অভিযোগ অনুসৰি উত্তৰ প্ৰদেশৰ চাংগাৰী আৰক্ষী থানা অঞ্চলত এগৰাকী মহিলাক ঘৰলৈ লৈ গৈ আঠ দিন ধৰি বন্দী কৰি ৰাখি ধৰ্ষণ কৰা হৈছিল। মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে আৰক্ষীয়ে অভিযোগ লোৱাৰ ক্ষেত্ৰত হেমাহি দেখুৱাইছিল। শেষত তেওঁ আদালতলৈ যায়।
শেহতীয়াকৈ উত্তৰ প্ৰদেশত দুগৰাকী দলিত কন্যাক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উঠিছে। তাৰ মাজতে পোহৰলৈ আহিছে এই ঘটনা।
লগতে পঢ়ক: ষ্টেডিয়ামৰ পিছত আহমেদাবাদত এইবাৰ নৰেন্দ্ৰ মোডীৰ নামেৰে মেডিকেল কলেজ
বাতৰি অনুসৰি, অজয়পাল বাৰ্মা নামৰ এজন যুৱকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীৰ সূত্ৰ মতে অভিযুক্তগৰাকী মহিলাগৰাকীৰ পূৰ্ব পৰিচিত।
বৃহস্পতিবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে যে মহিলাগৰাকীয়ে ১৫ জুনত গৌহানিয়া ৰে’ল ক্ৰছিঙৰ ওচৰত পাচলি কিনিবলৈ গৈছিল। সেই সময়ত তেওঁ বাটতে অভিযুক্ত যুৱকজনক লগ পাইছিল।
ইয়াৰ পিছত যুৱকজনে মহিলাগৰাকীক বাইকত উঠাই লৈ ঘৰলৈ গৈছিল। এইটো অভিযোগ কৰা হৈছে যে মহিলাগৰাকীক ঘৰলৈ লৈ যোৱা হৈছিল আৰু আঠ দিন ধৰি বন্দী কৰি ৰাখি ধৰ্ষণ কৰা হৈছিল।
লগতে পঢ়ক: অসমৰ ৮ টা আদিবাসী সংগঠনৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কেন্দ্ৰৰ; ১ হাজাৰ কোটিৰ পেকেজ ঘোষণা
নিৰ্যাতিতা মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে যুৱকজনৰ কবলৰ পৰা বাচিবলৈ চেষ্টা কৰিলে তেওঁক মৃত্যুৰ ভাবুকি দিছিল অভিযুক্তই।
মহিলাগৰাকীৰ মাতৃয়ে পিছত তেওঁক অভিযুক্তৰ ঘৰৰ পৰা উদ্ধাৰ কৰে। আৰক্ষীৰ সূত্ৰই দাবী কৰা মতে মহিলাগৰাকীৰ মাতৃ অভিযুক্ত যুৱকজনৰ পৰিচিত। আৰক্ষীয়ে দাবী কৰে যে আঠ দিন ধৰি ঘৰলৈ উভতি নহাৰ পিছতো মহিলাগৰাকীৰ পৰিয়ালে সন্ধানহীন হোৱাৰ কোনো অভিযোগ দাখিল কৰা নাছিল।
লগতে পঢ়ক: গুয়াতেমালাত স্বাধীনতা দিৱসৰ সংগীতানুষ্ঠানত পদপিষ্ট হৈ ৯ জন নিহত; আহত কমেও ২০জন
ইপিনে, নিৰ্যাতিতা মহিলাগৰাকীৰ অভিযোগ যে তেওঁ অভিযোগ দাখিল কৰিবলৈ স্থানীয় আৰক্ষী থানালৈ গৈছিল যদিও আৰক্ষীয়ে অভিযোগ লোৱা নাছিল। সেয়ে তেওঁ আদালতৰ দ্বাৰস্থ হয়।