উত্তৰাখণ্ডৰ দ্ৰৌপদীৰ দণ্ডা-২ পৰ্বত শৃংগত আজি সংঘটিত হোৱা হিমস্খলনৰ ফলত ২৯ গৰাকী পৰ্বতাৰোহী প্ৰশিক্ষাৰ্থী আৱদ্ধ হৈ পৰে। ইয়াৰে আঠগৰাকীক বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে। আনহাতে আৱদ্ধ আন প্ৰশিক্ষাৰ্থীসকলক উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে বুলি স্থানীয় প্ৰশাসনিক বিষয়াই জানিবলৈ দিছে।
হিমস্খলনত আৱদ্ধ প্ৰশিক্ষাৰ্থীসকল উত্তৰ কাশীৰ নেহৰু মাউন্টেনিয়াৰিং ইনষ্টিটিউটৰ পৰা পৰ্বতাৰোহণৰ বাবে দণ্ডা-২ পৰ্বত শৃংগত উপস্থিত হৈছিল। উত্তৰাখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰে জানিবলৈ দিয়া মতে প্ৰশিক্ষাৰ্থীসকলৰ উদ্ধাৰৰ বাবে ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ নিয়োগ কৰা হৈছে।
প্ৰকাশিত খবৰ অনুসৰি প্ৰশিক্ষাৰ্থীসকলৰ দলটো আজি পুৱা প্ৰায় ৯ বজাত ১৬,০০০ ফুট উচ্চতাত হিমস্খলনত আৱদ্ধ হৈ পৰিছিল। এতিয়ালৈকে উদ্ধাৰ কৰা প্ৰশিক্ষাৰ্থীসকলক শৃংগৰ ১৩,০০০ ফুট উচ্চতাত থকা হেলিপেডলৈ নিয়াৰ পিছত তাৰ পৰা ডেৰাডুনলৈ লৈ যোৱা হয়।
আনহাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতি যোগে জানিবলৈ দিয়া মতে এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ উদ্ধাৰকাৰী দলে এই অভিযানত অংশ লৈছে।
মুখ্যমন্ত্ৰীৰ পুষ্কৰ সিং ধামীয়ে জানিবলৈ দিয়া মতে ইতিমধ্যে তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে যোগাযোগ কৰি সেনাৰ সহায়ৰ বাবে আহ্বান জনায়। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰই প্ৰয়োজনীয় সহায়ৰ আশ্বাস দিয়ে বুলিও তেওঁ লগতে উল্লেখ কৰে।