• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাত ভুৱা সংযোগী নথিৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ চেষ্টা : তিনিজনক আটক

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
April 23, 2018 7:03 pm
NRC

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্য্যায় অব্যাহত থকাৰ মাজতে আজি বৰপেটাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সংযোগী নথি জালিয়াতিৰ অভিযোগত আৰক্ষীৰ হাতত আটক হ’ব লগীয়া হয় স্বামী-স্ত্ৰীসহ তিনিজন লোক।

জানিব পৰামতে, আৰক্ষীৰ হাতত আটক হোৱা লোককেইজন হ’ল বৰপেটা থানাৰ অন্তৰ্গত দেব্ৰাদি গাঁৱৰ জুলমত আলী আৰু তেওঁৰ দ্বিতীয়া পত্নী ৰমেলা বেগম আৰু শহুৰেক, অৰ্থাৎ দ্বিতীয়া পত্নীৰ দেউতাক ৰমজান আলী বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণি মতে, জুলমত আলীয়ে তেওঁৰ দ্বিতীয়া পত্নীৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰাৰ বাবে সংযোগী নথি হিচাপে পঞ্চায়তৰ প্ৰমাণপত্ৰ জমা দিছিল যদিও সেয়া ভুৱা আছিল। আজি বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত বংশবৃক্ষ পৰীক্ষণৰ সময়ত এই জালিয়াতিৰ ঘটনা পোহৰলৈ আহে।

Apply Now

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে, দ্বিতীয় বিবাহ কৰোৱা জুলমত আলী নামৰ লোকজনে পূৰ্বৰ পত্নীৰ নামত থকা ভোটাৰ আই ডি কাৰ্ড, পানকাৰ্ড আদি জালিয়াতিৰে বৰ্তমানৰ পত্নীৰ নামত ব্যৱহাৰ কৰি আহিছিল। প্ৰথমা পত্নী আস্মাতন নেছাৰ ভোটাৰ তালিকাত নাম থকাৰ সুবিধা লৈ জুলমতে সকলো নথি-পত্ৰত প্ৰথমা পত্নীৰ নামটোকে দ্বিতীয় পত্নীৰ নাম হিচাপে ব্যৱহাৰ কৰি আহিছিল।

আনকি দ্বিতীয়া পত্নী ৰমেলা বেগমৰ নামত ২০১৫ চনত গাঁও পঞ্চায়তৰ সম্পাদকে প্ৰদান কৰা প্ৰমাণপত্ৰখনো জুলমতে জালিয়াতিৰে আস্মাতন নেছাৰ নামত কৰোৱাই লৈছিল। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বৰ্তমানৰ পত্নীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ পঞ্চায়তৰ এই ভুৱা প্ৰমাণ পত্ৰখনকে সংযোগী নথি হিচাপে ব্যৱহাৰ কৰিছিল জুলমতে।

আজি বংশবৃক্ষ পৰীক্ষণৰ সময়ত দ্বিতীয়া পত্নী ৰামেলা বেগমৰ পিতৃ ৰমজান আলীকো লগত আনিছিল জুলমতে। দ্বিতীয় পত্নীৰ পিতৃয়েও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষৰ আগত ৰমেলা বেগমক আস্মাতন নেছা বুলি দাবী কৰিছিল। কিন্তু গাঁও পঞ্চায়তৰ সম্পাদকে অস্মাতন নেছাৰ নামত ব্যৱহৃত প্ৰমাণপত্ৰখন ভুৱা বুলি চিনাক্ত কৰাৰ পিছতেই জুলমতৰ সমস্ত জালিয়াতি ধৰা পৰে।

ইয়াৰ পিছতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰ্তৃপক্ষৰ খবৰৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে জুলমত, ৰমেলা বেগম আৰু ৰমেলাৰ পিতৃ ৰমজান আলীক আটক কৰে। তেওঁলোকক বৰ্তমান বৰপেটা সদৰ আৰক্ষী থানাৰ জিম্মাত ৰখা হৈছে।

উল্লেখযোগ্য যে আজিৰ পৰা প্ৰায় এসপ্তাহ পূৰ্বে বৰনগৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত অৱস্থিত এন আৰ চি কেন্দ্ৰত বৰপেটাৰোডৰ উত্তৰ চাফাকামাৰৰ কুদ্দুছ আলী নামৰ এজন ব্যক্তিয়ে তেওঁৰ নিজৰ আৰু পুত্ৰৰ নামত ভুৱা লিগেচি ডাটা ব্যৱহাৰ কৰাৰ অপৰাধত সৰভোগ আৰক্ষীয়ে কুদ্দুছ আলীক গ্ৰেপ্তাৰ কৰিছিল।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd