুখ্যমন্ত্ৰী অশোক গেহলটে টুইটযোগে ৰাজ্যখনৰ সকলো লোককে শান্তি বজাই ৰাখিবলৈ আহ্বান জনায় আৰু হত্যাকাৰীসকলৰ বিৰুদ্ধে দ্ৰুত আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে৷

আনহাতে ৰাহুল গান্ধী, শশী থাৰুৰ, অৰবিন্দ কেজৰিৱাল আৰু অনুৰাগ ঠাকুৰকে ধৰি কেইবাজনো ৰাজনীতিবিদে এই ঘটনাটোক গৰিহণা দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd