দশেৰাৰ পৰম্পৰাগত ৰাৱণ দহনৰ অনুষ্ঠানত এইবাৰ নতুন সংযোজন ঘটাবলৈ সাজু হৈছে দিল্লীৰ এখন ৰামলীলা সমিতি। ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিমূৰ্তিৰ লগতে দহন কৰা হ’ব ৩০ ফুট উচ্চতাৰ এটা প্ৰকাণ্ড পঁইতাচোৰাৰ প্ৰতিমূৰ্তিও। এই সিদ্ধান্তক লৈ ইতিমধ্যে ৰাজনৈতিক মহলত আৰম্ভ হৈছে চৰ্চা। অৱশ্যে, আয়োজকসকলে এই পদক্ষেপৰ সৈতে ৰাজনীতিৰ কোনো সম্পৰ্ক নাই বুলি স্পষ্ট কৰি দিছে।
দিল্লীৰ পিতমপুৰাত শ্ৰী কেশৱ ৰামলীলা সমিতিয়ে প্ৰতিবছৰে ৰামলীলাৰ আয়োজন কৰে। সমিতিখনৰ মতে, পৰিচ্ছন্নতাৰ প্ৰয়োজনীয়তা আৰু স্বচ্ছ ভাৰত অভিযান তথা স্বচ্ছ দিল্লী অভিযানৰ বাৰ্তা জনসাধাৰণৰ মাজলৈ লৈ যোৱাই এই পদক্ষেপৰ মূল উদ্দেশ্য। লেতেৰা আৰু অপৰিচ্ছন্নতাৰ প্ৰতীক হিচাপে পঁইতাচোৰাৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হৈছে বুলি আয়োজকসকলে জানিবলৈ দিছে।
সমিতিখনৰ সভাপতি তথা বিজেপিৰ বিধায়ক অশোক গোৱেলে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, এই সিদ্ধান্তৰ আঁৰত কোনো ৰাজনৈতিক উদ্দেশ্য নাই। দশেৰাৰ মূল বাৰ্তা হৈছে অশুভ শক্তিৰ পৰাজয় আৰু শুভ শক্তিৰ জয়। সেই বাৰ্তাৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্ব প্ৰকাশ কৰিবলৈকে এইবাৰ ৰাৱণ দহনৰ কাৰ্যসূচীত পঁইতাচোৰাৰ প্ৰতিমূৰ্তি অন্তৰ্ভুক্ত কৰা হৈছে। ৰাৱণৰ সেনাত থকা অসুৰৰ ৰূপতো পঁইতাচোৰাক উপস্থাপন কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
অৱশ্যে, বৰ্তমান দিল্লীত চলি থকা ৰাজনৈতিক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপক লৈ আন এক ব্যাখ্যাও চৰ্চালৈ আহিছে। ৰাজনৈতিক বিশ্লেষকসকলৰ এটা অংশৰ মতে, পঁইতাচোৰাৰ প্ৰতিমূৰ্তিৰ জৰিয়তে প্ৰতিবাদী সংগঠন CJPক লক্ষ্য কৰি লোৱাৰ সম্ভাৱনা আছে। কিন্তু আয়োজকসকলে এই অভিযোগ নাকচ কৰিছে।
উল্লেখযোগ্য যে, প্ৰাক্তন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত NEET পৰীক্ষাক কেন্দ্ৰ কৰি CJPয়ে প্ৰতিবাদ আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া, অৰ্থাৎ SIR-ত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চলা প্ৰতিবাদতো সংগঠনটোৱে অংশগ্ৰহণ কৰে।
জুন আৰু জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰত এমাহতকৈ অধিক সময় ধৰি প্ৰতিবাদী কাৰ্যসূচী চলাইছিল CJPয়ে। ২০ জুলাইত সংগঠনটোৱে সংসদ ভৱনৰ দিশে সমদল উলিয়াইছিল। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছতো জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বিৰোধী দল আৰু ছাত্ৰ সংগঠনসমূহে চলোৱা আন্দোলনত সংগঠনটোৱে অংশ লৈছিল।
এই প্ৰতিবাদৰ অংশ হিচাপে যন্তৰ-মন্তৰত উপস্থিত হোৱা CJPৰ নেতা সৌৰভ দাস, আশুতোষ ৰাংকা আৰু অজিংক্য শিণ্ডেক দিল্লী আৰক্ষীয়ে আটক কৰিছিল। ইয়াৰ পিছতে শুকুৰবাৰে সংগঠনটোৱে পুনৰ চেণ্ট্ৰেল পাৰ্কত ‘লেহৰা দো ত্ৰিৰংগা’ কাৰ্যসূচী ৰূপায়ণৰ আহ্বান জনাইছে।
এফালে মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগৰ দাবীত প্ৰতিবাদ, আনফালে দশেৰাৰ ৰাৱণ দহনৰ অনুষ্ঠানত পঁইতাচোৰাৰ বিশাল প্ৰতিমূৰ্তি—দিল্লীৰ এই দুটা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে নতুন চৰ্চা। পঁইতাচোৰাৰ প্ৰতিমূৰ্তি দহনৰ আঁৰত কেৱল পৰিচ্ছন্নতাৰ বাৰ্তা আছে, নে ইয়াৰ মাজত কোনো ৰাজনৈতিক ইংগিতো লুকাই আছে, সেই লৈ বিভিন্ন মহলত মতভেদ দেখা গৈছে। অৱশ্যে, আয়োজকসকলে এই কাৰ্যসূচীক ৰাজনৈতিক বিতৰ্কৰ সৈতে জড়িত কৰাৰ কোনো যুক্তি নাই বুলি দাবী কৰিছে।





