গোপন কেমেৰাকলৈ দেশত পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিছুদিন পূৰ্বে চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীনিবাসত ছাত্ৰীৰ স্নান কৰাৰ ভিডিঅ’ ভাইৰেল হৈছিল। ঘটনাটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। উক্ত ঘটনা সন্দৰ্ভত বহু কেইগৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল।
সেই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ গুজৰাটৰ ছুৰাটৰ এখন মহাবিদ্যালয়ৰ ল’ৰাৰ শৌচাগাৰত চিচিটিভি লগোৱাৰ কথাই নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।
কৰ্তৃপক্ষৰ মতে শিক্ষাৰ্থীৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই শৌচাগাৰত চিচিটিভি লগোৱা হৈছে চুৰাটৰ ধাৰুকাৱালা মহাবিদ্যালয় চৌহদত অৱস্থিত অতমানন্দ সৰস্বতী বিজ্ঞান মহাবিদ্যালয়ৰ ল’ৰাৰ শৌচালয়ত চিচিটিভি স্থাপন কৰা হৈছে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে হুলস্থূলৰ সৃষ্টি হৈছে। ছাত্ৰ সংগঠন এবিভিপিয়ে মহাবিদ্যালয় পৰিচালনা সমিতিক বিষয়টোকলৈ সতৰ্ক কৰি দিছে আৰু ৪৮ ঘণ্টাৰ ভিতৰত ল’ৰাৰ শৌচালয়ৰ পৰা চিচিটিভি আঁতৰাবলৈ দাবী জনাইছে।
মহাবিদ্যালয় পৰিচালনা সমিতিয়ে ছাত্ৰসকলৰ নিৰাপত্তাৰ বাবেই বহু ঠাইত চিচিটিভি স্থাপন কৰাৰ কথা স্বীকাৰ কৰিছে। কিন্তু কৰ্তৃপক্ষই কিয় ল’ৰাৰ শৌচালয়ত চিচিটিভি স্থাপন কৰিছে তাকেলৈ উত্তেজনাৰ সৃষ্টি হৈছে।