• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Hernia হাৰ্নিয়া কি আৰু ই কেনেকৈ হয়, কাৰণ সমূহ জানেনে?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 20, 2022 2:58 pm
544
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাৰ্নিয়া এনে এক ৰোগগ্ৰস্ত অৱস্থা, য’ত শৰীৰৰ কোনো এক অংগ বা অংগৰ কোনো এক অংশ অস্বাভাৱিকভাৱে দেহৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহে, বিশেষকৈ শৰীৰৰ কোনো ঠুনুকা অংশ ওলাই আহে।সাধাৰণতে পেট আৰু উৰুসন্ধিৰে হাৰ্নিয়াৰ এই লক্ষণ প্ৰকট হৈ পৰে।

যিকোনো লোকেই এই ৰোগ ধৰা পেলাব পাৰে, বিশেষকৈ পেট বা উৰুসন্ধি অথবা অশুকোষৰ পৃষ্ঠভাগত কোমলকৈ উখহি উঠা মাংসপেশী চুই চালেই ধৰিব পৰা যায়, কেতিয়াবা হেঁচা প্ৰয়োগ কৰিলে বা কেতিয়াবা অনবৰতে এই কোমল মাংসপিণ্ড উখহি থকা দেখা যায়, কেতিয়াবা হেঁচি দিলে ভিতৰলৈও সোমাই যায়, এই হাৰ্নিয়া বুলি চিহ্নিত মাংসপিণ্ড।

Apply Now

ই প্ৰাথমিক অৱস্থাত যদিও কোনো উপসৰ্গবিহীন বা লক্ষণহীন হয়, তথাপি সমস্যাই জটিল ৰূপ ধাৰণ কৰাৰ লগে লগে বিষ, প্ৰদাহ আদিৰো সৃষ্টি হ’ব পাৰে।

ইয়াৰ চিকিৎসা সম্পৰ্কে কিছু কথা জানো আহক

লগতে পঢ়কদিল্লী-নাগপুৰক আনুগত্য দেখুৱালৈ গৈ অসমৰ নিবনুৱাৰ ভৱিষ্যতক পণবন্দী নকৰিব: জাতীয় যুৱ শক্তি

সকলোবোৰ হাৰ্নিয়াৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন নহয়, বহু হাৰ্নিয়া ভালদৰে তদাৰকীৰ মাজেৰেও ৰাখিব পাৰি। কিন্তু অধিকাংশ লোকেই আজিকালি হাৰ্নিয়াৰ ফলত কুশ্ৰী হৈ পৰাৰ ভয় তথা বিষবিহীন চিকিৎসাৰ উপলব্ধতাৰ বাবে অস্ত্ৰোপচাৰ কৰাকেই অগ্ৰাধিকাৰ দিয়ে।

অস্ত্ৰোপচাৰৰ পূৰ্বে হাৰ্নিয়াৰ দৰে হ’ব পৰা সমস্যাসমূহৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰিব লাগে। প্ৰয়োজনসাপেক্ষে মুক্ত অস্ত্ৰোপচাৰ আৰু লেপাৰোস্ক’পিক অস্ত্ৰোপচাৰ দুয়োটা ধৰণেৰেই ইয়াৰ চিকিৎসা কৰিব পাৰি।

দুয়োটা পদ্ধতিতেই এটা মেশ্ব(কৃত্ৰিম জালৰ দৰে এক যতন) ব্যৱহাৰ কৰি লেপাৰোস্ক’পিক চিকিৎসাত থকা সুবিধাটো হৈছে ইয়াত বিষ নহয়, অতি ন্যূনতম চিহ্ন ২৪ৰ পৰা ৪৮ ঘন্টাৰ ভিতৰতে চিকিৎসালয়ৰ পৰা অব্যাহতি, আনকি কিছুমানৰ ক্ষেত্ৰত লেপাৰোস্ক’পিক চিকিৎসাৰ তদিনাই চিকিৎসালয়ৰ পৰা অব্যাহতি ল’ব পাৰি।

হাৰ্নিয়াৰ প্ৰকাৰবোৰ জানো আহক

হাৰ্নিয়া বিভিন্ন প্ৰকাৰৰ আছে। উৰুসন্ধিত হোৱা অধিকাংশ হাৰ্নিয়াই ‘ইনগুইনেল’(এবিধ গ্ৰন্থি), আনবিধ হাৰ্নিয়া হৈছে ‘ফিমোৰেল’। ইফালে পেটত হোৱা হাৰ্নিয়াৰ অধিকাংশই সাধাৰণতে হয় অস্ত্ৰোপচাৰৰ পিচত, এয়া হোৱাৰ কাৰণ হৈছে অস্ত্ৰোপচাৰৰ পিচত ভিতৰৰ মাংসপেশীৰ তৰপবোৰ দুৰ্বল হৈ পৰে।

লগতে পঢ়ক মহানগৰীত পুনৰ ছিলিণ্ডাৰ বিস্ফোৰণ; ৪ টাকৈ ছিলিণ্ডাৰ বিস্ফোৰণত কঁপি উঠিল ভঙাগড়

শৱাসনত থাকি বা শুই থকা অৱস্থাত যদিহে ভৰি ওপৰলৈ পোনকৈ উঠাই দি পেটৰ মাংসপেশী টান কৰি দিয়া হয়, তেতিয়া এনেদৰে উখহি উঠা অংশবোৰ স্পষ্টকৈ ওলাই পৰে আৰু পেটটো ঢিলা কৰি দিয়া মাত্ৰকে উখহা অংশবোৰ নাইকিয়া হৈ পৰে। উল্লেখ্য যে কিছুমান হাৰ্নিয়া জন্মৰে পৰা থাকে আৰু সেয়েহে এইবোৰত জন্মগত হাৰ্নিয়া বুলি কোৱা হয়।

আন এবিধ হাৰ্নিয়া আছে, যাৰ নাম হিয়েটাছ হাৰ্নিয়া, ইয়াক বাহিৰৰ পৰা দেখা নাযায় বা অনুভৱো কৰিব নোৱাৰি, এনেবোৰ হাৰ্নিয়া হৃৎপিণ্ড প্ৰদাহ আদি সমস্যাৰে দেখা দিয়ে। এইবিধ হাৰ্নিয়া কেৱল এণ্ডোস্ক’পিৰ মাধ্যমেৰেহে ধৰা পেলাব পাৰি।

হাৰ্নিয়াৰ কাৰণসমূহ জানেনে?

ধাৰাবাহিকভাৱে পেটত চাপ প্ৰয়োগ কৰা বা কোনো আঘাত বা পূৰ্বতে কৰা কোনো অস্ত্ৰোপচাৰৰ ফলত পেটৰ মাংসপেশী দুৰ্বল হৈ পৰে আৰু ইয়েই হাৰ্নিয়াৰ এক অন্যতম কাৰণ হিচাপে বিবেচিত হ’ব পাৰে।

ধাৰাবাহিকভাৱে হৈ থকা কাহ, কোষ্ঠকাঠিন্য, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা বা প্ৰস্ৰাৱৰ বিভিন্ন সমস্যা, পেটৰ ভিতৰত অত্যধিক অম্লশূল হোৱা আদিয়ে পেটৰ ভিতৰভাগত যথেষ্ট চাপৰ সৃষ্টি কৰে, এইবোৰ কাৰণতে হাৰ্নিয়া হ’ব পাৰে।

তদুপৰি স্থূলতা, ধূমপান, অনিয়মিত পৰিপুষ্টি আদিও হাৰ্নিয়াৰ বাবে বিপজ্জনক কাৰণ হিচাপে বিবেচিত হ’ব পাৰে। পেটত থকা বিভিন্ন অংগ-প্ৰত্যংগ শৰীৰৰ বিভিন্ন সুৰুঙা বা খালী স্থানেৰে বাহিৰলৈ ওলাই আহিব পাৰে।

এনেবোৰ অৱস্থালৈ কোনো জটিল সমস্যাৰ সৃষ্টি নহয় যদিও আটাইতকৈ ভয়াৱহ অৱস্থাটো হৈছে শ্বাস-প্ৰশ্বাস বন্ধ হৈ পৰা অৱস্থা, যেতিয়া হাৰ্নিয়া হোৱা অংশলৈ চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

কেতিয়াবা এনেকুৱাও হয় যে ভিতৰৰ অংগ-প্ৰতংগ ওলাই আহে যদিও ভিতৰলৈ সোমাই নাযায়। এনে পৰিস্থিতিত বিষ বা বমিৰ দৰে সমস্যাই দেখা দিয়ে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd