পথাৰৰ কাম কৰি ঘৰলৈ উভতি আহোতে তীব্ৰবেগী আল্ট্ৰা বাছে মহতিয়াই নিয়ে এজন যুৱকক ৷
আল্ট্ৰা বাছৰ খুণ্ডাত থিতাতে নিহত যুৱক গৰাকীৰ নাম গজেন ৰায় ৷
নিহত যুৱক গৰাকীৰ ঘৰ ৰংজুলি সৰদাৰপাৰাত ৷ ৰংজুলি গড়কাপ্তানি বিভাগৰ (ৰাষ্ট্ৰীয় ঘাইপথ) পৰিদৰ্শন বঙলাৰ সন্মুখত সংঘটিত হয় দুৰ্ঘটনাটো ৷
দুৰ্ঘটনা সংঘটিত কৰা আল্ট্ৰা বাছখনৰ পঞ্জীয়ন নম্বৰ AS 01- LC- 9041 ৷ গুৱাহাটীৰ পৰা ফকিৰগঞ্জ অভিমুখী আছিল বাছখন ৷ মৃত যুৱক গৰাকীয়ে পথাৰৰ পৰা চাইকেলেৰে আহি ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰিবলৈ লওঁতেই মহতিয়াই নিয়ে বাছখনে ৷
দু্ৰ্ঘটনা সংঘটিত কৰা বাছখন ৰংজুলি থানালৈ অনাৰ লগতে মৃত লোক জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে আৰক্ষীয়ে ৷