• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Honorary doctorate: গ্ৰীণ অস্কাৰ বঁটা বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট; দদৰাত আনন্দ মুখৰ পৰিবেশ

মৃদুল প্ৰীতম ডেকা, কামৰূপ by মৃদুল প্ৰীতম ডেকা, কামৰূপ
July 14, 2022 4:43 pm
গ্ৰীণ অস্কাৰ বিজয়ী পুৰ্নিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী।

গ্ৰীণ অস্কাৰ বিজয়ী পুৰ্নিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী।

135
VIEWS
Share on FacebookShare on Twitter

Purnima Devi Barman receives honorary doctorate গ্ৰীণ অস্কাৰ বঁটা বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হৈছে পৰিবেশ শিতানত সন্মানীয় ডক্টৰেট ডিগ্ৰী। বেংগালুৰুৰ “শ্ৰী সত্য সাই ইউনিভাৰ্চিটি ফৰ হিউমেন এক্সিলেন্স”ৰ তৰফৰ পৰা এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত ভাৰতৰ মুঠ ৬ গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে। তাৰ ভিতৰত অসমৰ পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হৈছে এই সন্মান।

বিগত প্ৰায় এটা দশক পূৰ্ণিমা দেৱী বৰ্মনে কামৰূপৰ দদৰা পছৰীয়াৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত দুষ্প্ৰাপ্য হাড়গিলা সংৰক্ষণৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে। বিভিন্ন সময়ত তেওঁ বহু বিপদ শংকুল যাত্ৰাৰে নিজৰ জীৱনক তুচ্ছ কৰি প্ৰকৃতি প্ৰেমৰ বিৰল নিদৰ্শন দাঙি ধৰিছে।

আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰাৰ মুহূৰ্তত পুৰ্নিমা দেৱী বৰ্মন।

দদৰা অঞ্চলত তেওঁ হাড়গিলা সংৰক্ষণৰ বাবে ৫ শতাধিক মহিলাক লৈ গঠন কৰিছিল হাড়গিলা আৰ্মী নামেৰে মহিলাৰে গঠিত সংগঠন।

বেংগালুৰুৰ “শ্ৰী সত্য সাই ইউনিভাৰ্চিটিয়ে এই সন্মান আগবঢ়োৱাত সুখী অনুভৱ কৰিছে পূৰ্ণিমা দেৱী বৰ্মনে। পূৰ্ণিমা দেৱী বৰ্মনৰ এই সাফল্যত দদৰাত আনন্দ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে।

উল্লেখ্য যে বুধবাৰে বাংগালুৰুৰ শ্ৰী সত্য বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে অসমৰ পূৰ্ণিমা দেৱী বৰ্মনকে ধৰি ছয়গৰাকী বিশিষ্ট ব্যক্তিক সন্মানীয় ডক্টৰেট প্ৰদান কৰে।

সন্মানীয় ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰি ভাষণ দিয়াৰ মুহূৰ্তত পুৰ্নিমা দেৱী বৰ্মন।

পাৰমাণৱিক পদাৰ্থবিজ্ঞানী আৰ চিদাম্বৰম আৰু ক্ৰিকেটাৰ সুনীল গাভাস্কাৰকো সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছে।

তদুপৰি, ইছৰোৰ প্ৰাক্তন মুৰব্বী কে কস্তুৰিৰঙ্গন, ভাৰতীয় হিন্দুস্তানী কণ্ঠশিল্পী এম ভেঙ্কটেশ কুমাৰ আৰু বহুতকে বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদান কৰাৰ বাবে চি শ্ৰীনিৱাসক বিশ্ববিদ্যালয়খনে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।  

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd