হাৰ্নিয়া এনে এক ৰোগগ্ৰস্ত অৱস্থা, য’ত শৰীৰৰ কোনো এক অংগ বা অংগৰ কোনো এক অংশ অস্বাভাৱিকভাৱে দেহৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহে, বিশেষকৈ শৰীৰৰ কোনো ঠুনুকা অংশ ওলাই আহে।সাধাৰণতে পেট আৰু উৰুসন্ধিৰে হাৰ্নিয়াৰ এই লক্ষণ প্ৰকট হৈ পৰে।
যিকোনো লোকেই এই ৰোগ ধৰা পেলাব পাৰে, বিশেষকৈ পেট বা উৰুসন্ধি অথবা অশুকোষৰ পৃষ্ঠভাগত কোমলকৈ উখহি উঠা মাংসপেশী চুই চালেই ধৰিব পৰা যায়, কেতিয়াবা হেঁচা প্ৰয়োগ কৰিলে বা কেতিয়াবা অনবৰতে এই কোমল মাংসপিণ্ড উখহি থকা দেখা যায়, কেতিয়াবা হেঁচি দিলে ভিতৰলৈও সোমাই যায়, এই হাৰ্নিয়া বুলি চিহ্নিত মাংসপিণ্ড।
ই প্ৰাথমিক অৱস্থাত যদিও কোনো উপসৰ্গবিহীন বা লক্ষণহীন হয়, তথাপি সমস্যাই জটিল ৰূপ ধাৰণ কৰাৰ লগে লগে বিষ, প্ৰদাহ আদিৰো সৃষ্টি হ’ব পাৰে।
ইয়াৰ চিকিৎসা সম্পৰ্কে কিছু কথা জানো আহক
লগতে পঢ়কদিল্লী-নাগপুৰক আনুগত্য দেখুৱালৈ গৈ অসমৰ নিবনুৱাৰ ভৱিষ্যতক পণবন্দী নকৰিব: জাতীয় যুৱ শক্তি
সকলোবোৰ হাৰ্নিয়াৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন নহয়, বহু হাৰ্নিয়া ভালদৰে তদাৰকীৰ মাজেৰেও ৰাখিব পাৰি। কিন্তু অধিকাংশ লোকেই আজিকালি হাৰ্নিয়াৰ ফলত কুশ্ৰী হৈ পৰাৰ ভয় তথা বিষবিহীন চিকিৎসাৰ উপলব্ধতাৰ বাবে অস্ত্ৰোপচাৰ কৰাকেই অগ্ৰাধিকাৰ দিয়ে।
অস্ত্ৰোপচাৰৰ পূৰ্বে হাৰ্নিয়াৰ দৰে হ’ব পৰা সমস্যাসমূহৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰিব লাগে। প্ৰয়োজনসাপেক্ষে মুক্ত অস্ত্ৰোপচাৰ আৰু লেপাৰোস্ক’পিক অস্ত্ৰোপচাৰ দুয়োটা ধৰণেৰেই ইয়াৰ চিকিৎসা কৰিব পাৰি।
দুয়োটা পদ্ধতিতেই এটা মেশ্ব(কৃত্ৰিম জালৰ দৰে এক যতন) ব্যৱহাৰ কৰি লেপাৰোস্ক’পিক চিকিৎসাত থকা সুবিধাটো হৈছে ইয়াত বিষ নহয়, অতি ন্যূনতম চিহ্ন ২৪ৰ পৰা ৪৮ ঘন্টাৰ ভিতৰতে চিকিৎসালয়ৰ পৰা অব্যাহতি, আনকি কিছুমানৰ ক্ষেত্ৰত লেপাৰোস্ক’পিক চিকিৎসাৰ তদিনাই চিকিৎসালয়ৰ পৰা অব্যাহতি ল’ব পাৰি।
হাৰ্নিয়াৰ প্ৰকাৰবোৰ জানো আহক
হাৰ্নিয়া বিভিন্ন প্ৰকাৰৰ আছে। উৰুসন্ধিত হোৱা অধিকাংশ হাৰ্নিয়াই ‘ইনগুইনেল’(এবিধ গ্ৰন্থি), আনবিধ হাৰ্নিয়া হৈছে ‘ফিমোৰেল’। ইফালে পেটত হোৱা হাৰ্নিয়াৰ অধিকাংশই সাধাৰণতে হয় অস্ত্ৰোপচাৰৰ পিচত, এয়া হোৱাৰ কাৰণ হৈছে অস্ত্ৰোপচাৰৰ পিচত ভিতৰৰ মাংসপেশীৰ তৰপবোৰ দুৰ্বল হৈ পৰে।
লগতে পঢ়ক মহানগৰীত পুনৰ ছিলিণ্ডাৰ বিস্ফোৰণ; ৪ টাকৈ ছিলিণ্ডাৰ বিস্ফোৰণত কঁপি উঠিল ভঙাগড়
শৱাসনত থাকি বা শুই থকা অৱস্থাত যদিহে ভৰি ওপৰলৈ পোনকৈ উঠাই দি পেটৰ মাংসপেশী টান কৰি দিয়া হয়, তেতিয়া এনেদৰে উখহি উঠা অংশবোৰ স্পষ্টকৈ ওলাই পৰে আৰু পেটটো ঢিলা কৰি দিয়া মাত্ৰকে উখহা অংশবোৰ নাইকিয়া হৈ পৰে। উল্লেখ্য যে কিছুমান হাৰ্নিয়া জন্মৰে পৰা থাকে আৰু সেয়েহে এইবোৰত জন্মগত হাৰ্নিয়া বুলি কোৱা হয়।
আন এবিধ হাৰ্নিয়া আছে, যাৰ নাম হিয়েটাছ হাৰ্নিয়া, ইয়াক বাহিৰৰ পৰা দেখা নাযায় বা অনুভৱো কৰিব নোৱাৰি, এনেবোৰ হাৰ্নিয়া হৃৎপিণ্ড প্ৰদাহ আদি সমস্যাৰে দেখা দিয়ে। এইবিধ হাৰ্নিয়া কেৱল এণ্ডোস্ক’পিৰ মাধ্যমেৰেহে ধৰা পেলাব পাৰি।
হাৰ্নিয়াৰ কাৰণসমূহ জানেনে?
ধাৰাবাহিকভাৱে পেটত চাপ প্ৰয়োগ কৰা বা কোনো আঘাত বা পূৰ্বতে কৰা কোনো অস্ত্ৰোপচাৰৰ ফলত পেটৰ মাংসপেশী দুৰ্বল হৈ পৰে আৰু ইয়েই হাৰ্নিয়াৰ এক অন্যতম কাৰণ হিচাপে বিবেচিত হ’ব পাৰে।
ধাৰাবাহিকভাৱে হৈ থকা কাহ, কোষ্ঠকাঠিন্য, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা বা প্ৰস্ৰাৱৰ বিভিন্ন সমস্যা, পেটৰ ভিতৰত অত্যধিক অম্লশূল হোৱা আদিয়ে পেটৰ ভিতৰভাগত যথেষ্ট চাপৰ সৃষ্টি কৰে, এইবোৰ কাৰণতে হাৰ্নিয়া হ’ব পাৰে।
তদুপৰি স্থূলতা, ধূমপান, অনিয়মিত পৰিপুষ্টি আদিও হাৰ্নিয়াৰ বাবে বিপজ্জনক কাৰণ হিচাপে বিবেচিত হ’ব পাৰে। পেটত থকা বিভিন্ন অংগ-প্ৰত্যংগ শৰীৰৰ বিভিন্ন সুৰুঙা বা খালী স্থানেৰে বাহিৰলৈ ওলাই আহিব পাৰে।
এনেবোৰ অৱস্থালৈ কোনো জটিল সমস্যাৰ সৃষ্টি নহয় যদিও আটাইতকৈ ভয়াৱহ অৱস্থাটো হৈছে শ্বাস-প্ৰশ্বাস বন্ধ হৈ পৰা অৱস্থা, যেতিয়া হাৰ্নিয়া হোৱা অংশলৈ চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।
কেতিয়াবা এনেকুৱাও হয় যে ভিতৰৰ অংগ-প্ৰতংগ ওলাই আহে যদিও ভিতৰলৈ সোমাই নাযায়। এনে পৰিস্থিতিত বিষ বা বমিৰ দৰে সমস্যাই দেখা দিয়ে।