কেন্দ্ৰই চিবিআই , ইডিক নিজৰ মতে ব্যৱহাৰ কৰি আহিছে বুলি বিৰোধীয়ে অভিযোগ কৰাৰ মাজতে হঠাতে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি নমনীয় স্থিতি গ্ৰহণ কৰিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনত ইডি আৰু চিবিআইৰ অভিযানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক “দোষাৰোপ” কৰিবলৈ প্ৰস্তুত নহয়।
বৰঞ্চ তেওঁ ইয়াৰ আঁৰত আন বিজেপি নেতাৰ ‘হাত’ থকা বুলিহে মন্তব্য কৰে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিধানসভাত এই মন্তব্য কৰে।তেওঁ এই প্ৰসংগত মোদীক জবাবাবদিহি নকৰিলে যদিও নোলোৱাকৈয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যখনৰ বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীলৈ সন্দেহৰ আঙুলি টোঁৱায়।তেওঁ কয় যে ইডি-চিবিআইয়ে ৰাজ্যখনত “অতি সক্ৰিয়তা” দেখুৱাইছে। সেয়েহে মমতা চৰকাৰে সোমবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ বিৰুদ্ধে বিধানসভাত নিন্দা প্ৰস্তাৱ গ্ৰহণ কৰে। সোমবাৰে দুজন বিধায়ক নিৰ্মল ঘোষ আৰু তাপস ৰয়ে বিধানসভাত নিন্দা প্ৰস্তাৱ উত্থাপন কৰে। প্ৰস্তাৱটো ১৮৯-৬৪ ভোটত গৃহীত হৈছিল।
এই প্ৰস্তাৱৰ বিতৰ্কৰ সময়ত মমতাই বিধানসভাত ভাষণ দি কয় যে বংগত ইডি, চিবিআইৰ তালাচীৰ আঁৰত মোদীৰ হাত নাই । তেওঁ আন বিজেপি নেতাসকলক তীব্ৰ সমালোচনা কৰে। প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে তেওঁ আন একাংশ বিজেপি নেতাৰ ফালে আঙুলি টোঁৱায়। তেওঁ এইবুলি কয় যে চিবিআই এতিয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ অধীনত নাই। সংস্থাটো এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধীনত থকা কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে শ্বাহৰ নিৰ্দেশতে “অতি সক্ৰিয়তা” দেখুৱাইছে।
মমতাই কয় “চিবিআই এতিয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ অধীনত নাই। গৃহ মন্ত্ৰালয়ৰ অধীনত”। কলকাতাত ২১ টা ইডি অভিযান চলিছে। চিবিআই আৰু ইডিয়ে এমাহত ১০৮ টা গোচৰ ৰুজু কৰিছে। মই বিশ্বাস নকৰোঁ যে এয়া নৰেন্দ্ৰ মোদীয়ে কৰিছে। আন একাংশ বিজেপি নেতাই এয়া কৰি আছে।’
মমতাই দিল্লীলৈ গৈ মোদীক ব্যক্তিগতভাৱে লগ কৰিছিল। কিন্তু শ্বাহক ব্যক্তিগতভাৱে লগ কৰা নাই। শ্বাহৰ সৈতে সুভেন্দুৰ সম্পৰ্ক ভাল। তেওঁ শেহতীয়াকৈ কেইবাবাৰো কেন্দ্ৰীয় গৃহ মন্ত্ৰীক সাক্ষাৎ কৰিছে। তেওঁলোকে ফোনত নিয়মীয়াকৈ কথা পাতে।মুখ্যমন্ত্ৰীয়ে অৱশ্যে বিধানসভাত স্পষ্ট কৰি দিয়ে যে চিবিআই তদন্তত তেওঁৰ কোনো আপত্তি নাই। কিন্তু “নিৰপেক্ষ তদন্ত” হোৱাটো প্ৰয়োজনীয় কথা। তেওঁ কয় “মই চিবিআইক বেয়া বুলি কোৱা নাই। তেওঁলোকক নিৰপেক্ষ তদন্ত কৰিবলৈ দিয়ক”।