Prisoners with good conduct will be able to spend কাৰাবন্দীসকলে তেওঁলোকৰ সঙ্গীৰ (স্বামী বা পত্নী) সৈতে কাৰাগাৰত সময় কটাব পাৰিব। মঙলবাৰৰ পৰা পঞ্জাৱৰ কাৰাগাৰত এই নতুন নিয়ম আৰম্ভ কৰিলে কাৰাগাৰ বিভাগে। অৱশ্যে সকলো বন্দীয়ে এই সুযোগ নাপাব। ভাৰতৰ পঞ্জাৱতে প্ৰথম প্ৰৱৰ্তন কৰা হ’ল এই নিয়ম।
ৰাজ্যখনৰ কাৰাগাৰ বিভাগৰ এজন বিষয়াই কয়, “আৰম্ভণিতে এই ব্যৱস্থা গোবিন্দৱাল চাহিব কেন্দ্ৰীয় কাৰাগাৰ, নাভাৰ নতুন জিলা কাৰাগাৰ আৰু ভাটিণ্ডাৰ মহিলা কাৰাগাৰত প্ৰৱৰ্তন কৰা হৈছে।” কিন্তু এই সুযোগ ভয়ংকৰ অপৰাধী, গেংষ্টাৰ, নিজৰ জীৱন সমস্যা থকা কাৰাবন্দী, যৌন নিৰ্যাতনৰ সৈতে জড়িত অপৰাধীসকলক দিয়া নহ’ব।
লগতে পঢ়ক: সৰ্বত্ৰ ধিক্কাৰ! দেশৰ বাবে যিসকলে পদক আনি সন্মান বঢ়াব, তেওঁলোককে শৌচালয়ত খাবলৈ দিছে যোগী চৰকাৰে
সঙ্গীৰ সৈতে সময় কটাব বিচাৰিলে কাৰাগাৰত থকা সময়ত বন্দীৰ আচৰণ ভাল হ’ব লাগিব। তেতিয়াহে কাৰাগাৰ বিভাগে সংশোধনী গৃহৰ এটা নিৰ্ধাৰিত কোঠাত দুঘণ্টাৰ বাবে এক সাক্ষাতৰ ব্যৱস্থা কৰিব। সেই কোঠাটোৰ সৈতে এটা শৌচালয়ো থাকিব। তিনি মাহত এবাৰেই সুযোগ পাব।
কাৰাগাৰ বিভাগৰ বিষয়াগৰাকীয়ে কয়, “দীৰ্ঘদিন ধৰি কাৰাগাৰত থকা সকলক অগ্ৰাধিকাৰ দিয়া হ’ব। সমগ্ৰ দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে পঞ্জাৱত বন্দীসকলে তেওঁলোকৰ সঙ্গীসকলৰ সৈতে সময় কটোৱাৰ ব্যৱস্থা কৰা হৈছে।”
কাৰাগাৰ বিভাগে আশা কৰিছে যে যদি এই নিয়ম কাৰ্যকৰী কৰা হয় তেন্তে বন্দীসকলে তেওঁলোকৰ আচৰণ নিজেই উন্নত কৰিবলৈ চেষ্টা কৰিব। আৰু তেওঁলোকৰ দাম্পত্য জীৱনো গভীৰ হ’ব। যদি স্বামী বা পত্নীয়ে বন্দী সংগীকজনক লগ কৰিবলৈ আহে তেওঁ বিবাহৰ প্ৰমাণপত্ৰ দেখুৱাব লাগিব।
তদুপৰি, স্বামী বা পত্নীয়ে কোনো কোভিড, এইচআইভি বা কোনো সংক্ৰামক ৰোগ নাই বুলি চিকিৎসা প্ৰমাণপত্ৰও দেখুৱাব লাগিব। তেতিয়াহে লগ পোৱাৰ সুযোগ পাব।
লগতে পঢ়ক: গুজৰাটত হাৰাশাস্তিৰ সন্মুখীন কেজৰিৱাল! বদোদৰা বিমানবন্দৰত বিজেপি কৰ্মীৰ গালি-গালাজ
উল্লেখ্য যে কেইদিনমান আগতে লুধিয়ানা কাৰাগাৰত নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছিল। নতুন নিয়মৰ অধীনত বন্দী আৰু বিচাৰাধীনসকলে তেওঁলোকৰ পৰিয়াল আৰু প্ৰিয়জনৰ সৈতে কাৰাগাৰৰ ভিতৰৰ এটা কোঠাত এঘণ্টা অতিবাহিত কৰিব পাৰিব। বন্দীসকলে মাহত দুবাৰকৈ এই সুযোগ পাব।