• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

আমাৰ পতাকা আৰু কিছু চিন্তা

হৰেকৃষ্ণ ডেকা by হৰেকৃষ্ণ ডেকা
August 15, 2022 7:59 am
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ জাতীয় পতাকাক ত্ৰিৰঙ্গ বুলি কোৱা হয়, কাৰণ কাপোৰখনত তিনিটা ৰং আছে। আচলতে আমাৰ পতাকাত চাৰিটা ৰং আছে। ওপৰত গেৰুৱা, মাজত বগা আৰু তলত সেউজীয়া। তিনিওটা ৰঙৰে সমান অংশ। মাজত এটা চক্ৰ আছে আৰু এই চক্ৰৰো এটা ৰং আছে আৰু ই এক বিশেষ নীলা navy blue। এই চক্ৰ অশোকৰ ধৰ্মচক্ৰৰ পৰা লোৱা। বেলেগ এটা ৰং ইয়াত দিলে পতাকাখন বিকৃত ক’ৰা হ’ব। এই পতাকাই ভাৰত ৰাষ্ট্ৰৰ ঐক্যৰ কথা সোঁৱৰাই দিয়ে।

পতাকাৰ ৰংবোৰ আৰু মাজৰ চক্ৰ উদ্দেশ্যহীনভাৱে দিয়া নহয়। ইয়াৰ সুন্দৰ ব্যাখ্যা ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনে সুচিন্তিতভাৱে দি থৈ গৈছে। ওপৰৰ গেৰুৱা ৰং ত্যাগ আৰু অনাসক্তিৰ প্ৰতীক। মাজৰ বগা ৰং পোহৰৰ প্ৰতীক, যি আমাক সত্যৰ বাট দেখুওৱাৰ পথ। তৃতীয় সেউজীয়া ৰং আমাৰ দেশৰ মাটিৰ, আমাৰ  গছ-গছনি (plant life)ৰ প্ৰতীক, যি আন সকলো জীৱকে জীৱন ধাৰণ ক’ৰাত সহায় ক’ৰে। মাজত থকা অশোক চক্ৰ ধৰ্মচক্ৰ‌। জাতীয় পতাকাৰ তলত যিসকলে দায়িত্ব লয়, সেই সকলক অশোক চক্ৰই সোঁৱৰাই থাকে যে তেওঁলোকৰ সেৱাৰ পথৰ নিৰ্দেশক হ’ল সত্য আৰু সৎ কৰ্ম। চক্ৰই গতিশীলতাও বুজায়, স্থৱিৰতা মৃত্যু তুল্য, গতিকে ভাৰতে পৰিৱৰ্তনক স্বীকাৰ কৰিব লাগে আৰু (উন্নতি পথত) আগুৱান হ’ব লাগে।

১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে এই নতুনকৈ স্বাধীন হোৱা দেশৰ ভাগ্যৰ লগত যি সাক্ষাৎ হ’ল (tryst with destiny) জাতীয় পতাকাই সেই সাক্ষাতৰ দিক নিৰ্দেশ কৰিলে। আমাৰ পতাকাই আমাৰ দেশৰ গৌৰৱ ধ্বজা বহন কৰি আছে অহৰহ ।

Apply Now

পতাকাখনে আমাৰ জাতীয়তাবোধ জাগ্ৰত নকৰাকৈ নাথাকে। কিন্তু জাতীয় পতাকাৰ যি তাৎপৰ্যপূৰ্ণ ব্যাখ্যা ডঃ ৰাধাকৃষ্ণনে কৰি থৈ গ’ল, সেই তাৎপৰ্যৰ মৰ্যাদা যিসকল নেতাই দেশৰ শাসনভাৰ ক্ৰমান্বয়ে আৰম্ভণিৰ পৰা আজিলৈকে বহন কৰি আহিল, তেওঁলোকে অক্ষুণ্ণ ৰাখিব পাৰিলেনে বা পাৰিছেনে? দেশৰ শাসনৰ নীতিবোৰ সত্য আৰু সততাৰ বাটেৰে তেওঁলোকে লৈ গৈ আছেনে? নীতিবোৰ যেতিয়া বেলেগ বেলেগ ৰীতিৰে বিশ্লেষিত হয়, তেতিয়া দেখোন তাৎপৰ্য নিৰপেক্ষ নহৈ নীতিবাগীচৰ সংকেতৰহে অনুগামী হয়! এতিয়া তাতকৈ বেলেগ হৈছেনে?

 শাসকে সুশাসন দিব লাগে। এই সুশাসানৰ ফচল দেশৰ সকলো ঠাইৰ সকলো শ্ৰেণীৰ মানুহে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে নিৰপেক্ষভাৱে পাই আছেনে? জাতীয় পতাকাৰ তলত থিয় হ’লে আৰু ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনে দিয়া ব্যাখ্যা মনত পৰিলে এনে প্ৰশ্ন মোৰ মনলৈ আহে আৰু মই সদুত্তৰ নাপাওঁ। অলপতে ভাজপাৰ নেতা বৰুণ গান্ধীৰ এটা মন্তব্যই মোক স্তম্ভিত কৰিলে। তেওঁ ধিক্কাৰ দি ক’লে যে কৰবাত দেশৰ খাটি খোৱা মানুহে জাতীয় পতাকা নিকিনেলে সস্তীয়া ৰেশ্বন নাপায়। পিছত হেনো এই নিৰ্দেশনা উঠাই লোৱা হ’ল। কিন্তু সেই বুলি এই নিৰ্দেশনা যি মনোবৃত্তিৰ পৰা ওলাইছিল তাকতো ঢাকি ৰাখিব নোৱাৰি। প্ৰভুৱে গোলামক দিয়া নিৰ্দেশনাৰ লগত তুলনীয় এবিধ মনোবৃত্তিৰ দৰেই দেখোন ইয়াক লাগে।

চাৰি বছৰ বয়সত জাতীয় পতাকা প্ৰথম দেখিছিলোঁ। জাতীয় গৌৰৱ তেতিয়াই যি প্ৰৱল হৈছিল তাৰ চালিকা শক্তিয়ে মোক চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতেই জীৱনৰ প্ৰথম ৰচনা লিখিবলৈ উদগনি যোগাইছিল, ‘স্বাধীন ভাৰতত’। লিখিছিলোঁ স্কুলৰ হাতে লিখা আলোচনীৰ বাবে। স্বাধীন ভাৰতৰ নৱ-প্ৰজন্মৰ দেশৰ প্ৰতি কি কৰ্তব্য এই বিষয়ে এখন কেঁচা ৰচনা। কিন্তু জাতীয় পতাকাই উদ্দীপনা নিদিয়া হ’লে তেতিয়াৰ মোৰ কোমল মনত এনে প্ৰেৰণা নাহিলহেতেন।

কিন্তু গান্ধী আৰু নেহৰুৰ পিছত দেশৰ আন কোনো নেতাৰ প্ৰতিয়েই কিয় একান্ত শ্ৰদ্ধা অনুভৱ কৰিব নোৱাৰিলোঁ? নেহৰুৰ অজস্ৰ ভুল আৰু দোষ স্বত্তেও কিয় এতিয়াও তেওঁক নতুন ভাৰতৰ ভিত্তি নিৰ্মাতা বুলি ভাবি থাকিলোঁ? ৰাষ্ট্ৰ-নিৰ্মাণতকৈ দলীয় আধিপত্যৰ কৌশল ৰচনাই কিয় অগ্ৰাধিকাৰ পোৱা বুলি ধাৰণা ক্ৰমে বাঢ়িব ধৰিছে? আৰু এতিয়া কিয় ধাৰণা হ’ব ধৰিছে যে আমাৰ সংবিধানো লৰক-ফৰক হৈ আহিছে আৰু যিসকলৰ হাতত ইয়াৰ পৱিত্ৰতা ৰক্ষাৰ দায়িত্ব তেওঁলোকো ক্ৰমাৎ দিকভ্ৰান্ত হ’ব ধৰিছে? মোৰ ভ্ৰান্তদৃষ্টি নে শাসনত সোমোৱা উদ্দেশ্যধৰ্মী কেৰোণ?

এনে শঙ্কামিশ্ৰিত ধাৰণাৰ পৰাই কিজানি কেই বছৰমান আগতে মোৰ কলমৰ পৰা তলৰ কবিতাটো ওলাইছিল:

ত্ৰিৰংগ

——-

যদি গেৰুৱা ত্যাগৰ ৰং হয়,

তেন্তে কোৰোণাৰে চপোৱাৰ ইমান হেঁপাহ কিয়?

যদি বগা বিশুদ্ধতাৰ ৰং হয়,

তেনেহলে দুৰ্নীতিৰ ইমান পংকিলতা কিয়?

যদি সেউজীয়া প্ৰকৃতিৰ ৰং হয়,

তেন্তে পৰিবেশৰ এই বলাৎকাৰ কিয়?

ধৰ্মচক্ৰ,

 

তুমি স্তব্ধ হৈ ৰৈ থাকা-

যেন বিমূঢ়, চলনশক্তিহীন।

তুমি সঁচাকৈয়ে জানো অথৰ্ব? নে

কোনো এক কৃষ্ণৰ বাবে ৰৈ আছা

যি তোমাক তেওঁৰ আঙুলিৰে দাঙি ল’ব

আৰু সুদৰ্শন-চক্ৰৰ দৰে ঘূৰাব?

——-

(হৰেকৃষ্ণ ডেকা, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান, বিশিষ্ট কবি, সাহিত্য সমালোচক।)

হৰেকৃষ্ণ ডেকা

হৰেকৃষ্ণ ডেকা

ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া, বিশিষ্ট কবি, লেখক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd