• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুৰণি মোহে উক দিছে লালু পুত্ৰক: হাতত বেট লৈ কৰিলে নিৰ্দয় প্ৰহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2022 9:50 pm
Tejashwi Yadav playing cricket
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তথা বিহাৰ বিধানসভাৰ বিৰোধী দলৰ নেতা তেজস্বী যাদৱে আকৌ এবাৰ নিজৰ পুৰণি মোহৰ প্ৰতি আৱেগৰ টান অনুভৱ কৰিছে। ৰাজনীতিৰ পেছা এৰি এইবাৰ নিজৰ সেই পুৰণি মোহ তথা পেছাত নামিছে তেজস্বী।

ৰাজনীতিৰ পথাৰত ভৰি দিয়াৰ পূৰ্বে এগৰাকী ক্ৰিকেটাৰ হিচাপে আত্মপ্ৰকাশ কৰা তেজস্বী পুনৰ উভতিছে ২২ গজৰ যুঁজলৈ। হাতত বেট লৈ সন্মুখৰ বলাৰক কৰিছে নিৰ্দয় প্ৰহাৰ, তাৰ পিছতে বল হাতত তুলি স্পিন ঘূৰ্ণীৰে শলঠেকত পেলাইছে বেটাৰক।

Apply Now

দেওবাৰে আৰ জে ডি- ৰ নেতা গৰাকীয়ে টুইটাৰত পোষ্ট কৰিছে এই দৃশ্য। অৱশ্যে আনুষ্ঠানিক ক্ৰিকেট যুঁজত নহয়, ঘৰৰ চোতালতহে লালু পুত্ৰই ক্ৰিকেটৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে।

মাতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱীৰ চৰকাৰী বাসগৃহ চাৰ্কুলাৰ ৰোড বাংলোৰ চৌহদত অৱসৰ বিনোদনৰ বাবেহে হাতত পুনৰ বেট-বল তুলি লয় তেজস্বী যাদৱে। এই সাময়িক বিনোদনৰে এটা চমু ভিডিঅ’ টুইটাৰত পোষ্ট কৰে যাদৱে।

ভিডিঅ’টোত তেজস্বীয়ে লিখিছে, “জীৱনেই হওক বা খেল, জিকিবলৈ সদায় খেলিব লাগিব। আপুনি যিমানে মগজুত পৰিকল্পনা কৰিব, খেলপথাৰত সিমানে অধিক ভাল প্ৰদৰ্শন কৰিব। কেইবাটাও বৰ্ষৰ পিছত পুনৰ হাতত বেট আৰু বল তুলি লোৱাৰ চেষ্টা কৰি আনন্দিত।

“যেতিয়া আপোনাৰ গাড়ী চালক, ৰান্ধনী, চুইপাৰ, মালি আৰু আন পৰিচৰ্যাকাৰী সকল আপোনাৰ প্ৰতিপক্ষ খেলুৱৈ হয় আৰু আপোনাক আঘাত কৰিবলৈ আৰু আউট কৰিবলৈ আগ্ৰহী হয়, তেতিয়া ই অধিক সন্তোষজনক হৈ পৰে।”- টুইটটোত যাদৱে লগতে এইদৰে লিখে।

 

Life or game, one should always play to win. The more you plan in head, the more you perform on field.

Pleasure to try hands on bat & ball after ages. It becomes more satisfying when driver, cook, sweeper, gardener & care takers are your playmates and keen to hit & bowl you out. pic.twitter.com/ChvK9evzi2

— Tejashwi Yadav (@yadavtejashwi) July 17, 2022

উল্লেখ্য যে ৰাজনীতিত ভৰি দিয়াৰ পূৰ্বে ক্ৰিকেটাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল তেজস্বীয়ে। দিল্লীৰ হৈ তেওঁ জুনিয়ৰ ক্ৰিকেটো খেলিছিল। আনহাতে উদ্বোধনী বৰ্ষৰ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত দিল্লী ডেয়াৰডেভিলছ দলৰ অংশও আছিল তেজস্বী।

তদুপৰি তেওঁ ঝাৰখণ্ডক প্ৰতিনিধিত্ব কৰিও কেইবাখনো আন্ত:ৰাজ্যিক পৰ্যায়ৰ টূৰ্ণামেণ্ট খেলিছিল। জুনিয়ৰ ক্ৰিকেটত তেজস্বীৰ নামত আছে শতকীয় ইনিংছো।

কিন্তু ক্ৰিকেট কেৰিয়াৰত আশানুৰূপ সফলতা লাভ নকৰাৰ পাছত পিতৃ লালু প্ৰসাদ যাদৱ আৰু মাতৃ ৰাৱড়ী দেৱীৰ পথ অনুসৰণ কৰি তেজস্বীয়ে ৰাজনীতিত প্ৰৱেশ কৰে।

ইফালে শেহতীয়াকৈ বিহাৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেজস্বীক ওজন হ্ৰাস কৰাৰ পৰামৰ্শ দিছিল। প্ৰধানমন্ত্ৰী মোদীৰ এই পৰামৰ্শক তেজস্বীয়ে যথেষ্ট গুৰুত্বসহকাৰে লোৱা বুলি সামাজিক মাধ্যমত সৰস চৰ্চা চলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd