• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘বিয়াৰ পিছত প্ৰিয়ংকা গান্ধী গান্ধী পৰিয়ালৰ সদস্য হৈ থকা নাই, গতিকে তেওঁক কংগ্ৰেছৰ সভাপতি পাতিব পাৰি’, অসমৰ কোন সাংসদে জনালে এই দাবী?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 28, 2022 7:34 pm
125
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ সভাপতি নিৰ্বাচনকলৈ দলটোৰ অন্দৰমহলত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। নানান ফৈদৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।বহুতে ৰাহুল গান্ধীয়েই পুনৰ কংগ্ৰেছৰ সভাপতি হোৱাটো বিচাৰিছে যদিও ৰাহুলে তেনে প্ৰস্তাৱ বাৰে বাৰে অগ্ৰাহ্য কৰিছে। ব

হুতে আকৌ গান্ধী পৰিয়ালৰ বাহিৰৰ লোক সভাপতিৰ পদত অধিষ্ঠিত হোৱাটোহে বিচাৰিছে। এনে সময়তে কংগ্ৰেছৰ অসমৰ এগৰাকী সাংসদে প্ৰিয়ংকা গান্ধীক দলৰ সভাপতি পাতিব লাগে বুলি দাবী জনাইছে।অসমৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে কয় যে ভাদ্ৰা আন এটা পৰিয়ালৰ বোৱাৰী হোৱাৰ সূত্ৰে তেওঁ ভাৰতীয় পৰম্পৰা অনুসৰি গান্ধী পৰিয়ালৰ সদস্য নহয়। সেয়ে তেওঁক সভাপতিৰ পদত অধিষ্ঠিত কৰাত কাৰো আপত্তি থাকিব নালাগে।

টুইটাৰত বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে কয়, “যিহেতু ৰাহুল গান্ধীয়ে পুনৰদলৰ সভাপতি হ’বলৈ অস্বীকাৰ কৰিছে, মই এইক্ষেত্ৰত প্ৰিয়ংকা গান্ধীকেই শ্ৰেষ্ঠ প্ৰাৰ্থী হিচাপে বিবেচনা কৰোঁ।” তেওঁ কয়, “ভাদ্ৰা আন পৰিয়ালৰ বোৱাৰী হোৱাৰ বাবে তেওঁ আৰু এতিয়া গান্ধী পৰিয়ালৰ সদস্য নহয়।” ৰাহুল গান্ধীয়ে কিছুদিন পূৰ্বে কৈছিল যে তেওঁ সংগঠনটোৰ দায়িত্ব ল’ব লাগে বুলি দলৰ কৰ্মীসকলে ব্যক্ত কৰা ইচ্ছাক সন্মান কৰে ।

কিন্তু এই কথাও ঠিক যে গান্ধী পৰিয়ালৰ কোনেও কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি নহ’ব। ৰাহুল গান্ধীয়ে এই কথা অশোক গেহলটৰ সন্মুখত কৈছিল। জ্যেষ্ঠ কংগ্ৰেছ নেতা থাৰুৰে শীৰ্ষ পদৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হোৱা দেখা গৈছে। কিন্তু এয়া এতিয়াও স্পষ্ট হোৱা নাই যে তেওঁৰ নিৰ্বাচনী প্ৰতিদ্বন্দী কোন হ’ব । কিয়নো ৰাজস্থানৰ ঘটনাৱলীয়ে অশোক গেহলটৰ প্ৰাৰ্থিত্বৰ বিষয়টোত অনিশ্চয়তা আনি দিছে।

উল্লেখ্য কংগ্ৰেছৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া ২৪ ৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব৷ মনোনয়ন পত্ৰ পৰীক্ষাৰ তাৰিখ ১ অক্টোবৰ, আনহাতে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ৮ অক্টোবৰ। প্ৰাৰ্থীৰ চূড়ান্ত তালিকা ৮ অক্টোবৰৰ সন্ধিয়া ৫ বজাত প্ৰকাশ কৰা হ’ব। প্ৰয়োজন হ’লে ১৭ অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ভোটগণনা ১৯ অক্টোবৰত কৰা হ’ব আৰু ফলাফল একেদিনাই ঘোষণা কৰা হ’ব। নিৰ্বাচনত ৯,০০০ তকৈও অধিক প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিনিধিয়ে ভোটদান কৰিব।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd