মুম্বাইৰ জুহু অঞ্চলত অভিনেতা টাইগাৰ শ্ৰফৰ ওপৰত ১৮ অক্টোবৰ, দেওবাৰে নিশা সংঘটিত গুলীচালনাৰ ঘটনাত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিছে মুম্বাই আৰক্ষীয়ে। আৰক্ষীৰ দাবী অনুসৰি, আক্ৰমণকাৰীৰ মূল লক্ষ্য টাইগাৰ শ্ৰফ নাছিল, বৰঞ্চ আন এজন শীৰ্ষ বলীউড তাৰকাকহে হত্যাৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু উক্ত তাৰকাগৰাকীৰ কটকটীয়া নিৰাপত্তাৰ বাবে আক্ৰমণত ব্যৰ্থ হৈ তেওঁলোকে টাইগাৰ শ্ৰফক ‘সহজ লক্ষ্য’ হিচাপে বাছি লয়। ইফালে, এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত তিনিজন অভিযুক্তক ইতিমধ্যে ৰাজস্থানৰ কোটাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
মুম্বাই আৰক্ষীয়ে সদৰী কৰা অনুসৰি, ছ’চিয়েল মিডিয়া ইনষ্টাগ্ৰামত অনুৰাগীয়ে আপল’ড কৰা ৰিলছৰ পৰা আক্ৰমণকাৰীয়ে জানিব পাৰিছিল যে টাইগাৰ শ্ৰফৰ লগত আৰক্ষীৰ কোনো নিৰাপত্তাৰক্ষী নাথাকে। ইয়াৰ পাছতেই তেওঁলোকে অভিনেতাগৰাকীৰ আৰু তেওঁৰ অনুৰাগীৰ ছ’চিয়েল মিডিয়া একাউণ্টসমূহ নিৰীক্ষণ কৰি তেওঁৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিছিল। প্ৰাথমিক জেৰাত পোহৰলৈ আহিছে যে বলীউডত সন্ত্ৰাস বিয়পোৱাৰ উদ্দেশ্যেই এই আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল। বৰ্তমান আৰক্ষীয়ে এই তথ্যসমূহৰ সত্যতা নিৰূপণ কৰি আছে।
আনহাতে, গেংষ্টাৰ অনিল পণ্ডিতে ছ’চিয়েল মিডিয়াত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিলেও নিৰাপত্তা সংস্থাসমূহে লৰেন্স বিষ্ণৈৰ আমেৰিকাস্থিত সতীৰ্থ ৰনদ্বীপ মালিকৰ ভূমিকাক লৈ তদন্ত আৰম্ভ কৰিছে। সূত্ৰৰ মতে, মালিক লৰেন্স আৰু তেওঁৰ ভাতৃ আনমোলৰ অতি ঘনিষ্ঠ। সূত্ৰই প্ৰকাশ কৰা অনুসৰি, পণ্ডিত আৰু শ্ৰফৰ ওপৰত গুলীচালনা কৰা ৰেহান নামৰ অভিযুক্তজনে কেইমাহমান আগলৈকে মালিকৰ নিৰ্দেশতে কাম কৰিছিল। হাৰিয়ানাৰ সোণিপটৰ আন এটা গুলীচালনাৰ ঘটনাতো মালিক আৰু পণ্ডিতে ৰেহানক দায়িত্ব দিছিল। সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ পাছত পণ্ডিতে অবৈধ ‘ডাংকি’ পথেৰে কেলিফৰ্ণিয়ালৈ যোৱাৰ দৰে ৰেহানকো একেই ‘আমেৰিকান সপোন’ দেখুওৱা হৈছিল বুলি জানিব পৰা গৈছে।
ইফালে, ৰাজস্থানৰ কোটাত ৰে’লত যাত্ৰা কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ হোৱা তিনি অভিযুক্তক মহাৰাষ্ট্ৰ আৰক্ষীয়ে ৪৮ ঘণ্টাৰ ট্ৰেনজিট ৰিমাণ্ডত লৈছে। স্থানীয় আদালতৰ নিৰ্দেশৰ পাছত নিৰাপত্তাজনিত কাৰণত আৰক্ষীয়ে ‘প্লেন বি’ প্ৰয়োগ কৰি অভিযুক্তকেইজনক নিশাটো কোটাৰ ৰে’লৱে কলনী আৰক্ষী থানাতে ৰাখে। পিছদিনা কঠোৰ নিৰাপত্তাৰ মাজেৰে তেওঁলোকক মুম্বাইলৈ লৈ যোৱা হয় বুলি থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া ৰামস্বৰূপ মীনাই নিশ্চিত কৰে।
উল্লেখ্য যে ১৮ অক্টোবৰৰ সন্ধিয়া প্ৰায় ৭ বজাত জুহুৰ এটা ফুটবল ক্লাবৰ পৰা ওলাই অহাৰ সময়তে টাইগাৰ শ্ৰফৰ গাড়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰা হৈছিল। এই ঘটনাত অভিনেতাগৰাকী কথমপি ৰক্ষা পৰে যদিও তেওঁৰ চালকজন আহত হয়। ইফালে, টাইগাৰ শ্ৰফৰ দলে এক আনুষ্ঠানিক বিবৃতিযোগে স্পষ্ট কৰি দিছে যে অভিনেতাগৰাকীয়ে এই ঘটনা সন্দৰ্ভত কোনো ৰাজহুৱা মন্তব্য কৰা নাই। লগতে, ছ’চিয়েল মিডিয়াত বিয়পি পৰা উৰাবাতৰি বা এ আই জৰিয়তে প্ৰস্তুত কৰা ভুৱা সমলৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱাৰ লগতে এনে ভুৱা তথ্য প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ সকীয়নি দিছে।





