• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
July 6, 2022 9:39 am
Assam Govt
170
VIEWS
Share on FacebookShare on Twitter

আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। আজি ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পিছত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এক সংবাদমেল আয়োজন কৰি কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সম্পৰ্কে অৱগত কৰে।

কেবিনেটৰ সিদ্ধান্ত মৰ্মে আজি গৰীয়া, মৰিয়া, দেশী, জলাহ আৰু ছৈয়দ এই জনগোষ্ঠীৰ ইছলাম ধৰ্মাৱলম্বী লোকক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিয়া হয়।

কেশৱ মহন্তই সদৰি কৰা মতে কেবিনেটত নগৰ উন্নয়ন বিভাগৰ চেয়াৰমেন, সদস্য সকলৰ পাৰিতোষিক বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়।

সেই অনুসৰি পৌৰপতিৰ দৰমহা ১০ ৰ পৰা ১৫ হাজাৰ টকা, উপ পৌৰপতিৰ দৰমহা ৭ ৰ পৰা ১২ হাজাৰ টকা, সদস্যৰ দৰমহা ৫ ৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে।

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে প্ৰাক্তন সৈনিক সকললৈ এক বিশেষ ৰেহাই প্ৰদান কৰা হৈছে। এতিয়াৰ পৰা ৰাজ্যৰ প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পত্নীয়ে দিব নালাগে সম্পত্তিৰ কৰ।

আনহাতে মেট্ৰিকত প্রথম বিভাগত উত্তীৰ্ণ সকললৈ ১৬ হাজাৰ টকাৰ বিত্তীয় অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লয় কেবিনেটে।

উল্লেখ্য যে কিছুদিন পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকললৈ আগবঢ়োৱা আনন্দৰাম বৰুৱা বঁটা বাতিলৰ ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে।

চৰকাৰৰ এ সসিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এই প্ৰতিক্ৰিয়াৰ পৰিণতিতে কেবিনেটে এই নতুন সিদ্ধান্ত গ্ৰহণ কৰা বুলি সন্দেহ কৰা হৈছে।

Recent News

ধ্বংসৰ মুখত কৰাচী বন্দৰ; পাকিস্তানৰ ওপৰত জল, স্থল আৰু আকাশ তিনি পথেৰে আক্ৰমণ ভাৰতৰ

ধ্বংসৰ মুখত কৰাচী বন্দৰ; পাকিস্তানৰ ওপৰত জল, স্থল আৰু আকাশ তিনি পথেৰে আক্ৰমণ ভাৰতৰ

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd