• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ অৰ্থনৈতিক বিকাশকলৈ বিশ্ব বেংকৰ নতুন ভৱিষ্যতবাণী, এইবাৰ বিকাশৰ হাৰ ৬.৫ শতাংশ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 7, 2022 6:01 pm
147
VIEWS
Share on FacebookShare on Twitter

সময়ৰ পৰিৱৰ্তনৰ লগে লগে বিশ্বৰ ৰাজনৈতিক তথা অৰ্থনৈতিক দৃশ্যপটৰো পৰিবৱৰ্তন হৈ আছে। ক’ৰবাত যদি বান, ক’ৰবাত আকৌ যুদ্ধই অৰ্থনীতিত আউল লগাইছে। এনে সময়তে ভাৰতৰ অৰ্থনৈতিক বিকাশকলৈ বিশ্ব বেংকৰ নতুন ভৱিষ্যতবাণী কৰিছে। বিশ্ব বেংকৰ মতে চলিত বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ হ’ব পাৰে ৬.৫ শতাংশ

উল্লেখ্য জুন মাহত বিশ্ব বেংকে বিশ্ব অৰ্থনীতিৰ সম্ভাৱনাৰ বিষয়ত এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। সেই প্ৰতিবেদনত ভৱিষ্যতবাণী কৰা হৈছিল যে ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৭.৫ শতাংশ হ’ব ।

কৰোনাভাইৰাছ সংক্ৰমণৰ কুফল এতিয়াও সম্পূৰ্ণৰূপে দূৰ হোৱা নাই। ৰাছিয়া-ইউক্ৰেইন যুদ্ধই পৰিবেশ আৰু অধিক অনিশ্চিত কৰি তুলিছে।  বিশ্ব বেংকে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বিশেষ ইতিবাচক সম্ভাৱনা দেখা পোৱা নাই। আন্তৰ্জাতিক মুদ্ৰা নিধিৰ প্ৰতিনিধিৰ উপস্থিতিত শেহতীয়াকৈ ‘দক্ষিণ এছিয়াৰ অৰ্থনীতি’ সন্দৰ্ভত এক বৈঠকত বিশ্ব বেংকে ভৱিষ্যতবাণী কৰিছে যে চলিত বিত্তীয় বৰ্ষ ২০২২-২৩ বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৬.৫ শতাংশলৈ হ্ৰাস হ’ব পাৰে।

পূৰ্বৰ ভৱিষ্যতবাণী অনুসৰি ২০২২-২৩ বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৭.৫ শতাংশ হ’ব পাৰে বুলি কোৱা হৈছিল যদিও এইবাৰ পূৰ্বানুমানত সেয়া ১ শতাংশ হ্ৰাস কৰা হৈছে। যোৱা বিত্তীয় বৰ্ষত (২০২১-২২) ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ আছিল ৮.৭ শতাংশ।

যোৱা বছৰ ডিচেম্বৰত প্ৰকাশিত এক প্ৰতিবেদনত বিশ্ব বেংকে কৈছিল যে ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৮.৭ শতাংশ হ’ব পাৰে। কিন্তু এপ্ৰিলত, বিশ্ব বেঙ্কৰ সংশোধিত প্ৰতিবেদনত ভাৰতত ৮ শতাংশ বৃদ্ধিৰ ভৱিষ্যতবাণী কৰা হৈছিল। জুন মাহত প্ৰকাশিত প্ৰতিবেদনত ইয়াক আৰু ০.৫ শতাংশ হ্ৰাস কৰা হৈছিল। এইবাৰ সেয়া ১ শতাংশ হ্ৰাস কৰি ৬.৫ শতাংশ কৰা হৈছে।

বিশ্ব বেংকে কৈছে যে মন্দাৱস্থাৰ সন্মুখীন হোৱা শ্ৰীলংকা বা পাকিস্তানৰ তুলনাত ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতৰ বিকাশৰ হাৰ উন্নত হৈছে বুলি বিশ্ব বেংকৰ দক্ষিণ এছিয়া বিভাগৰ মুখ্য অৰ্থনীতিবিদ হান্স টিমাৰে মন্তব্য কৰিছে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd