বোম্বে উচ্চ ন্যায়ালয়ে মোদী মন্ত্ৰীসভাৰ সদস্য তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাৰায়ণ ৰাণেৰ জুহুৰ ঘৰৰ এটা অবৈধ অংশ ভাঙি পেলোৱাৰ নিৰ্দেশ দিছে। বৃহন্মুম্বাই পৌৰ নিগমে (বিএমচি) দুসপ্তাহৰ ভিতৰত এই কাম কৰিব লাগিব।
লগতে ন্যায়াধীশ আৰ ডি ধনুকা আৰু ন্যায়াধীশ কমল খাট্টাৰ এক খণ্ড বিচাৰপীঠে ৰাণেক ১০ লাখ টকাৰ জৰিমনাও বিহিছে।
ৰাণেৰ জুহু বাংলোটো নিৰ্মাণৰ সময়ত কেইবাটাও নিয়ম উলংঘা কৰা হৈছে। এই অভিযোগত বিএমচিয়ে অবৈধ অংশটো ভাঙিবলৈ এখন পত্ৰ দিছিল। ৰাণেই সিদ্ধান্তটোৰ পুনৰীক্ষণৰ বাবে আবেদন জনাই ওলোটাই এখন পত্ৰ লিখে। এই পত্ৰ প্ৰত্যাখ্যান কৰাৰ পিছত ৰাণেই পুনৰ একেটা আবেদন জনাই আন এখন পত্ৰ লিখে।
লগতে পঢ়ক: অৱশেষত ‘নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতিৰ অভিযোগ’ অনা ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন
অৱশেষত আদালতে কয় যে সিদ্ধান্তটো পুনৰ বিবেচনা কৰাৰ কোনো অৱকাশ নাই। ঘৰটোৰ অবৈধ অংশটো ভাঙি পেলাব লাগিব।
মঙলবাৰে আদালতে বিএমচিক অহা দুসপ্তাহৰ ভিতৰত অবৈধ অংশটো ভাঙি পেলাবলৈ নিৰ্দেশ দিছে। কামটো সম্পূৰ্ণ কৰাৰ পিছত এই সন্দৰ্ভত তিনি সপ্তাহৰ ভিতৰত আদালতত এক প্ৰতিবেদন দাখিল কৰিব লাগিব।
আদালতে ৰাণেৰ ওপৰত ১০ লাখ টকাৰ জৰিমনাও আৰোপ কৰে। তেওঁ অহা ১৪ দিনৰ ভিতৰত মহাৰাষ্ট্ৰ ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ ওচৰত এই ধন জমা কৰিব লাগিব।
লগতে পঢ়ক: ইউক্ৰেইন যুদ্ধৰ মাজতে আৰু দুই প্ৰাক্তন ছোভিয়েট ভূখণ্ডত চলিছে সংঘৰ্ষ; নিহত কমেও ১০০ জন
মঙলবাৰৰ শুনানিৰ সময়ত ৰাণেৰ অধিবক্তা শাৰদুল সিঙে আদালতৰ পৰা ছয় সপ্তাহৰ সময় বিচাৰিছিল। যাতে তেওঁলোকে এই সময়ৰ ভিতৰত উচ্চতম ন্যায়ালয়ত আবেদন জনাব পাৰে। অৱশ্যে বোম্বাই উচ্চ ন্যায়ালয়ে সেই আবেদনখনো খাৰিজ কৰে।