ভাৰতীয় বায়ু সেনাৰ ইতিহাসত এক নৱ সংযোজন ঘটাই আজি অন্তৰ্ভুক্ত কৰা হয় দেশৰ প্ৰথমখন দেশীয় নিৰ্মিত যুঁজাৰু হেলিকপ্টাৰ ‘প্ৰচণ্ড’।
আজি যোধপুৰত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত স্বদেশত নিৰ্মিত এই লাইট কমবেট হেলিকপ্টাৰ বায়ুসেনাত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হয়।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ‘প্ৰচণ্ড’ত বহি বিমানখনৰ প্ৰদৰ্শনীমূলক উৰণত অংশ লয়। এই বিমানখনৰ অন্তৰ্ভুক্তিৰ লগে লগে ভাৰতীয় বায়ু সেনাৰ শক্তি বৃদ্ধি পাব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কে।
নিজ ভাষণত সিঙে প্ৰচণ্ডক ‘বিজয় ৰথ’ বুলি অভিহিত কৰি অনাগত সময়ত ক্ৰমে এনে পদক্ষেপৰ দ্বাৰা ভাৰতৰ নাম মহাশক্তিধৰ দেশসমূহৰ ভিতৰত প্ৰথম হ’ব বুলি আশা প্ৰকাশ কৰে।
যোধপুৰ এয়াৰবেছত অনুষ্ঠিত হোৱা প্ৰচণ্ডৰ এই অন্তৰ্ভুক্তি অনুষ্ঠানত দেশৰ নৱ নিযুক্ত চীফ অৱ ডিফেঞ্চ ষ্টাফ অনিল চৌহান আৰু আইএএফৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধুৰী উপস্থিত থাকে।
প্ৰচণ্ড নামৰ এই লাইট কমবেট হেলিকপ্টাৰখন হিন্দুস্তান এৰোনটিক্স লিমিটেডে নিৰ্মাণ কৰিছে।