• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ মুখ্যমন্ত্ৰীক সাংবাদিকে কি প্ৰশ্ন সুধিব?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
September 22, 2022 2:19 pm
অসমৰ মুখ্যমন্ত্ৰীক সাংবাদিকে কি প্ৰশ্ন সুধিব?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰৰ লগত সংবাদপত্ৰ বা প্ৰচাৰ মাধ্যমৰ সম্পৰ্ক কেনে হোৱা উচিত? সৌহাৰ্দ্যপূৰ্ণ নে অসৌহাৰ্দ্যপূৰ্ণ? তেনে কোনো কথা নাই।এইখিনিতে আমি এটা কথা মন কৰা উচিত।সেইটো হৈছে চৰকাৰ এখনৰ কাম কি? এইটো এটা অতি সাধাৰণীকৃত প্ৰশ্ন।এই প্ৰশ্নটোৰ উত্তৰ দেশ ভেদে বেলেগ বেলেগ হ’ব পাৰে।অইন দেশৰ কথা নকওঁ,ভাৰতত বা  বিশেষকৈ অসমত চৰকাৰ এখনৰ কৰ্তব্য কি হোৱা উচিত? অসম ভাৰতৰ এখন ৰাজ্য।সেয়ে,ভাৰতৰ কথাবোৰ সাধাৰণভাবে অসমৰ ক্ষেত্ৰতো প্ৰযোজ্য।কিন্তু,অসমৰ আন কিছু বিশেষ বৈশিষ্ট্য আৰু সমস্যাও আছে।অসমৰ চৰকাৰখনে সেই কথাবোৰৰ ওপৰতো গুৰুত্ব দিব লাগিব।

আমি যেতিয়া ভাৰত আৰু অসমৰ কথা কওঁ, তেতিয়া আমি সকলো কথা ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত ভাবি ক’ব লাগিব,অৰ্থাৎ ভাৰতীয় সংবিধানৰ লক্ষ্য,উদ্দেশ্য আৰু প্ৰমূল্যবোৰ আমাৰ চকুৰ আগত ৰাখিব লাগিব।এতিয়া, এই পটভূমিত অসম চৰকাৰৰ লক্ষ্য আৰু উদ্দেশ্য কি হোৱা উচিত? এই কথাটো ইমান স্পষ্টকৈ কোৱাটো  সহজ নহয়।কিন্তু, অসমৰ বিশেষ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি,মানে অসমৰ মিশ্ৰ জনগাঁথনিৰ প্ৰতি লক্ষ্য ৰাখি,ইয়াত থকা জনসাধাৰণৰ সকলো অংশৰ উন্নতি আৰু বিকাশৰ কাৰণে কাম কৰাটোৱেই হ’ব লাগে অসমৰ যি কোনো এখন চৰকাৰৰ উদ্দেশ্য। সেইটো কৰিবলৈ যাওতে চৰকাৰখনে চাব লাগিব যাতে তেওঁলোকে লোৱা সকলো পদক্ষেপ বহনক্ষম বিকাশৰ অনুকুল হয়।কিয়নো সেইটো নকৰিলে হিতে বিপৰীত হ’ব।গতিকে সাধাৰণভাবে আমি এইবোৰকে অসম চৰকাৰৰ লক্ষ্য, উদ্দেশ্য হ’ব লাগে বুলি ক’ব পাৰোঁ।

এতিয়া আহিল সংবাদপত্ৰ বা প্ৰচাৰ মাধ্যমৰ কথা, যিটোক ইংৰাজীত মেডিয়া বুলি কোৱা হয়।এই মেডিয়া শব্দটোৱে সকলোকে সাঙুৰি লয়।মিডিয়াৰ উদ্দেশ্য কি হোৱা উচিত? সকলোৱে মুখে মুখে মেডিয়াক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি নকয় জানো? আন তিনিটা স্তম্ভ কি ? আমি আকৌ এবাৰ মনত পেলাইছোঁ।সেইকেইটা হ’লঃ বিধানমণ্ডল,কাৰ্যপালিকা, আৰু ন্যায়পালিকা। কথা হ’ল,কাৰ্যপালিকাৰ পৰা আন তিনিটা সম্পূৰ্ণৰূপে মুক্ত আৰু স্বতন্ত্ৰ হ’ব লাগে,যদিও এফালৰ পৰা চাবলৈ গ’লে কাৰ্যপালিকাৰ বিধানমণ্ডলৰ লগত সম্পৰ্ক অতি ওচৰৰ। কিন্তু যি কোনো এখন দেশত গণতন্ত্ৰ শক্তিশালী হ’বলৈ হ’লে ন্যায়পালিকা আৰু মেডিয়া চৰকাৰৰ পৰা মুক্ত হোৱাটো একান্তই বাঞ্চনীয়।আচলতে বাঞ্চনীয়ই নহয়, সি এটা অপৰিহাৰ্য চৰ্ত।

এতিয়া ওপৰত আলোচনা কৰা কথাখিনিৰ পৰা আমি কি বুজিলোঁ? আমি এইটোৱেই বুজিলোঁ যে এখন চৰকাৰৰ লগত মেডিয়াৰ সম্পৰ্ক অসৌহাৰ্দ্যপূৰ্ণ বা সৌহাৰ্দ্যপূৰ্ণ হোৱাৰ কথা নাহে।মেডিয়া এটা স্বতন্ত্ৰ অনুষ্ঠান।মেডিয়াৰ কাম চৰকাৰৰ প্ৰচাৰ নহয়।সেইটো কাম কৰিবলৈ চৰকাৰৰ এটা বিভাগ আছে যিটোৰ নাম জনসংযোগ।মেডিয়াৰ কাম হ’ল- চৰকাৰৰ ত্ৰুটি বিচ্যুতি সমূহ আঙুলিয়াই দিয়া যাতে চৰকাৰে জনসাধাৰণক কোনো পৰিস্থিতিতেই আভুৱা ভাৰিব নোৱাৰে,বিপথে পৰিচালিত কৰিব নোৱাৰে।কিন্তু,অতি পৰিতাপৰ কথা যে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ শাসন কালত, মেডিয়াই নিজৰ এই স্বতন্ত্ৰ ভূমিকা পালন কৰাৰ পৰিবৰ্তে চৰকাৰৰ লেমটৌহৈ পৰাহে আমি দেখিছোঁ।এতিয়া যেন মেডিয়াৰ সৰহখিনিয়ে চৰকাৰ বহতীয়া।আৰু তেওঁলোক যেন এতিয়া চৰকাৰৰ প্ৰচাৰকহে।তেওঁলোক চৰকাৰৰ অন্য এটা জনসংযোগ বিভাগহৈ পৰিছে।তাৰ শেহতীয়া উদাহৰণ হৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কোৱা কথাবোৰ।

কালি নে পৰহি মুখ্যমন্ত্ৰীয়ে সাংবাদিক সকলক কি ক’লে? তেওঁ কৈছে যে সাংবাদিকে তেওঁক যিকোনো প্ৰশ্ন সুধিব নালাগে।সাংবাদিকে তেওঁক কি সুধিব কি নুসুধিব সেই বিষয়ে হেনো তেওঁ অসমৰ মেডিয়া সংগঠনৰ স্বত্বাধিকাৰী সকললৈ চিঠি লিখিছে।এইটো কেনে কথা? এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মেডিয়া সংগঠনৰ মুৰব্বী সকললৈ তেওঁলোকৰ সহায়,সহযোগ বিচাৰি চিঠি লিখাত কোনো আপত্তি থকাৰ কথা নহয়।বা মাজে সময়ে মেডিয়াৰ পৰামৰ্শ বিচাৰি তেওঁ সম্পাদক সকলৰ লগত মিলিত হ’বও পাৰে।তাতো কোনো আপত্তি কৰাৰ থল নাই।কিন্তু সাংবাদিকে তেওঁক কি প্ৰশ্ন কৰিব কি প্ৰশ্ন নকৰিব সেই বিষয়ে মুখ্যমন্ত্ৰীয়ে মেডিয়ালৈ চিঠি লিখাটো কেনে কথা?

এইটোৱে দুটা কথা বুজায়- প্ৰথম, ই হ’ল সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত এক ধৰণৰ হস্তক্ষেপ, দ্বিতীয়তে  ই যে কেৱল মুখ্যমন্ত্ৰীজনৰ কাৰণেই অপমানজনক সেইটো নহয়,ই অসমৰ সংবাদ মাধ্যমৰ বাবেও লজ্জাজনক।তাৰমানে এতিয়া মেডিয়াৰ স্বাধীনতা ইমানেই তললৈ নামিছে যে ৰজ্যখনৰ মুখ্যমন্ত্ৰীজনে বিনা দ্বিধাই তেওঁলোকলৈ তেনে এখন চিঠি লিখিব পৰা হৈছে।তেওঁক কি প্ৰশ্ন সুধিব কি প্ৰশ্ন নুসুধিব তাকো মুখ্যমন্ত্ৰীয়েহে ক’ব। অবান্তৰ বা অসংলগ্ন নহয়, কিন্তু, ৰাজ্যখনৰ জনসাধাৰণৰ স্বাৰ্থ জড়িত যি কোনো প্ৰশ্ন মুখ্যমন্ত্ৰীক সোধাৰ অধিকাৰ সাংবাদিকৰ আছে।তাৰবাবে মুখ্যমন্ত্ৰী কিমান অস্বস্তিত পৰে সেইটো চোৱাটো সাংবাদিকৰ কাম নহয়।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

August 21, 2025 7:25 pm
অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd