• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Google Mistake: গুগলৰ পৰা হঠাতে একাউণ্টত সোমাল প্ৰায় ২ কোটি টকা! তাৰ পিছত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2022 9:06 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Man after receives almost 2 crore payment for no reason প্ৰথম দেখিয়েই চকু কপালত! হঠাতে তেওঁ দেখিলে যে গুগলৰ পৰা কেইবা কোটি টকা একাউণ্টত সোমাইছে! যিটো দেখি স্বাভাৱিকভাৱে এজন ব্যক্তিৰ ‘বুকুৰ ঢপঢপনি’বাঢ়ি গ’ল। টকাৰ পৰিমাণ প্ৰায় ২ লাখ ৫০ হাজাৰ ডলাৰ। ভাৰতীয় মুদ্ৰাত প্ৰায় ২ কোটি টকা।

কিন্তু আমেৰিকাৰ এই লোকজনে বুজিব নোৱাৰিলে যে গুগলে হঠাতে কিয় তেওঁলৈ ইমান টকা পঠিয়ালে।

আমেৰিকাৰ ওমাহা প্ৰদেশৰ ছেম কাৰি নামৰ মানুহজনে একেলগে ইমান টকা পোৱাৰ পিছত অলপ নাৰ্ভাছ হৈ পৰিছিল। তেওঁ যোৱা বুধবাৰে এনেদৰে টকা পোৱাৰ এই কাহিনীটো টুইট কৰিছে। অৱশ্যে তেওঁ ইমান টকা পাই সুখী হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ চিন্তাহে বৃদ্ধি পায়। সেয়ে ছেমে তাৰ এটা পইচাও খৰচ কৰা নাছিল।

Apply Now

টুইটত তেওঁ লিখে,”গুগলে মোলৈ ২,৪৯,০০০ ডলাৰ প্ৰেৰণ কৰাৰ তিনি সপ্তাহৰো অধিক সময় হ’ল। গুগলৰ সৈতে যোগাযোগ কৰাৰ কোনো উপায় আছে নেকি?”

তেওঁ লগতে লিখে যে যদি গুগলে টকা ঘূৰাই বিচাৰে তেন্তে তাত কোনো সমস্যা নাই।

বাতৰি অনুসৰি, ছেমে ‘বাগ বাউন্টি হাণ্টাৰ’ হিচাপে কাম কৰে। গুগলৰ দৰে বিভিন্ন কোম্পানীত ছেমে ছফ্টৱেৰটোত সুৰক্ষাৰ ত্ৰুটি আছে নেকি বিচাৰি উলিওৱাৰ কাম কৰে। কিন্তু তেওঁ কয় যে তেওঁৰ এই অপ্ৰত্যাশিত ধন প্ৰাপ্তিৰ আঁৰত এই কামৰ সৈতে কোনো সম্পৰ্ক নাই।

It's been a little over 3 weeks since Google randomly sent me $249,999 and I still haven't heard anything on the support ticket. Is there any way we could get in touch @Google?

(it's OK if you don't want it back…) pic.twitter.com/t6f7v5erli

— Sam Curry (@samwcyo) September 14, 2022

এক সাক্ষাৎকাৰত ছেমে কৈছে যে তেওঁ টকাখিনি তেওঁৰ লগত ৰাখিছে। কিয়নো যদি গুগলে ইয়াক ঘূৰাই বিচাৰে তেন্তে তেওঁ ইয়াক ঘূৰাই দিব। যদি গুগলে তেওঁৰ টুইটৰ সঁহাৰি নিদিয়ে, তেন্তে টকাখিনি আন এটা একাউণ্টত ৰাখিব যাতে তেওঁ ইয়াৰ বাবে কৰ পৰিশোধ কৰিব নালাগে।

ইপিনে, ঘটনাটো পোহৰলৈ অহাৰ পিছত গুগল তৎপৰ হৈ পৰে। গুগল কৰ্তৃপক্ষই কয় যে তেওঁলোকে ভুলবশতঃ ব্যক্তিজনৰ একাউণ্টলৈ টকা প্ৰেৰণ কৰিছিল।

কোম্পানীটোৰ এজন মুখপাত্ৰই কয়,”ভুলবশতঃ আমি ব্যক্তিজনৰ একাউণ্টলৈ টকা প্ৰেৰণ কৰিছিলো। বিষয়টো সোনকালে সদৰী কৰাৰ বাবে ব্যক্তিজনক প্ৰশংসা কৰো। আমি ভুলটো সংশোধন কৰি ল’ম।‘’ গুগলে লগতে এইটোও স্পষ্ট কৰিছে যে টকাখিনি ছেমৰ পৰা ঘূৰাই লোৱা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd