• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুৰ সলালে মমতা বেনাৰ্জীয়ে! বংগত মোদীৰ নিৰ্দেশত চলা নাই ইডি, চিবিআইৰ তালাচী

 এন ই নাও নিউজ ,গুৱাহাটী by এন ই নাও নিউজ ,গুৱাহাটী
September 20, 2022 7:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰই চিবিআই , ইডিক নিজৰ মতে ব্যৱহাৰ কৰি আহিছে বুলি বিৰোধীয়ে অভিযোগ কৰাৰ মাজতে হঠাতে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি নমনীয় স্থিতি গ্ৰহণ কৰিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনত ইডি আৰু চিবিআইৰ অভিযানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক “দোষাৰোপ” কৰিবলৈ প্ৰস্তুত নহয়।

বৰঞ্চ তেওঁ ইয়াৰ আঁৰত আন বিজেপি নেতাৰ ‘হাত’ থকা বুলিহে মন্তব্য কৰে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে  বিধানসভাত এই মন্তব্য কৰে।তেওঁ এই প্ৰসংগত মোদীক জবাবাবদিহি নকৰিলে যদিও নোলোৱাকৈয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যখনৰ বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীলৈ সন্দেহৰ আঙুলি টোঁৱায়।তেওঁ কয় যে ইডি-চিবিআইয়ে ৰাজ্যখনত “অতি সক্ৰিয়তা” দেখুৱাইছে। সেয়েহে মমতা চৰকাৰে সোমবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ বিৰুদ্ধে বিধানসভাত নিন্দা প্ৰস্তাৱ গ্ৰহণ কৰে। সোমবাৰে দুজন বিধায়ক নিৰ্মল ঘোষ আৰু তাপস ৰয়ে বিধানসভাত নিন্দা প্ৰস্তাৱ উত্থাপন কৰে। প্ৰস্তাৱটো ১৮৯-৬৪ ভোটত গৃহীত হৈছিল।

Apply Now

এই প্ৰস্তাৱৰ বিতৰ্কৰ সময়ত মমতাই বিধানসভাত ভাষণ দি কয় যে বংগত ইডি, চিবিআইৰ তালাচীৰ আঁৰত মোদীৰ হাত নাই । তেওঁ আন বিজেপি নেতাসকলক তীব্ৰ সমালোচনা কৰে। প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে তেওঁ আন একাংশ বিজেপি নেতাৰ ফালে আঙুলি টোঁৱায়। তেওঁ এইবুলি কয় যে চিবিআই এতিয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ অধীনত নাই। সংস্থাটো এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধীনত থকা কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে শ্বাহৰ নিৰ্দেশতে “অতি সক্ৰিয়তা” দেখুৱাইছে।

মমতাই কয় “চিবিআই এতিয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ অধীনত নাই। গৃহ মন্ত্ৰালয়ৰ অধীনত”। কলকাতাত ২১ টা ইডি অভিযান চলিছে। চিবিআই আৰু ইডিয়ে এমাহত ১০৮ টা গোচৰ ৰুজু কৰিছে। মই বিশ্বাস নকৰোঁ যে এয়া নৰেন্দ্ৰ মোদীয়ে কৰিছে। আন একাংশ বিজেপি নেতাই এয়া কৰি আছে।’

মমতাই দিল্লীলৈ গৈ মোদীক ব্যক্তিগতভাৱে লগ কৰিছিল। কিন্তু শ্বাহক ব্যক্তিগতভাৱে লগ কৰা নাই। শ্বাহৰ সৈতে সুভেন্দুৰ সম্পৰ্ক ভাল। তেওঁ শেহতীয়াকৈ কেইবাবাৰো কেন্দ্ৰীয় গৃহ মন্ত্ৰীক সাক্ষাৎ কৰিছে। তেওঁলোকে ফোনত নিয়মীয়াকৈ কথা পাতে।মুখ্যমন্ত্ৰীয়ে অৱশ্যে বিধানসভাত স্পষ্ট কৰি দিয়ে যে চিবিআই তদন্তত তেওঁৰ কোনো আপত্তি নাই। কিন্তু “নিৰপেক্ষ তদন্ত” হোৱাটো প্ৰয়োজনীয় কথা। তেওঁ কয় “মই চিবিআইক বেয়া বুলি কোৱা নাই। তেওঁলোকক নিৰপেক্ষ তদন্ত কৰিবলৈ দিয়ক”।

 এন ই নাও নিউজ ,গুৱাহাটী

এন ই নাও নিউজ ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd