• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৰঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’ল অভিলেখ সংখ্যক শিক্ষাৰ্থী

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
April 22, 2018 3:07 pm
Students seen appearing in the competitive test in a venue on Saturday
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শণিবাৰে দৰঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অভিলেখ সংখ্যক ১৫৭০ গৰাকী শিক্ষাৰ্থীয়ে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱা দেখা গ’ল। মঙলদৈৰ তিনিটা, ছিপাঝাৰ আৰু খাৰুপেটিয়াৰ দুটাকৈ মুঠ সাতটা কেন্দ্ৰত উক্ত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হয়।

উল্লেখ্য যে বিদ্যালয় পৰিদৰ্শক, DIETৰ অধ্যক্ষ, দৰং আৰু স্থানীয় সংবাদকৰ্মীৰ উপস্থিতিত অতি নিয়াৰিকৈ তথা শুচাৰুৰূপে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হৈ যায়।

Apply Now

জানিব পৰা মতে চলিত বৰ্ষত ষষ্ঠ শ্ৰেণীৰ বাবে বিদ্যালয়খনত ৮০ টা আসনৰ বাবে অনলাইন আৰু অফলাইন মাধ্যমেৰে সৰ্বমুঠ ২৩৬৭ খন আবেদন পত্ৰ জমা হৈছিল। আৰু ইয়াৰে মুঠ ১৫৭০ গৰাকী আবেদনকাৰীয়ে শণিবাৰে উক্ত প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হয়।

২০১৭ বৰ্ষৰ তুলনাত এইবাৰ আবেদনকাৰীৰ সংখ্যা প্ৰায় তিনিগুণ বেছি। বিগত বৰ্ষটোত ৮১৭ গৰাকী শিক্ষাৰ্থীয়ে আবেদন পত্ৰ জমা দিছিল আৰু ইয়াৰে মুঠ ৬৪৪ গৰাকী শিক্ষাৰ্থীয়ে উক্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

ইফালে শণিবাৰে অনুষ্ঠিত হৈ যোৱা প্ৰৱেশ পৰীক্ষা সন্দৰ্ভত দৰঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ পি ৰাজেশে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অভূতপূৰ্ব সহাৰিৰ বাবে জিলাখনৰ শিক্ষাৰ্থী, অভিভাৱক তথা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী, অন্যান্য বিষয়া-কৰ্মচাৰী, বিদ্যালয় উন্নয়ন সমিতিৰ বিষয়ববীয়াৰ লগতে সমিতিখনৰ অধ্যক্ষ তথা দৰঙ জিলাৰ অতিৰিক্ত উপায়ুক্ত অশোক কুমাৰ বৰ্মনক ধন্যবাদ জ্ঞাপন কৰে।

স্মৰ্তব্য যে প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ নামভৰ্তী কৰা শিক্ষাৰ্থীসকলক বিদ্যালয় তৰফৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিনামূলীয়াকৈ পাঠদান দিয়াৰ লগতে সকলো ধৰণৰ সা সুবিধা প্ৰদান কৰিব। মনকৰিবলগীয়া যে দৰঙৰ এই একমাত্ৰ আবাসিক বিদ্যালয়খন ভাৰত চৰকাৰৰ মানৱ কল্যাণ বিভাগৰ তত্বাৱধানত পৰিচালিত হয়।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am
হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd