Rare pink diamond sells for record এটুকুৰা বিৰল গুলপীয়া হীৰা ৫৭.৭ নিযুত ডলাৰত বিক্ৰী কৰা হৈছে। ভাৰতীয় টকাত ইয়াৰ মূল্য প্ৰায় ৪৮কোটি। চোথবীৰ মতে প্ৰতি কেৰেটত ইমান উচ্চ মূল্যৰ বাবে ই এক অভিলেখ সৃষ্টি কৰিছে। ৰত্ন নিলামৰ ইতিহাসত দ্বিতীয় সৰ্ববৃহৎ মূল্যত বিক্ৰী কৰা হৈছে এই হীৰা টুকুৰা।
শুকুৰবাৰে উইলিয়ামচন পিংক ষ্টাৰ নামেৰে জনাজাত ১১.১৫ কেৰেটৰ হীৰা টুকুৰা হংকঙত অনুষ্ঠিত নিলামত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডাৰ এজন ব্যক্তিয়ে ক্ৰয় কৰিছে। অৱশ্যে তেওঁৰ পৰিচয় প্ৰকাশ কৰা হোৱা নাই।
লগতে পঢ়ক: ট্ৰাক আৰু বাছৰ ভয়ংকৰ সংঘৰ্ষ; জীৱন্তে অগ্নিদগ্ধ হৈ কমেও ১১ জন নিহত, আহত ৩৮ জন
অনুমান কৰা হৈছিল যে হীৰা টুকুৰাটো ২১ নিযুত ডলাৰত বিক্ৰী কৰিব পৰা যাব পাৰে। শেষত নিলামত ইয়াৰ মূল্য দুগুণতকৈও অধিক উঠিছে।
ব্যয়বহুল ৰত্নসমূহৰ ভিতৰত গুলপীয়া হীৰা অতি বিৰল। ইয়াৰ পূৰ্বে ২০১৭ চনত এটুকুৰা গুলপীয়া হীৰা ৭১.২ নিযুত ডলাৰত বিক্ৰী হৈছিল। নিলামত বিশ্ব অভিলেখ গঢ়া গুলপীয়া হীৰা টুকুৰা চিটিএফ পিংক ষ্টাৰ হিচাপে পৰিচিত আছিল।





