• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰিত্ৰহীন! প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ বিচৰা হ’ল সাংবাদিকসকলৰ চৰিত্ৰৰ প্ৰমান পত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 4, 2022 1:12 pm
প্রধানমন্ত্রী নরেন্দ্র মোদী। ফাইল ফটো।

প্রধানমন্ত্রী নরেন্দ্র মোদী। ফাইল ফটো।

214
VIEWS
Share on FacebookShare on Twitter

Character certificates for Journalists বাতৰি অনুসৰি বুধবাৰে হিমাচল প্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনজোৰা কাৰ্যসূচীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাব বিচৰা সকলো সাংবাদিকক প্ৰৱেশ তথা নিৰাপত্তা পাছৰ বাবে এখন চৰিত্ৰৰ প্ৰমাণপত্ৰ দেখুৱাবলৈ কোৱা হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিত এইকথা প্ৰকাশ পাইছে।

জিলা প্ৰশাসনে এক বিতৰ্কিত নিৰ্দেশনাত কেৱল ব্যক্তিগত মালিকানাধীন ছপা, ডিজিটেল আৰু নিউজ চেনেলৰ সাংবাদিকসকলকেই নহয়, অল ইণ্ডিয়া ৰেডিঅ’ (AIR) আৰু দূৰদৰ্শনকে ধৰি চৰকাৰী সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলকো “চৰিত্ৰ প্ৰমাণীকৰণ”ৰ প্ৰমাণপত্ৰ আনিবলৈ কৈছে।

যোৱা ২৯ ছেপ্টেম্বৰত এই সন্দৰ্ভত আৰক্ষীয়ে এক আনুষ্ঠানিক জাননীও জাৰি কৰিছিল।

লগতে পঢ়ক: যুদ্ধ বিৰোধী পোষ্টাৰকলৈ চৰ্চালৈ অহা ৰাছিয়াৰ মহিলা সাংবাদিকক পলাতক ঘোষণা

জাননীখনত জিলা জনসংযোগ বিষয়াক (DIPRO) সকলো প্ৰেছ সংবাদদাতা, ফটোগ্ৰাফাৰ, ভিডিঅ’গ্ৰাফাৰ আৰু দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ দলৰ এখন তালিকা “তেওঁলোকৰ চৰিত্ৰ প্ৰমাণীকৰণৰ প্ৰমাণপত্ৰ”ৰ সৈতে দাখিল কৰিবলৈ কোৱা হৈছিল।

“চৰিত্ৰ প্ৰমাণীকৰণৰ প্ৰমাণপত্ৰ ১ অক্টোবৰৰ ভিতৰত বিলাসপুৰৰ চিআইডিৰ উপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। সমাৱেশ বা সভাৰ ভিতৰত তেওঁলোকৰ প্ৰৱেশাধিকাৰ বিষয়টো কাৰ্যালয়ে নিৰ্ধাৰণ কৰিব,”-জাননীখনত কোৱা হয়।

আৰক্ষীৰ জাননীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আম আদমী পাৰ্টিৰ মুখপাত্ৰ পংকজ পণ্ডিতে কয় যে তেওঁৰ ২২ বছৰৰ সাংবাদিকতাৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে তেওঁ এনে এক উদ্ভট দাবীৰ সাক্ষী হৈছে।

লগতে পঢ়ক: কিম জঙৰ কীৰ্তি! এইবাৰ জাপানৰ ওপৰেৰে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিলে উত্তৰ কোৰিয়াই

“মোডীজীয়ে প্ৰথমবাৰৰ বাবে ৰাজ্যখন ভ্ৰমণ কৰা নাই। চৰিত্ৰৰ প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰাৰ দাবী অপমানজনক আৰু এয়া সংবাদ মাধ্যমৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস,”-পণ্ডিতে কয়।

হিমাচল কংগ্ৰেছ কমিটিৰ মুখ্য মুখপাত্ৰ নৰেশ চৌহানেও প্ৰশাসনৰ এই দাবীক গৰিহণা দিয়ে আৰু কয় যে এই পদক্ষেপ সংবাদ মাধ্যমৰ স্বাধীনতাৰ পৰিপন্থী।

বাতৰি অনুসৰি, বিলাসপুৰৰ জনসংযোগ বিষয়াগৰাকীয়ে নিৰাপত্তা পাছ জাৰী কৰিবলৈ আনুষ্ঠানিক পৰিচয় পত্ৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি কয় যে চৰিত্ৰৰ প্ৰমাণপত্ৰ বাধ্যতামূলক।

তেওঁ আনকি সাংবাদিকসকলৰ ডিজিটেল পৰিচয় পত্ৰত এটা আনুষ্ঠানিক মোহৰ থাকিব লাগিব বুলিও দাবী কৰিছিল।

লগতে পঢ়ক: অসম ক্ৰিকেট সন্থাৰ পানী নসৰকা যুক্তি: খেলপথাৰত সাপ সোমাই অতিৰিক্ত মনোৰঞ্জনহে দিছিল দৰ্শকক!

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে বুধবাৰে হিমাচলৰ বিলাসপুৰত এইমছৰ এটা চৌহদ উদ্বোধন কৰাৰ উপৰিও এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰিব। তেওঁ কুল্লু দশেৰা উদযাপনতো অংশগ্ৰহণ কৰিব।

Recent News

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd